পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/৯৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৯
অষ্টম আধ্যা

বাৰ্ক, পিট, ফক্স, দাদাভাই নৌৰজী, সুৰেন্দ্ৰ বানাজী; দৰ্শনত বেইন, হিউম, বেন্থাম, শ্যেলি; সমাজ সংস্কাৰত ৰানাডে, কেশব সেন; স্ত্ৰী-শিক্ষাত ছিডনি স্মিথ; গীতি- কবিতাত বাইৰন, শ্যেলি, কীটছ, টেগৰ; আৰু মহাকাব্যত মিল্‌টন, মধুসূদন হৈ নিজৰ মনৰূপী মহাকাশত প্ৰকাশ হলোঁ। মোৰ মনত মিল্‌টনৰ পেৰেডাইজ লষ্টৰ নিচিনা মহাকাব্য এখন ৰচনা কৰিবৰ মহাভাৱ এটাৰ সঁচা-সঁচিকৈয়ে ‘পযদা’ হ’ল। এদিন তুলাপাত কিনি আনি বহী এখন বান্ধি লৈ সঁচা-সঁচিকৈয়ে মই মাইকেলী ধৰণেৰে অমিত্ৰাক্ষৰ ছন্দত মোৰ কল্পিত মহাকাব্যৰ একুৰি-ছঅৰা পদৰ শাৰী লেখি পেলালো। আকাশ-লঙ্ঘা কল্পনাৰ কাকিনী-তামোলৰ আগত লগা তামোলথোকাৰ পকা তামোল এটাৰ সেই বেটুটো মই ক’ত হেৰুৱালো ক’ব নোৱাৰো, আজি সেইটো বিচাৰি পোৱাহেঁতেন জীৱন-সোঁৱৰণৰ পাঠকসকলৰ চকুৰ আগতে সেইটো থৈ “মাইওচিন-যুগ’’ৰ (Miocene Age) এই মহাকবিৰ মহাকাব্যৰ তামোলথোকা কেনেকুৱা হ’লহেঁতেন তাৰ আভাস দিব পাৰিলোহেঁতেন। শ্যেক্সপীয়েৰৰ হেমলেট, কিং জন, হেন্‌ৰী আৰু মিডছামাৰ নাইটছ-ড্ৰীম্‌ কলেজত মোৰ পাঠ্য আছিল। ভাবিলো মযো তেনে অপূৰ্ব নাট খনচেৰেক অসমীযাত ৰচনা কৰি অসমীয়া সাহিত্য-ভঁৰালত যুগমীয়া কীৰ্তি থৈ যাম। ইয়াকে ভাবি, প্ৰথমতে হেমলেটৰ আৰ্হিত “হেমচন্দ্ৰ” নাম দি নাট এখন লেখিবলৈ মনস্থ কৰি, ভাৱৰীয়া-ভাৱৰীয়ানীৰ নামবোৰ থিৰ কৰি, প্ৰথম অঙ্কৰ দুটা কি তিনিটা দৰ্শন লেখি পেলালোঁ। আকৌ ভাব-সাগৰত আন ঢৌ উঠিল, “হেমচন্দ্ৰ’’ক সেইখিনিতে ‘দম’ লবলৈ এৰি থৈ, মিডছামাৰ নাইটছ ড্ৰীমৰ নিচিনা আন এখন নাট ৰচনাত হস্তক্ষেপ কৰিলো। এইখনৰ নামকৰণ কৰা হ’ল “দিনৰ সপোন”। ইয়াৰো এখুটুৰা বাছি থৈ এৰি আন কিবা এটা ঢৌত খৰ মাৰি দিলো।

 শম্ভুচন্দ্ৰ মুখুৰ্জীৰ “ৰেইজ এণ্ড ৰায়েৎ” আৰু বাৰিষ্টৰ-প্ৰফেছৰ এন্‌ এন্ ঘোষৰ “ইন্ডিয়ান নেশ্যন” নামৰ কাকত দুখনৰ ইংৰাজী লেখাৰ গঢ় মোৰ বৰ ভাল লাখিছিল। দুইখন কাকতৰ মই গ্ৰাহক হৈ ললো আৰু তাৰ ইংৰাজী বাক্যবচনবোৰ যথাসাধ্য মুখস্থ কৰিবলৈ ধৰিলো। মনে মনে থিৰ কৰিলো যে বি-এ পাছ কৰি অঁতাই তেনে গঢ়ৰ এখন সাদিনীয়া অসমীয়া-ইংৰাজী বাতৰি কাকত উলিয়াই দিম; তাৰ নাম থম “অসমীয়া—The Assamese”। এইখিনিতে কওঁ যে মই সুৰেন্দ্ৰ বাবুৰ বৰ admirer ( ভক্ত) আছিলো। মহাৰাণীৰ বৰ নাতিয়েক প্ৰিঞ্চ এলবৰ্ট ভিক্টৰৰ ভাৰত- আগমণৰ উপলক্ষে কোনো এটা ভাল কাৰ্য কৰিবৰ নিমিত্তে যেতিয়া কলিকতাত আন্দোলন উপস্থিত হ’ল, তেতিয়া এন্‌-এন্‌ ঘোষৰ “ইণ্ডিয়ান নেশ্যনে’’, সুৰেন্দ্ৰ বাবুৰ “লেপাৰ এছাইলাম” স্থাপন কৰিবৰ প্ৰস্তাৱৰ বিৰুদ্ধাচৰণ কৰি বাজী পোৰা আৰু বাইজী নচুৱাৰ প্ৰস্তাৱ সমৰ্থন কৰিবলৈ ধৰিলে। সেই দেখি এন্এ‌ন্‌ ঘোষৰ ওপৰত মোৰ খং উঠিল আৰু তেওঁৰ কাকতৰ ওপৰত থকা মোৰ ভক্তিৰ কফুৰফেৰা উতি গ’ল। মই “ইণ্ডিয়ান নেশ্যন’’ কাকতৰ গ্ৰাহকৰ শাৰীৰপৰা নাম কটালো। শম্ভু মুখুৰ্জীৰ কাকতৰ বিষয়তো সেই কথাই ঘটিল। এইখিনিতে অবান্তৰভাৱে কওঁ যে