পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/৯৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪
মোৰ জীৱন-সোঁৱৰণ

“আপনাৰা এইখানেই নেমে যান, গাড়ী প্ৰায় দশ মিনিট দাঁড়াবে। অমুক সময় দাৰ্জ্জিলিং থেকে একখানা গাড়ী আসবে। সেই গাড়ীতে ফিৰে যাবেন। ষ্টেশ্যন মাষ্টাৰকে আপনাদেৰ ভুলে কথা বল্লেই ষ্টেশ্যন মাষ্টাৰ certify কৰে দেবেন, আৰ ভাড়া লাগবে না।” এইবুলি তেওঁলোকৰ এজন আমাৰ লগতে গৈ ষ্টেশ্যন মাষ্টৰক সেই কথা কৈ আমাক বিনা-কেৰেয়াত সাৰাঘাটলৈকে উভতি যাবলৈ অনুৰোধ কৰিলে। আমি গাড়ীৰপৰা তাতে নামি কেবা ঘণ্টা ৰৈ থাকি সেইৰূপেই আমাৰ এই হাঁহি উঠা ওলোটা যাত্ৰা সমাপণ কৰিলোঁ। জীৱনত মোৰ উগ্ৰ চাহাবীয়ে এই প্ৰথম ঢকা খালে, মোৰ শিক্ষা হ’ল নে নহ’ল ক’ব নোৱাৰো, কিন্তু হোৱাটো হলে উচিত আছিল। গোসাঁয়ে পিছত অনেক লোকৰ আগত মোৰ এই কথা কৈ অনেক দিনলৈকে মোক জোকাই ৰং কৰিছিল।

 আগতে উনুকিয়াই আহিছোঁ পিতৃদেৱতাই দুই পুতেক গোবিন্দ আৰু গোলাপক কলিকতাত পঢ়িবলৈ পঠিয়াইছিল। গোলাপ ককাইদেও ৰুগীয়া। কলিকতাত সততে তেওঁৰ গা বেয়া হৈ থকা লেখি তেওঁক কলিকতাত থাকি পঢ়াৰপৰা এৰুৱাই নি লাহে লাহে আসামতে কামকাজ এটাৰ দিহা কৰাটো ভাল হবনে নহয দেউতাই বিবেচনা কৰি আছিল , এনেতে এটা ডাঙৰ কাৰণ ওলাই দেউতাৰ দোদুল্যমান মনক দৃঢ় কৰি দিলে। ঘুনুক ঘানাককৈ বাতৰি ওলাল, যে দীননাথ বেজবৰুৱাৰ পুতেক গোলাপে মনে মনে কলিকতাৰ মেডিকেল কলেজত ভৰ্ত্তি হৈ ডাক্তৰী পঢ়িছে। পুতেকৰ এনে অভাৱনীয় ব্যৱহাৰত দেউতা স্তম্ভিত হ’ল। ডাক্তৰী পঢ়িলে মৰা শ কাটিব লাগিব। মৰা শ কটা ছিঙা কৰিলে হিন্দুৰ, বিশেষকৈ বামুণৰ জাত যায়, এই মত আৰু বিশ্বাস আসামত দৃঢ়মূল। একালত বঙ্গদেশতো এনেকুৱাই আছিল। সেইদেখি প্ৰথমতে যিজন বঙ্গালী হিন্দু ছাতৰে সাহ কৰি কলিকতাৰ মেডিকেল কলেজত ভৰ্ত্তি হৈ কাৰ্যত হস্তক্ষেপ কৰিছিল তেওঁৰ উৎসাহ আৰু সন্মানৰ অৰ্থে ফ’ৰ্ট উইলিয়েম দুৰ্গৰপৰা বৰটোপ এজাঁই মৰা হৈছিল। সেই ছাতৰজনৰ নাম মধুসুদন। দেউতাই পুতেকক ডাক্তৰী পঢ়িবলৈ অনুমতি নিদিয়াটো ধ্ৰুৱ নিশ্চয; বৰং তেওঁৰ বিনা অনুমতিত পুতেক তেনে কাৰ্য কৰিবলৈ গলে চুড়ান্ত অঘটন ঘটাব, এই কথা দুই পুতেক গোবিন্দ আৰু গোলাপে ভালকৈ জানিছিল; সেইদেখি এই কাৰ্য তেওঁলোকে অতি সংগোপনে কৰিবলৈ গৈছিল। কিন্তু এনে খবৰৰ মুখত সোপা দি ৰাখিবৰ সাধ্য কাৰ? দেউতাই তৎক্ষণাৎ গোলাপ ককাইদেওক ঘৰলৈ উভতি যাবলৈ আদেশ দি পঠিয়ালে। নিৰুপায় গোলাপ অচিৰতে শিৱসাগৰত ওলালগৈ। পিতৃদেৱতাই পুতেকক আৰু কলিকতালৈ নপঠিযাবলৈ থিৰাং কৰি পৰাচিত কৰাই শুদ্ধ কৰি লৈ শ্ৰীযুত গঙ্গাগোবিন্দ ফুকন ডাঙৰীযাৰে সৈতে পৰামৰ্শ কৰি গোলাঘাটত এটা ইংৰাজী স্কুল পতাই তাৰ হেডমাষ্টৰ পতাই দিয়ালে। ফুকন ডাঙৰীয়া তেতিয়া গোলাঘাটত হাকিম হৈ আছিল। স্কুলৰ লাগ বান্ধ নোহোৱা অৱস্থাৰ গতিকে গোলাপ ককাইদেওৰ স্কুল-মাষ্টৰীয়া জীৱনৰ অচিৰতে ওৰ পৰিল। শিৱসাগৰত পিতৃদেৱতাৰ সিংদুৱাৰ আৰু ৰজাবাৰী নামেৰে দুখন চাহ বাগিচা