পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/৬৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
মোৰ জীৱন-সোঁ‌ৱৰণ

কথা ফেনাই ফেনাই কোৱাকে কৈ, বঙ্গালী বক্তাই বক্তৃতা দিয়ে সেইটোহে মই ভালকৈ নিৰীক্ষণ কৰি লৈছিলোঁ‌, কাৰণ মোৰ বৰ ইচ্ছা হৈছিল, ময়ো যেন তেনেকুৱাকৈ বক্তৃতা দিব পৰা হওঁ। বাস্তৱিকতে, ইয়াৰ পিছত মোৰ ইচ্ছা সফল কৰিবৰ মনেৰে মই অনেক দিনলৈকে, বাটে-পথে হাবিয়ে-বননিয়ে আৰু; ঘাইকৈ বৰগছৰ তলত থিয় হৈ হাত জোকাৰি, টেঁ‌টু-ফটা চিঞৰেৰে একেটা শব্দকে একেটা বাক্যকে, তাৰ যিমানবোৰ প্ৰতিশব্দ আৰু, অনুৰূপ বাক্য বিচাৰি পাইছিলোঁ সেইবোৰ লগাই দি বক্তৃতা দি ফুৰিছিলোঁ। অৱশ্যে কোৱা বাহুল্য যে বয়োজ্যেষ্ঠসকলক মই অতি সতৰ্কভাৱে দূৰতে পৰিহাৰ কৰি মোৰে নিচিনা বক্তা-যশ-প্ৰাৰ্থী চেঙ্গেৰা বন্ধু দুজন-চাৰিজনক আৰু মৌনী-শ্ৰোতা তৰু-তৃণ বৃক্ষ-বল্লবীক লৈহে মোৰ বক্তৃতাৰ বিৰাট সভা সংগঠন কৰিছিলোঁ।

 ইয়াৰ পিছত শিৱসাগৰত ব্ৰাহ্মধৰ্মৰ বিপক্ষে অসমীয়া হিন্দু ভদ্ৰলোকসকলৰ ৰাগ- দ্বেষাদি ভাব (feelings) প্ৰবল হৈ উঠিল আৰু তেওঁলোক সঙ্ঘবদ্ধ হ’ল। আমাৰ স্কুলত থাৰ্ডমাষ্টৰ শ্ৰীযুত গোপালচন্দ্ৰ ঘোষ যদিও আনুষ্ঠানিক বা দীক্ষিত ব্ৰাহ্ম নাছিল, তথাপি তেওঁ শিৱসাগৰীয় ব্ৰাহ্মধৰ্মৰ পৃষ্ঠপোষক হৈ উঠিল। তেওঁৰ ঘৰতে দেওবৰীয়া ব্ৰাহ্মসমাজৰ অধিবেশন হবলৈ ধৰিলে। এই ব্ৰাহ্মসমাজৰ অধিবেশনলৈ কোনো হিন্দু, অসমীয়া গ’লেই তেওঁ হিন্দু সমাজৰ দ্বাৰাই দণ্ডিত হৈছিল। পিতৃ- দেৱতা এই বিষয়ত বৰ সজাগ আছিল আৰু দুই-চাৰিজন ডেকাক সেই দোষত দোষী পাই, তেওঁ দণ্ডও বিহিছিল। এই নিমিত্তে পিতৃদেৱতাৰ প্ৰতি দণ্ডিতসকলৰ আক্ৰোশ জন্মিল। তেওঁলোকৰ ভিতৰত ষড়যন্ত্ৰ চলিল, কেনেকৈ তেওঁলোকে পিতৃদেৱতাক জব্দ কৰিব পাৰে। আগেয়ে কৈ আহিছোঁ যে শ্ৰীনাথ ককাইদেও হোজা স্বভাৱৰ ল’ৰা আছিল। চৰকাৰী আলিৰ কাষতে গোপাল বাবুৰ ঘৰ। এদিন গোপাল বাবুৰ ঘৰত ব্ৰাহ্মসমাজৰ বক্তৃতা হৈ থাকোঁতে বাটেদি শ্ৰীনাথ ককাইদেও গৈছিল। সঁ‌চা-মিছা ক’ব নোৱাৰো তেওঁ হেনো কৌতুহলৰ বশবৰ্তী হৈ বাটৰপৰা এফলীযা কাটি ক্ষন্তেক থিয় হৈ ব্ৰাহ্মসমাজৰ বক্তৃতাত কাণ দিছিল। এই ৰৌটোকে ঢৌটো কৰি দণ্ডিতাগ্ৰজসকলৰ ফালৰপৰা পিতৃদেৱতাৰ আগত অভিযোগ উপস্থিত কৰা হ’ল যে তেখেতৰ পুতেক শ্ৰীনাথেই অমুক দিনা গোপাল বাবুৰ ঘৰৰ ব্ৰাহ্মসমাজত যোগ দিছিল। দেউতাই এই অভিযোগ শুনি পুতেকৰ supposed অথাৎ কল্পিত কাৰ্যৰ দ্বাৰাই নিজক অত্যন্ত অপমানিত বোধ কৰি, তেতিয়াই শ্ৰীনাথ ককাইদেওক মাতি আনি ধৰি বেতেৰে বৰকৈ কোবাই দিলে। বেচেৰা শ্ৰীনাথ ককাইদেৱে আত্মসমৰ্থনৰ অৰ্থে যি ক’বলৈ গৈছিল, সেই কথা তেওঁৰ মুখতে থাকিল আৰু বাজ হবলৈ নাপালে। বপুৰাই বিনা দোষতে মাৰ খালে।

 বছৰদিষেকৰ মূৰত ব্ৰাহ্মধৰ্মৰ প্ৰতি গোপাল বাবুৰ নিষ্ঠা উতি গ’ল, তেওঁ ব্ৰাহ্মৰ মোটটো সলাই পেলাই দি আকৌ হিন্দু সমাজত সোমাল। সিফালে কলিকতাত পণ্ডিত ৰামকুমাৰ বিদ্যাৰত্নৰো তথৈবচ। তেওঁ ৰামানন্দ স্বামীয়েই কি আন কিবা এটা