পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/৯৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫
অষ্টম আধ্যা

আছিল। বাগিচা দুখনকে ভালকৈ চলাবলৈ গোলাপক শিৱসাগৰলৈ আনি সিংদুৱাৰত ঠাই দিয়া হ’ল। সিফালে কলিকতাত গোবিন্দ ককাইদেৱে ভায়েক গোলাপক কেনেকৈ বিলাতত ডাক্তৰী পঢ়ুৱাই ডাঙৰ ডাক্তৰ কৰি আনিব, তাৰ উপায় উদ্ভাৱন কৰিবলৈ ধৰিলে। তেওঁ ভাবিলে, তেওঁ স্বাধীন হৈ ধন ঘটিব পাৰিলে আৰু কালৈকো অপেক্ষা নাৰাখি তেওঁৰ সঙ্কল্প কাৰ্যত পৰিণত কৰিব পাৰিব; ইয়াকে ভাবি তেওঁ বি-এ পৰীক্ষা দিবলৈ বাট নাচাই চতুৰ্থ বাৰ্ষিক শ্ৰেণীৰপৰা পঢ়া পৰিত্যাগ কৰি কলিকতাৰ হাইকোৰ্টত অসমীয়া-ট্ৰেন্সলেটৰ কামত সোমাল। কঁকালত এইদৰে বল বান্ধি লৈ তেওঁ ভাযেক গোলাপক আকৌ কলিকতালৈ আনিবলৈ তলে তলে চেষ্টা কৰিবলৈ ধৰিলে। গোলাপে চাহ বাগিচা দুখন ভালকৈ চলাবলৈ সৰহকৈ কুলী সংগ্ৰহ কৰি আনিব লাগে বুলি পিতৃদেৱতাক বুজাই তেওঁৰপৰা অনুমতি লৈ কছাৰী কুলী আনোগৈ বুলি গুৱাহাটী পালেহি। গুৱাহাটীতে তেওঁ দিনচেৰেক থাকি সুৰুক কৰে কলিকতা ওলালহি। গোবিন্দ ককাইদেওৰ ইচ্ছা পূৰ্ণ হ’ল; তেওঁ ততালিকে গোলাপক আকৌ মেডিকেল কলেজত সুমাই দিলে।

 ইয়াৰ পিছত গোবিন্দ ককাইদেৱে ভায়েকক বিলাতলৈ পঠিয়াই দিলে আৰু নিৰুপায় পিতৃদেৱতা বিষাদত মগ্ন হ’ল। ভায়েক গোলাপক ষোল অনা ডাক্তৰ কৰি অনাৰ আগতে দৈবদুৰ্বিপাকত গোবিন্দৰ চাকৰি গৈ অৱস্থাৰ পৰিৱৰ্তন হ’ল; ফলত বিলাতত খৰচৰ অভাৱত ভায়েক দুখত পৰিল। তেতিযা পিতৃদেৱতা আৰু বৰ ককাইদেও ব্ৰজনাথে যথাসাধ্য ধনেৰে গোলাপক সহায় কৰিছিল যদিও, তথাপি যথোচিত খৰচৰ টকাৰ অভাৱত তেওঁৰ দুখ নহৈ নাথাকিছিল। যি হওক, দুখকষ্টত পৰিও গোলাপে গ্লাছগো আৰু এডিনবৰাৰ পৰা ডাক্তৰী পৰীক্ষাত উত্তীৰ্ণ হৈ এল-আৰ্‌-চি-পি, এল্‌- এফ-পি-চি উপাধি লভি, ভাৰতবৰ্ষলৈ উভতি নাহি, পোনেই দক্ষিণ-আমেৰিকাৰ বৃটিছ গিযেনাৰ মাৰা আৰু ডেমেৰেৰ নামৰ ঠাইত চিভিল ছাৰ্জনৰ কাম লৈ গ’ল। অনেক বছৰ তেওঁ বৃটিছ-গিয়েনাত সুখ্যাতিৰে চাকৰি কৰি আছিল। এইডোখৰ কালত তেওঁ লাহে লাহে ঘৰলৈ চিঠি-পত্ৰ দিবলৈ এৰি দি, শেহত একেবাৰেই অঃফুট হ’ল। অনেক বছৰ আমি তেওঁৰ খবৰ পোৱা নাছিলোঁ। মই এণ্ট্ৰেঞ্চ পাছ কৰি কলিকতালৈ আহি অনেক চেষ্টা কৰি তেওঁৰ খবৰ উলিয়াই তেওঁলৈ চিঠি লেখি শেহত উত্তৰ পালোঁ। মোৰ মহা আনন্দ হ’ল। পিতৃদেৱতাকে আদি কৰি সকলোৱে মোৰপৰা গোলাপৰ খবৰ শুনি পৰমানন্দিত হ’ল।

 গোলাপ ককাইদেৱে অকল যে মোলৈ চিঠিকে লিখিবলৈ ধৰিলে এনে নহয, কলিকতাত মোৰ পঢ়া খৰচৰ অৰ্থে মাহে মাহে ২৫/৩০ টকাকৈ নিজ ইচ্ছাতে পঠিয়াবলৈ ধৰিলে। আসাম গৱৰ্ণমেণ্টৰপৰা মই কুৰি টকাকৈ স্কলাৰ্শ্বিপ পাইছিলোঁ; সেই দেখি এতিয়াৰপৰা মোৰ আয় মাহে ৪০/৫০ টকাকৈ হবলৈ ধৰিলে। তৃতীয় বাৰ্ষিক শ্ৰেণীৰ গুৰিৰেপৰা মেষ-ৰশীয়া মোৰ বৰ্ষফল—আয়, ব্যয়, স্থিতিৰ ঘৰ সুখকৰ আৰু