প্রথম আধ্যা
সম্পৰ্কীয় ককা এজন আছিল, তেওঁৰ নাম ৰবিনাথ মাজুদলৰ বৰুৱা। তেওঁৰ ঘৰ
যোৰহাটৰ পকামৰা মৌজাত। তেওঁ যদিও সম্পৰ্কত আমাৰ ককা, কিন্তু বয়সত
আমাৰ দেউতাতকৈ অনেক সৰু। তেওঁ আমাৰ ধেমালিৰ লগৰীয়া, কাৰ্যৰ অভিভাৱক,
সাধু কথাৰ কুকি আৰু মহাভাৰত, ৰামায়ণ, পুৰাণ আদিৰ গল্পৰ টোপোলা আছিল।
তেওঁ আমাক গধুলি পুৰাণ, মহাভাৰত, ৰামায়ণ আদিৰ পৰা ভাল ভাল উপাখ্যান
সাধুকথাৰ গঢ়েৰে এনে মনমোহকৈ বণইি কৈছিল, যে আমি শুনি পৰমানন্দ ভি তো
হৈ থাকোহক।পৰাণৰ কাহিনীৰ বাহিৰেও ককাই আমাক ৰজা, প্ৰজা, ভূত, প্ৰেত
আদিৰ সাধও কৈ আমোদ আৰ, ভন্ন প্ৰদান কৰিছিল। আমি কান্দিলে, তেওঁ
‘বৰবঢ়া’, ‘মাজুবঢ়া' আৰু 'সৰুবুঢ়া' এই তিনি বুঢ়াৰ সাধুত এনে ৰহণ সানি
ভয়ঙ্কৰকৈ কৈছিল যে আমি শুনি কন্দা এৰি ভয়তে টেপা খাইছিলোহঁক। এদিন
আলিবাটেদি যোৱা এটা অদ্ভুত গঢ়েৰে কাপোৰ পিন্ধা ডটীয়া বঢ়া মানুহ দেখি তেওঁ
আমাক মাতিলে, “ল’ৰাহত। চাহকচোন, সৌটো মাজু বুঢ়া যাব লাগিছে।‘’ আমি
লৰি গৈ ‘মাজ বুঢ়া’ক সোঁ শৰীৰেৰে যোৱা দেখা পাই এনে ভয় খাইছিলোঁ যে আমি
কন্দাকটা, ডেওপৰা আৰু দুষ্টালিৰ সৈতে এমাহমানলৈকে সম্পৰ্ক পৰিত্যাগ কৰি
ছিলোহঁক, আৰু আমাক ধৰি নিবলৈ মাজু বুঢ়াক যেন তেওঁ আৰু, নকয়, আমি আৰু
কেতিয়াও নাকান্দো, দুষ্টালি নকৰোঁ, এই কথা দঢ়াই দঢ়াই কৈ ককাক কাবৌ
কৰিছিলোঁ। আমাৰ সৰ্বতোভাৱে এনে পৰাজয় আৰু নিজৰ জয় ককাই সম্পূৰ্ণৰূপে
উপভোগ কৰিছিল। কিন্তু পৰাজয়ৰ হীনতাৰ ভাব আমাৰ মনত সৰহ দিন স্থায়ী
হোৱা নাছিল, আৰু হোৱাটো সম্ভৱো নহয়। অচিৰতে আমাৰ বাঢ়োঁতা কুমলীয়া মনৰ
পছোৱাত মাজুবুঢ়া আহিছে বুলিলেই আমি মাজুবুঢ়াক সাং কৰিবলৈ লাখুটি
জোকৰা হৈ উঠিলোঁ।
সুবিধা পালেই আমি ককাক জোকাবলৈ নেৰিছিলো। আমি বালকবৃন্দই এদিন তেওঁৰ মূৰত দুডাল কি এডাল পকাচুলি আৱিষ্কাৰ কৰিলোহঁক। একে জাপেই তেওঁৰ কাষৰপৰা আঁতৰি আমি দল বান্ধি হাত চাপৰি বাই নাচি গাবলৈ ধৰিলোঁ—“ককা বুঢ়া হ’ল। ককা বুঢ়া হ’ল।” যদিও ককাই ততালিকে আমাৰ হতুৱাই পকা চুলি কেইডাল নিৰ্মূল কৰোৱালে, তথাপি সেইদিনাৰ পৰা আমি দূৰৰ পৰা ফকৰা এটা মাতি তেওঁক জোকাই তেওঁৰ খং তুলিবলৈ আৰু তেওঁক আমাৰ ফালে চোঁচা লোৱা দেখি গিৰ্জনি মাৰি হাঁহি ফিৰিঙতি ভগাদি ভাগি পলাই পত্ৰং দিবলৈ নাপাহৰিছিলোঁ। ককাক আমনি কৰা ফকৰাটো আমি ল’ৰাবোৰৰ ভিতৰৰ কাৰো দ্বাৰায় বিৰচিত নহয়, কাৰণ তেনে ৰচনা সেই বয়সত আমাৰ দ্বাৰা ৰচিত হোৱাটো সম্ভৱ নাছিল। ককাৰ মূৰত পফা চুলিৰ আকস্মিক আৱিৰ্ভাবৰ বাতৰি আমাৰ পৰা অৱগত হৈ ককাৰ কোন বিপক্ষ দলৰ কোন প্ৰতিভাশালী ৰসিকে ককাৰ পকা চুলিৰ বিৰুদ্ধে সেইটো ৰচনা কৰি আমাক শিকাই দিছিল মোৰ মনত নাই, কিন্তু ককাৰ খং তুলি চাবৰ সপক্ষে এনে ব্ৰহ্মাস্ত্ৰ আমাৰ হাতত আৰু আন এটা নাছিল ।