এই। আঁহতগুৰিৰ কাষৰ ব্ৰহ্মপুত্ৰৰ সেই ভাতৰন্ধা বালি কেতিয়া তল গ’ল,সেই বালিৰ পৰা,সেই চাপৰি খহাই শান্তনুকুলনন্দন আমোঘা-গৰ্ভসস্তুত লৌহিত্যই আকৌ কেতিয়া তাক ক’ত পাতিলে, মোৰ ভাৰসহোঁতা ব্ৰহ্মপুত্ৰৰ সেই চলন্ত পানী কলৈ বৈ গ’ল, কাঠৰ সেই নাওখন মোৰ জন্ম কুন্ধিটিৰে সৈতে কেতিয়া কত পচি ভাগি ছিগি কোন পঞ্চভূতত বিলীন হ’ল, কোনে জানে, কোনে ক’ব পাৰে? হয়তো ব্ৰহ্মপুত্ৰৰ সেই চলন্ত পানী সাগৰত পৰি, কালক্ৰমত উভতি আকাশলৈ উঠি, ডাৱৰ হৈ বতাহৰ কোবত আকৌ ব্ৰহ্মপুত্ৰত বৰষুণৰূপে পৰি বৈ গৈ আকৌ সমুদ্ৰত পৰি, আকৗ কতবাৰ সেই পৰিৱৰ্তনৰ খেল খেলিছে আৰু হয়তো তাৰে এটোপা গোটাদিয়েক কৃষ্ণবৰ্ণ দ্ৰব্যৰে সৈতে মিশ্ৰিত হৈ আজি এই লেখকৰ মৈলামত সোমাই কাপৰ আগেদি ওলাই এই তুলাপাতত লেখকৰ জীৱন-সোঁৱৰণ লেখাৰ সহায়ক হৈ পৰিছে, কোনে জানে, কোনে ক’ব পাৰে?
বৰপেটাত পিতৃদেৱতা মুনচিফ হৈ তিনিবছৰমান আছিল। বৰপেটাৰ স্মৃতিৰ ভিতৰত মোৰ মাথোন চাৰিটা কথা ধুৱঁলি-কুৱঁলীকৈ মনত আছেঃ
১ম টো। — বৰপেটাত বাৰিষা বছৰি নৈৰ পানীৰ ঢলে চহৰখন প্ৰায় তল নিয়ায়। এবাৰ তেনেকুৱা ঢলত আমাৰ ঘৰৰ চোতালতো একাঁঠুৱা পানী হৈছিল,আৰু সেই পানীত নামি মই মোৰ লগৰীয়া ভাগিন আৰু ককাইদেওসকলেৰে সৈতে ওৰে দিনটো খেদ খেদাই আছিলো। সেই কথা গধূলি দেউতাই কাছাৰীৰ পৰা আহি শুনি তেওঁলোকক আৰু মোকো ধৰি চেকনিৰে কোবাইছিল।
২য় টো। — তেনেকুৱা বৰপানীত কৰবালৈ দেউতাৰে সৈতে আমি নাৱেৰে যাওঁতে দেখিছিলোঁ,কিছুমান বনৰীয়া ম'হ সাঁতুৰি গৈছিল, আৰু দূৰৈৰ পৰা সিহঁতৰ কলা শিংবোৰ মাথোন দেখা গৈছিল।
৩য় টো।– দেউতাৰে সৈতে আমি বৰপেটাৰ কীৰ্তন ঘৰলৈ গৈছিলো। কীৰ্তনঘৰৰ বৰখুঁটা, বৰগচা, আৰু কথিত অৰ্থাৎ বহল পিৰালিত বহি বুঢ়ী ভকতনীসকলে নাম গোৱা দেখিছিলো। কীৰ্তনঘৰৰ বিষয়ে এই তিনিটা কথাৰ সাঁচ আজিলৈকে মোৰ মনত পৰি আছে।
৪ৰ্থ টো – সত্ৰৰ হাটীত বৰবাহৰ আতৈৰ বহাৰ ভিতৰত হাতীখুজীয়া বাটিত ম'হৰ এঠা দৈ গাখীৰ আৰু এখামোচ গুৰেৰে সুন্দৰকৈ কোমলা বোকা-চাউল বা কোমল চাউলৰ জলপান খাইছিলো।
বৰপেটাৰ পৰা পিতৃদেৱতা তেজপুৰলৈ বদলি হৈ আহে,আৰু লগে লগে তেওঁৰ