পৃষ্ঠা:মোৰ সোঁৱৰণী (Mor Sonwaroni).pdf/৩৬৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সপশম লগ ৩৪৩ তোৰলৰ তালমান মিলাই, বেহেলা, চেতা, তানপুৰ, পেপা, মুলী, খৰী আদি সম্মিলিত বানৰ ঐক্য সুৰৰ চেয়ে চেৱে গম দি সেই খুলন্তৰ নমন্ত পণ্ডিত গায়ক গৰাকীয়ে গভীৰ আধ্যাত্মিক ভাবৰ বিমোহন গীত গাই তাৰ কলি সামৰণৰ ছেদে-ছেদে “ৰাম-ৰা” নামৰ মোখনী লগাই, সমবেত ৰাইজক দোহাৰিবলৈ দি, কি যে এটি মৰ্মস্পৰ্শী হৃদয়গ্ৰাহী সমজুৱা ভাষৰ হেনোলনি তুলিছিল, সেই বিষয় স্বৰূপকৈ বৰ্ণাবলৈ কথা বিচাৰি নাপাওঁ। কিন্তু সুমৰি চালে সি আজিকোপতি মোৰ মন-প্ৰাণ ৰসময়ী ভক্তিভাবত তন্ময় কৰি তোলে। মঙ্গলাচৰণ গীত-বাস্থৰ সামৰণৰ লগে লগে বিৰাট সভা মণ্ডপ ক্ষন্তেক নিজম পৰিল। তন্ময়ী আনন্দ উপভোগৰপৰা সাৰ পাই ধৰ্মপ্ৰাণ ভক্ত জনমণ্ডলীয়ে আনন্দাশ্ৰু টুকিবলৈ ধৰিলে। সেই ছেগতে, অসম হিন্দু-মহাসভা বৈঠকৰ আদৰণী সভাৰ সভাপতি গড়মূৰীয় সত্ৰাধিকাৰ গোস্বামী প্ৰভুৰে বেদীপাৰ্শ্বস্থ আসনৰপৰা উঠি সুগভীৰ মৰাল গতিৰে অগ্ৰসৰ হৈ সুসজ্জিত ওখ বক্তৃতা-ভেটিত থিয় দি সসম্ভমে তেখেতৰ জ্ঞানগৰ্ভ অসমীয়া অভিভাষণ সুললিত সুৰেৰে পাঠ কৰিবলৈ ধৰিলে। ভিন্ ভিন্ প্ৰদেশী সেই বিৰাট জন-সমাজৰ মাজত ভালেমানে ঋসমীয়া ভাষা বুজা হেতুকে, সভাপতিৰ অভিভাষণৰ প্ৰতি বাক্য পাঠ ছেদে-ছেদে তাৰ ইংৰাজী তমা শুনাই যাবলৈ বুলি এজন বিশিষ্ট গ্ৰেজুৱেট বক্তা নিয়োগ কৰা হৈছিল; কিন্তু তেওঁৰ কণ্ঠস্ব ক্ষীণ আৰু তৰ্জমা খৰতৰ আৰু নিয়াৰি নোহোৱা হেতুকে, মোৰ প্ৰস্তাৱ অনুসৰি, সেই কাৰ্যৰ বাবু মিঃ তৰুণৰাম ফুকন বাৰিষ্টাৰ চাহাবৰ ওপৰত অপিত হয়। প্ৰত্যুৎপন্নমতি স্বৰূপ- অনুবাদক উচ্চকন্ঠ সুবক্তা ফুকনদেৱে সমবেত শ্ৰোতা ৰাইজে বিশদকৈ শুনাকৈ শুৱলা ইংৰাজী ভাষাত সুস্পষ্ট উচ্চাৰণেৰে পাঠৰ লগে লগে বাক্যৰ ছেলে-ছেদে বিৰতি নোহোৱাকৈ সেই গভীৰ আধ্যাত্মিক ভাবৰ অভিভাষণটিৰ সৰল ব্যাখ্যা দি যাবলৈ ধৰিলে। শোতা মণ্ডলীয়ে একাণপতীয়াকৈ মনপাৰি শুনি শুনি তন্মধুভাবত বিমোহিত হোৱা প্ৰত্যঙ্গে দেখা গৈছিল। ডেৰঘণ্টামান পাঠ কৰি সেই আৱাহন-সমিতিৰ সভাপতিৰ অভিভাষণৰ সামৰণি মাৰি সভাপতি গোসই প্ৰভুৱে পুলকিত চিত্তেৰে বক্তৃতামঞ্চৰপৰা নামি নিৰূপিত নিজানত পুনৰপি উপবিষ্ট তুহি। | আৱাহন-সমিতিৰ সভাপতিৰ অভিভাষণ পাঠৰ সামৰণি পৰাত, সমবেত ৰাইজৰ নিস্তব্ধতা ভাঙি, আউৰি-জাউৰি হাত চাপৰিৰ আনন্দধ্বনিৰ উলাহত আপুত হৈ হিন্দু-মহাসভা বৈঠকৰ নিৰ্ধাৰিত মূল সভাপতি হিন্দুশাস্ত্ৰবিশাৰ ভাৰত-ভাস্কৰ সুপ্ৰখ্যাত পণ্ডিত মদনমোহন মালব্য মহোদয়ে হাতত সভাপতিৰ অভিভাষণ লৈ ধীৰু-গম্ভীৰ গজেন্দ্ৰ-গমনেৰে গতি কৰি বক্তৃতা মঞ্চত সনম্ৰ নমঃকাৰেৰে জিলিকি উঠিলগৈ; সমবেত ৰাইজৰ উলীকৃত উচ্চৰৰ মাৰ গৈ পৰি জিমষোবাৰ সদৃশে ক্ষন্তেকমান মিজম পৰিল। অভাৱশত কোকিলকষ্টীয়া সুৰেৰে বয়োজ্ঞানবৃদ্ধ পৰম শ্ৰদ্ধেয় পণ্ডিত মালব্যদেৱে সভাপতি অভিভাষণৰ পাতনি ধীৰ-গহীন-গম্ভীৰ অৰেৰে পাঠ কৰিবলৈ ধৰাত সমবেত ৰাইজে একা পতীয়া মযোগৰে শুনিবলৈ ধৰিলে।।