পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/৮৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০
মোৰ জীৱন-সোঁৱৰণ

ধৰিবলৈ আশা কৰিব নোৱাৰি। আমি নিজকে নিজে “যোগ্য” নকৰিলে অন্যে কৰি নিদিয়েহি। এই সংসাৰেই হৈছে যোগ্যৰ ঘৰ। অযোগ্য অধঃপাতলৈ যাব—Survival of the fittest—পাঠকে দায় নধৰিব, এইখিনিতে সুন্দৰ ইংৰাজী কথা এফাকি তুলি দিলো, তাৰ অৰ্থ ওপৰত দিয়া হৈছে। তুঁহৰ জুইৰ দৰে অসমীয়াৰ “তেজ“ আৰু উৎসাহ এতিয়া ভাগ্যৰ জাপৰ তলত লুকাই আছে—এবাৰ ভমকাই উঠিবই উঠিব।

 এবাৰ বঙ্গদেশৰ বৰ্দ্ধমানত বহা ‘প্ৰভিঞ্চিয়েল কনফৰেঞ্চ’ত সুপ্ৰসিদ্ধ বেৰিষ্টাৰ এ. চৌধুৰীয়ে (পিছত ছাৰ আশুতোষ চৌধুৰী নাইট্‌, কলিকতা হাইকোৰ্ট জজ) কৈছিল “A subject nation has no politics” অৰ্থাৎ পৰাধীন জাতিৰ ৰাজনীতি বুলি এটা বস্তু নাই , অৰ্থাৎ পৰাধীন জাতিয়ে ৰাজনীতি চৰ্চা কৰাটো বিড়ম্বনা মাথোন। সেইকালত এই নতুন বচন শুনি ভাৰতত ৰাজনৈতিক আন্দোলন কৰোঁতা- সকল জ্বলি উঠিছিল। বোম্বাইৰ সিংহ ছাৰ ফিৰোজ স্যাহ-মেহটা, দিন্ ছা ৱাচা, আনকি মহামতি গোখলেও আৰু বেঙ্গলৰ সুৰেন্দ্ৰনাথ বানুৰ্জী প্ৰভৃতিয়ে এই বচনৰ (dictum) দুৰ্ঘোৰ প্ৰতিবাদ কৰিছিল। কিন্তু তেওঁলোকে প্ৰতিবাদকে কৰক বা খঙকে কৰক, এইটো ঠিক যে এই বচনৰ সত্যতা সকলোৱে আনকি তেওঁলোকেও হাড়ে-হাড়ে মজ্জায় মজ্জায অনুভৱ নকৰি নাথাকিছিল। আচৰিত কথা নহয় নে, প্ৰবীণ ৰাজনৈতিকৰ মুখৰপৰা ওলোৱাৰ অনেক কালৰ আগেযেই, অল্প-বয়সীযা ছাতৰ “জোনাকী”ৰ সম্পাদক শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালাৰ ল’ৰা-মুখৰপৰাও এই কথাই ওলাইছিল?

 ওপৰত কৈ আহিছো যে প্ৰথম বছৰৰ “জোনাকী”ৰ প্ৰতি সংখ্যাতে মোৰ “লিটিকাই” ওলাইছিল। ন লেখাৰু আৰু ন বোৱাৰী একেখন ফলিতে উঠে। ন লেখাৰু মই; সেই দেখি মোৰ “লিটিকাই” পঢ়ি লোকে কি ক’ব, কি বুলিব, এই ভযত মই চক্‌ খাই ফুৰিছিলো। কোনোবাই “জোনাকী”ত ওলোৱা “লিটিকাই”ৰ কথা উলিয়ালে মই সেই ঠাইৰপৰা উঠি সুৰ সুৰ কৰে পলাইছিলো আৰু পলাব নোৱাৰিলে লাজত অধোবদন হৈছিলো; অথচ লোকে কি কষ শুনিবৰো নথৈ মন। যি হওক “লিটিকাই“ পঢ়ি সকলোৱে ৰং পোৱা দেখি মোৰ উছাহ বাঢ়িছিল। কোনোৱে নেদেখাকৈ লুকাই মই “লিটিকাই” ৰচনা কৰিছিলো। “লিটিকাই” কবিতা নহয়; ৰচোঁতাজন কবিযশ-প্ৰাৰ্থীও নহয়। গতিকে কলিকতাৰ ইডেন উদ্যানেৰে সৈতে “লিটিকাই” আৰু “লিটিকাই“ ৰচক বাপুদেউৰ কি সম্বন্ধ লাগিছিল আজিলৈকে মই ভাবি নাপাওঁ। কিন্তু ভাবৰপৰা আঘাইতং লিটিকাষে ইডেন গাৰ্ডেনৰ গছৰ তলত বাপুদেউৰ “চূণ খাই মৰিব’’ খুজি বাপুদেউৰ গাত শুদ্ৰ-বধ পাতক লগাবলৈ গৈছিল। কথাষাৰৰ বাকলি গুচাই কেঁওটো কাটি ভিতৰখন দেখুৱাবলৈ গলে ক’ব লাগিব যে শনিবাৰ-দেওবাৰৰ দিনা মই ইডেন উপবনৰ নিজান গছৰ তলত, বেঞ্চৰ ওপৰত বহি “লিটিকাই“ৰ একো আধ্যা লেখি লৈ মোৰ থকা ঠাই মেছলৈ উভতি আহিছিলো। “লিটিকাই’’ সাধুটো মনত আছিল; গতিকে ভাবি-চিন্তি কোনো ‘প্লট’ plot নগঢ়ি একেবাৰেই লেখি গৈছিলো। প্ৰথমতে