সি সুধিলে—
—“কাকনো মূৰ্খ বুলিলা?’’
—“মোৰ ককাইক। মই তাক ঠগিলো। মই সবাতোকৈ বুধিয়ক। মোক
আজি আয়ে শলাগিব আৰু ককাইক মূৰ্খ বুলি গালি পাৰিব।”— এইবুলি
শহাটোৱে বৰপৰুৱাক তাৰ আহাৰ খোৱা বুধিটো বখানিলে। তাকে শুনি পৰুৱাই
ক'লে।
—“তোমাক আজি আয়েৰাই এশিকনি দিব।”
—“কিয়”? শহাই ফেপেৰি পাতি ক’লৈ।
—“তুমি সৰল ককায়েৰাক ঠগি বেয়া কাম কৰিছা।” — পৰুৱাই ক'লে।
দাম্ভিক শহাটোৱে ক'লে—
—“আয়ে আমাক শিকাইছে চতুৰ হ’ব নোৱাৰিলে জীৱনলৈ ভয়”।
পৰুৱাই বুজিনৰ সুৰত ক'লে—
“সেইয়া বিপদত নিজক ৰক্ষা কৰিবলৈহে কৈছে। পিছে, মই যাওঁ৷ শকত
আহাৰ এটা পাইছোঁ লগৰীয়াহঁতক খবৰ দিওগৈ।”
শহাই ক’লে—
“লগৰীয়াহঁতক কিয় খবৰ দিয়া? পেট পূৰাই খাই পেলোৱা।”
পৰুৱাই ক’লে—“আমি সকলো কাম লগে-ভাগে কৰিহে ভাল পাওঁ।”
“অকলে খোৱাৰ মজাই সুকীয়া। পিছে, তুমি অকণমানিটো হৈ কি
বুজিবা?” শহাই ইতিকিং কৰি ক'লে।
—“ডাঙৰ হ’লেই মগজো ডাঙৰ হ’ব নোৱাৰে”— পৰুৱাই গহীন হৈ
ক’লে।
পৰুৱাৰ কথা শুনি শহাৰ খং উঠি গ'ল। সি পৰুৱাক মাৰিবলৈ খেদি আহিল। পৰুৱাই শহাৰ নাকটোৰ কোমল অংশত কামোৰ মাৰি ধৰিলে। —“মৰিলো ঔ মৰিলো” শহাই আটাহ পাৰিবলৈ ধৰিলে৷ অলপ সময় পাছত কামুৰিবলৈ এৰি দি পৰুৱাই ক'লে—
“সৰু হ’লেও আমাৰ বল বহুত বুজিছা? সেইদৰে আমাৰ মনটোও ডাঙৰ। সেয়েহে আমি সকলো মিলি-জুলি থাকো। কাৰণ একতাৰ সমান ডাঙৰ বল নাই।”
পৰুৱাৰ কামোৰত তত্ নেপাই শহাই পাছলৈ নোচোৱাকৈ ভিৰাই লৰ মাৰিলে। তাৰ অৱস্থা দেখি পৰুৱাই হাঁহি হাঁহি হাঁহি বাগৰি পৰিল।