পুনৰ যাত্ৰা আৰম্ভ কৰিলে। মানুহটোও পিছে পিছে যাবলৈ ধৰিলে। তাকে দেখি কাশীনাথে বোলে—
“তই আক’ মোৰ পিছ লৈছ কিয়?”
মানুহটোৱে ক’লৈ “প্ৰভু, মই খাই পাতফলা বিধৰ নহওঁ। আপোনাৰ ভাগৰ আহাৰকণ খাইয়ে মোৰ প্ৰাণ ৰক্ষা পৰিল। মই চিৰদিন আপোনাৰ গোলাম হৈ থাকিম।”
পোনতে কাশীনাথ মান্তি হোৱা নাছিল। পিছত তাৰ কথা পেলাব নোৱাৰি ক’লে—
“বল বাৰু।”
দুয়ো গৈ গধূলি পৰত গাঁও এখন পালেগৈ। তাতে মানুহ এঘৰত আলহী হ’ল। কাশীনাথে গণক বুলি পৰিচয় দিলে। গিৰিহঁতে আথে বেথে অতিথি থকাৰ দিহা কৰি দিলে৷
কাশীনাথে সেই গাঁৱতে থকাৰ ইচ্ছা প্ৰকাশ কৰাত গঁঞা ৰাইজে পঁজা এটি সাজি কাশীনাথক থকাৰ ব্যৱস্থা কৰি দিলে। বাটত লগপোৱা মানুহটোও কাশীনাথৰ লগতে লগুৱা হৈ থাকিবলৈ ল'লে৷
কাশীনাথে গণনা কৰা কাম আৰম্ভ কৰিলে। দুদিনমানৰ ভিতৰতে কাশীপণ্ডিতৰ নাম চাৰিওদিশে জনাজাত হৈ পৰিল। দূৰ-দূৰণিৰ পৰাও ধনী- মানী মানুহৰ সোঁত ববলৈ ধৰিলে। পণ্ডিতে ধনেৰে ভৰাল বান্ধিব পৰা হ'ল।
লাহে-লাহে কাশী পণ্ডিতৰ লোভ বাঢ়ি গ'ল। সৰহকৈ দান-দক্ষিণা দিব নোৱৰা মানুহবোৰলৈ পণ্ডিতে মূৰ তুলিয়েই নোচোৱা হ’ল। দুখীয়া মানুহবোৰে যাতে চোতালত ভৰি থবহি নোৱাৰে তাৰ কাৰণে তেওঁ লগুৱাক পিৰালিত বহুৱাই থবলৈ ধৰিলে। দীন-দুখী মানুহবিলাকৰ বিলৈ দেখি লগুৱাই পণ্ডিতক ক'লে—
“প্ৰভূ, ধনেৰে আপোনাৰ ভঁৰাল ঠাহ খাইছে, তথাপি দুখীয়া মানুহবিলাকৰ পৰা দক্ষিণা বিচাৰে কিয়?”
পণ্ডিতে ভেকাহি মাৰি বোলে—