বালিৰ কাকতত পেঞ্চিলেৰে যি লেখি গৈছিলাে, কাটি-কুটি নুশুধৰােৱাকৈয়ে নাইবা ভাল কাকতত নকল নকৰাকৈয়ে তাকে ছপা কৰিবলৈ শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালাৰ হাতত মনে মনে গুজি দিছিলাে; আমাৰ বন্ধু-বৎসল আগৰৱালাই সম্পাদকীয় বা কাৰ্যাধ্যক্ষীয় নিয়মাৱলীৰ কোনাে বাণকে সেই কুন্ধচ লেখাৰ বিপক্ষে টোণৰপৰা নাটানি, হাঁহি মাৰি তাক হাত মৈলি লৈ গৈ তপতে তপতে “জোনাকী”ৰ বুকুত সুমাই দিছিল।
প্রথম সংখ্যা “জোনাকী”তে আগবৱালাৰ “বনকুঁৱৰী” কবিতাটি ওলায়। যিসকলে আগেযে ভাবিছিল যে অসমীয়া ভাষাত বর্তমান কালৰ উপযোগী শুৱলা কবিতা (poem) লেখিব নােৱাৰি, এই কবিতা পঢ়ি সেই সকলৰ ভ্ৰান্তি গ’ল। মনত আছে, এদিন ৰায়বাহাদুৰ জগন্নাথ বৰুৱা বি-এ আৰু মাণিকচন্দ্ৰ বৰুৱাই মােৰ হতুৱাই “বনকুঁৱৰী” কবিতাটো পঢ়াই শুনি বিস্ময-বিমিশ্রিত আনন্দ লভিছিল। মই স্পষ্ট বুজিব পাৰিছিলাে যে তেওঁলােকে আগেযে ভাবিবকে নােৱাৰিছিল যে ৱৰ্ডছৱৰ্থৰ কবিতাৰ নিচিনা এনে মনােৰম কবিতা এটা কলেজত পঢ়া অসমীযা ছাতৰ এজনে অসমীয়া ভাষাত ৰচনা কৰিব পাৰে। ইয়াৰ পিছত দ্বিতীয় সংখ্যা “জোনাকী’’ত শ্রদ্ধাস্পদ বন্ধু শ্ৰীযুত হেমচন্দ্র গােস্বামীৰ “কাকো আৰু হিযা নিবিলাওঁ” নামৰ প্ৰেমৰ কবিতা ওলাল। এই কবিতাযো অনেকৰ মনত সন্তোষ দিছিল। ৺ঘনশ্যাম বৰুৱাৰ (ৰাযবাহাদ ৰ) গদ্য প্রবন্ধ “আত্মশিক্ষা”, “চিন্তানল”ৰ শ্ৰীযুত কমলাকান্ত ভট্টাচাৰ্যৰ “পাহৰণি” কবিতা আৰু সম্পাদক আগৰবালাৰ মকুতাৰ মণিৰ নিচিনা “নীযৰ” কবিতাই এই বছৰৰ “জোনাক”ক সুবেশ আৰু সুগম্ভীৰ কৰি তুলিছিল।
দ্বিতীয বছৰত জোনাকীক, ১০ নং আৰ্মেনিযান ষ্ট্ৰীটৰ পৰা ২ নং ভবানীচৰণ দত্ত লেনৰ অসম ছাতৰৰ মেছলৈ তুলি অনা হয। শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালাও তেওঁলােকৰ আৰ্মেনিযান ষ্ট্ৰীটৰ ঘৰৰপৰা আহি সেই মেছবাসী হ’ল। তাতে আগৰৱালা, শ্ৰীযুত হেমচন্দ্র গােস্বামী আৰু এই লেখক এই তিনি অস্তৰঙ্গ বন্ধুৰ একত্র সমাবেশ ঘটিল , আৰু তিনিও “জোনাকী”ৰ উন্নতি কাৰ্যত ব্যস্ত হৈ পৰিলোহঁক। এই ত্ৰ্যহস্পৰ্শৰ ফলত “জোনাকী” প্রবন্ধসম্পদেৰে চহকী হৈ উঠিল। ৺ৰত্নেশ্বৰ মহন্তৰ “অসমত মান”, ৺লম্বােদৰ বৰাৰ “অসমীযা ভাষাৰ আখৰ-জোঁটনি’’, ৰাযবাহাদুৰ গুণাভিৰাম বৰুৱা ডাঙৰীযাৰ “সৌমাৰ ভ্ৰমণ”, বিষ্ণুপ্ৰসাদ আগৰৱালাৰ “শঙ্কৰদেৱ” কোলাত লৈ “জোনাকী”যে ৰাইজৰ সভাত প্রৱেশ কৰিলে। এই লেখকৰ “কৃপাবৰ বৰুৱাৰ কাকতৰ টোপােলা” এই দ্বিতীয় বছৰৰ “জোনাকী”ৰ এসংখ্যাতে আৰম্ভ হয়। এবছৰৰ জোনাকীৰ চেষ্টাই অসমীযা ভাষাৰ কঁকালত অনেক বল দিলে , আৰু ভাষা- আকাশত পুৱাৰ পােহৰ পৰিল। অসমীয়া ভাষাটো আমাৰ অলাগতিয়াল বস্তু, কিছুমান ইংৰাজী শিক্ষিত অসমীযাৰ যে এনে এটা অদ্ভুত সংস্কাৰ আছিল, সেইটোৱে বৰকৈ জোকাৰ খালে। এই শাৰীৰ মানুহকে লক্ষ্য কৰি দ্বিতীয় বছৰৰ “জোনাকী’’ৰ “আত্মকথা”ত লেখা হৈছিল-“দুখৰ বিষয-অসমীয়া ভাষাটো যে আমাৰ লাগতিয়াল, তাক কোনাে কোনাে অসমীয়াই দকৈ গমি নেচাই উপলুঙা কৰে।••••••হায়! হায়!
৬