পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/৯২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮
মোৰ জীৱন সোঁৱৰণ

কৰিবলৈ ধৰিলোঁ। এদিন আমাৰ দেশৰ এজন ব্যৱসায়-বাণিজ্য কৰোঁতা ভদ্ৰলোক বন্ধুৱে মোৰ সৈতে দেখা কৰিবলৈ আহি, মোক সেই মেমেৰা গোলাপ গছ কেইজোপা এইদৰে “টব’’ত ৰুই যত্ন কৰা দেখি মিচিকিয়া হাঁহি মাৰি ক’লে, “বাৰু এইকেইডাল টবত ইমানকে যত্ন কৰি ৰুই কি লাভ হৈছে? ইয়াতকৈ যদি তিনিজোপা মৰিচৰ গছ ইয়াত ৰুলাহেঁতেন তেন্তে ভাত খাবলৈ দুটা-চাৰিটা মৰিচকে পালাহেঁতেন।” কথাষাৰ মোৰ আমঠু সৰকি গ’ল; ভাবিলোঁ কি unpoetic মন্তব্য! ইয়াৰ কিছুদিনৰ পিছত মোৰ ইমান আপ্ডাল সত্বেও গোলাপ গছ কেইজোপা হালধীয়া পৰি মৰি গ’ল। ভাবিলো, গোলাপে ব্যৱসাযী বন্ধুৰ সেই নিদাৰুণ, নিৰ্মম মন্তব্য শুনি অভিমানত প্ৰাণ পৰিত্যাগ কৰিলে।

 মোৰ তৰ-চেঙেলী মনটোক লৈ এইদৰে কলৰ-জপৰ কৰি থাকোঁতেই, এদিন দলঙত শাল মাছ পৰাদি ঘপহ কৰে পাৰিলো—প্ৰেমত। নকলেও হব যে এজনী সুন্দৰীৰ। হায, কি চকু, কি মুখ, কি চুলি! আহা কি ৰূপ। অৱশ্যে সেই কালৰ মোৰ হৈহে এই “হায়’’! “হায়’’! “আহ”! “ইহি”! বোৰ উচ্চাৰিত। ভাবিলোঁ, এই বস্তুটিকে আজি অত দিন মই হাবাথুৰি খাই বিচাৰি ফুৰিছিলোঁ। তেতিয়াই ঠাকুৰ কবিৰ গান মোৰ মুখেদি ফুটি ওলাল—

আমাৰ পৰাণ যাহা চায়,
তুমি তাই, তুমি তাই গো!
তোমা ছাড়া আৰ এ জগতে
মোৰ, কেহ নাই কিছু নাইগো!

 মোৰ হৃদযত ভাবৰ লহৰী উঠিল। আন সকলো চিন্তা-চৰ্চা সেই লহৰীযে উটাই নিলে। ৰূপহীৰ আগত নিবেদন জনালোঁ

তোমাৰ সকলি ভাল লাগে
ওই ৰূপৰাশি!
ওই খেলা, ওই গান, ওই মধু হাসি
ওই দিয়ে আছ ছেয়ে জীৱন আমাৰি,
কোথায় তোমাৰ সীমা ভূবন মাঝাৰে!

 কিন্তু ৰূপহী নিমাত। অথচ ৰূপহীৰ মুখৰ ভাব-ভঙ্গীত মোৰ সকলো নিবেদনৰ সঁহাৰি পাওঁ। যি হওক, নিমাতী কন্যাৰ উদ্দেশ্যে ইংৰাজী, বঙ্গলা, অসমীয়া এই তিনি ভাষাত প্ৰেম-কবিতা (love poem) ৰচনা কৰি মোৰ কলেজ ক্লাছৰ নোট লেখা এক্সছাইজ বহীকেইটা ভৰাই পেলালোঁ। তেতলাৰ চালত অকলৈ অকলৈ ভৰি চলাই জাত লগাই ইংৰাজী গান ধৰোঁ—

 Her hands are white as sdow
O white as snow!
O Brignal banks are wild and fair
Greta woods are green!