শুনিছিলো, শম্ভু মুখুৰ্জীয়ে ওৰে-ৰাতি কানিৰ টিকিৰা পুৰি, তেওঁৰ “ৰেইজ এণ্ড ৰায়েৎ”-কাকত লিখে আৰু বেলি দুপৰলৈকে শুই থাকি আবেলিৰ পৰা সজাল ধৰি ৰাতি কাকত লেখিবলৈ সাজু হয়। শুনা কথা, সঁচা-মিছা নাজানো। মোৰ একো একোবাৰ মনত খেলাইছিল যে শম্ভু মুখুৰ্জীৰ নিচিনা বাছকবনীয়া ইংৰাজী লেখিবলৈ দুই-চাইটা কানিৰ টিকিৰা পুৰিব লাগিব। কিন্তু বাস্তৱিকতে কানি খোৱাটো বৰ হেয কাৰ্য বুলি মোৰ সদায় ধাৰণা, সেই দেখি, সেই সঙ্কল্প nebulous অৰ্থাৎ এৱাঁ অৱস্থাতে এৰি, কাৰ্যকালত যি হয় এটা কৰা যাব বুলি থৈছিলো। এতিযা এন্-এন্ ঘোষৰ লগতে শম্ভু মুখুৰ্জীকো বিদায দি মোৰ অসমীয়াৰ ইংৰাজীৰ গঢ়ৰ ফালে সতা-কথা এৰি দিলো। দশন-শাস্ত্ৰৰ তৰ্কত মই দুই মুনিহে আঁকোৱালি নোপোৱা ইমান ডাঙৰ তাৰ্কিক হৈ পৰিছিলো যে মোৰ তৰ্কৰ বা’মাৰলীত তেত্ৰিশ কোটি দেৱতাৰে সৈতে হিন্দুৰ ঈশ্বৰ, মাইকেল্ গেব্ৰিয়েল আৰু মোল্লা মৌলাধৰে সৈতে হজৰত মহম্মদৰ আল্লা-হো-আকবৰ আৰু ভাৰ্জিন মেৰীৰ সৈতে যীশু-খ্ৰীষ্টৰ “গ্ৰেট ফাদাৰ গড”ৰ সিংহাসন উৰি গৈ বিশ্বব্ৰহ্মাণ্ডৰ ভিতৰত থাকিবলৈ ঠাই নাপাই বাহিৰৰ ক’ৰবাত পৰিছিলগৈ। সৃষ্টি কৰিলে ঈশ্বৰে, ঈশ্বৰক কৰিলে কোনে? এই প্ৰশ্নৰ উত্তৰ মোক কোনেও দিব নোৱাৰিলে দেখি মই, ঈশ্বৰ আছে যদি য’তে মন ত’তে থাওক, তেওঁক আমাক নেলাগে বুলি সিদ্ধান্ত কৰি ওফোন্দ পাতি ফুৰিবলৈ ধৰিলো। কলিকতা চহৰৰ য’তে যি বিষয়ৰ public lecture অৰ্থাৎ সৰ্বসাধাৰণৰ উপস্থিতি-প্ৰাৰ্থক বক্তৃতা হৈছিল, ৰ’দেই হওক বা বৰষুণেই হওক, ত’তে শৰ্মা টো টো কৰে ওলাইছিলগৈ; আৰু বক্তৃতাৰ ভিতৰৰ ভাল ভাল কথাবোৰ নোট বুক এটাত সংক্ষেপকৈ টুকি আনি ঘৰত পাগুলিছিলহি; আৰু বক্তৃাৰ যিবোৰ কথা তেওঁৰ মনে-চিতে নাখাইছিল, সেইবোৰৰ বিষয়ে তুমুল আলোচনাৰ ধোঁৱা উৰাই দি তেওঁৰ মেছবাসী লগৰীয়াসকলৰ চকু ধুঁৱলী-কুঁৱলী কৰি দিছিল।
ইংৰাজী etiquette অৰ্থাৎ দস্তুৰত দোৰস্ত নোহোৱা বঙ্গালীযে কোনো নতুন মানুহেৰে সৈতে দেখা হলে “মহাশয়েৰ নামটা কি?” “মহাশয়েৰ নিবাস কোথায়?’’ “কি কৰেন?” “কত মাহিয়ানা পান?” ইত্যাদি অশিষ্ট (rude)—অৱশ্যে কোনো বেয়া অভিপ্ৰাযেৰে বা ৰুক্ষ হবৰ মনেৰে নহয়—প্ৰশ্ন কৰি আলাপ-পৰিচয়টো জমজমাই লব খোজে; কাৰণ তেনে কৰাটোত যে কোনো অন্যায বা অসঙ্গতি আছে, সেইটো তেওঁলোকৰ মনত নেখেলায। নতুন চাহাব এই লেখকে কোনো কোনো নিৰীহ বঙ্গালী ভদ্ৰলোকৰপৰা তেনে প্ৰশ্ন শুনি কিলাবলৈ কেইবাবাৰো উঠাও মনত আছে। পৰাপক্ষত সেই দেখি ৰেলত বা ট্ৰেমগাড়ীত লৰোঁতে তেওঁ কোনো বঙ্গালী ভদ্ৰলোকেৰে সৈতে কথা নাপাতিছিল আৰু কোনোবাই তেওঁৰে সৈতে কথা পাতিব খুজিলেও তেওঁ এনে গোমোঠা-মুৱা হৈছিল যে কথা পাতিব খোজোঁতাই আৰু কথাৰ শৰাই লৈ এখোজো তেওঁৰ ফালে আগ বাঢ়িব নোৱাৰিছিল। এদিনৰ আৰু এটা ঘটনাৰ পিছত তেওঁৰ এই গঢ়ে আৰু ভীষণ মূৰ্তি ধৰিলে। গধূলি “হাৱা খাব’’ৰ মনেৰে এদিন তেওঁ কলিকতাৰ গোলদীঘিৰ পাৰৰ বেঞ্চ এখনত অকলে বহি আছে। এনেতে এজন আদহীয়া বঙ্গালী