॥ষষ্ঠ আধ্যা॥
পণ্ডিত ৰামকুমাৰ বিদ্যাৰত্ন নামেৰে এজন ব্ৰহ্মধৰ্মপ্ৰচাৰক বঙ্গালীয়ে ব্ৰাহ্মধৰ্ম প্ৰচাৰ কৰিবৰ নিমিত্তে অসমৰ জিলাই জিলাই বক্তৃতা দি ফুৰিছিল। বিদ্যাৰত্ন “সাধাৰণ ব্ৰহ্ম-সমাজৰ’’ প্ৰচাৰক আছিল। তেওঁ স্থুলোদৰ আৰু দীৰ্ঘশ্মশ্ৰুবিশিষ্ট আছিল। বাস্তৱিকতে তেওঁৰ ডাঢ়িকোছা ইমান দীঘল আছিল যে এহেজাৰৰ ভিতৰত ন-শ নিৰান্নবইটা মানুহৰ মুখত তেনে দীঘল ডাঢ়িৰ হাবি সতকাই বিচাৰি পোৱা নাযায়। হেনো ধুবুৰীতে নে গুৱালপাৰাতে—মোৰ মনত নাই—বিদ্যাৰত্নৰ সুদীৰ্ঘ শ্মশ্ৰুকে লক্ষ্য কৰি, এজন অহৌবলীয়া হিন্দুৱে, হিন্দু ধৰ্মৰ বিপক্ষে তেওঁৰ বক্তৃতা শুনি, বক্তৃতাৰ সভাতে থিয় হৈ ভৰিৰে মাটিত গেৰোহনি মাৰি, বিদ্যাৰত্নৰ বক্ততাৰ সুৰতে সুৰ মিলাই, হাত-মূৰ জোকাৰি চিয়ঁৰি কৈছিল—“লম্বা লম্বা ডাঢ়ি লইয়া যাঁহাৰা বক্তৃতা কৰিতে আসেন, তাঁহাদেৰ বুকে পদাঘাত! মাথায় পদাঘাত!’’ শিৱসাগৰৰ ইংৰাজী স্কুলঘৰতে বিদ্যাৰত্নই ব্ৰাহ্মধৰ্মৰ বিষযে বঙ্গলা ভাষাৰে এটা ডাঙৰ বক্তৃতা দিলে। সেই বক্তৃতাৰ পিছত শিৱসাগৰীয়া ডেকা ল’ৰা আৰু স্কুলীয়া ছাতৰৰ ভিতৰত এটা উদ্বেগৰ আন্দোলন উঠিল। গতি বিষম দেখি, পিতৃদেৱতাৰ নেতৃত্বত হিন্দু- অভিভাৱকসকল ৰামকুমাৰ বাবুৰ বিপক্ষে থিয হ’ল। আমাৰ হেডমাষ্টৰ ৺চন্দ্ৰমোহন গোস্বামী “ফিলচফাৰ’’ মানুহ, কোনো ধৰ্মকে তেওঁ আমোল নিদিছিল। তেওঁৰ ধৰ্ম মাথোন জ্ঞানোপাৰ্জন। তেওঁ দুই পক্ষৰ মাজত যুঁজ লগাই দি ৰং চাবৰ মনেৰে হিন্দুধৰ্মৰ ফালৰপৰা ব্ৰাহ্মধৰ্মৰ উত্তৰ গাবলৈ, পিতৃদেৱতাৰে সৈতে পৰামৰ্শ কৰি শ্ৰীযুত তুলসীৰাম বৰুৱা পণ্ডিতক তুলি দিবলৈ ঠিক কৰিলে। তুলসীৰাম বৰুৱা শিৱসাগৰৰ নৰ্মাল স্কুলৰ হেডপণ্ডিত আৰু হিন্দুধৰ্মশাস্ত্ৰবিদ। সংস্কৃততো তেওঁৰ ব্যুৎপত্তি আছিল। অসমীষা “হেমকোষ” আৰু “অসমীযা ব্যাকৰণ” ৰচোঁতা সুবিখ্যাত ৺হেমচন্দ্ৰ বৰুৱাৰ তেওঁ ভাষেক। হিন্দুৰ প্ৰাচীন ক্ৰিয়াকাণ্ড আৰু অনুষ্ঠান আদিত তুলসী পণ্ডিত অতি অনুৰাগী মানুহ আছিল। ব্ৰাহ্মণৰ জাত্যাভিমানৰ ষোল অনা দাবী তেওঁৰ “আৰ্জিত’’ সদায থাকে। বঙ্গালী ৰামকুমাৰ পণ্ডিতৰ বক্তৃতাৰ সাদিন- মানৰ পিছত সেই ইংৰাজী স্কুলঘৰতে আমাৰ অসমীয়া তুলসীৰাম পণ্ডিতক হিন্দু ধৰ্মৰ সপক্ষে এখন ৰচনা পঢ়িবলৈ তুলি দিয়া হ’ল। কোৱা বাহুল্য যে ৰামকুমাৰ বাবু সেই সভাত উপস্থিত আছিল। তুলসীৰাম পণ্ডিতৰ ৰচনা পঢ়াৰ ওৰ পৰিলতে ৰামকুমাৰ পণ্ডিতে একেজাপেই উত্তৰ দিবলৈ উঠিল, আৰু লগে লগে সিংহনাদেৰে মেদিনী কঁপাবলৈ ধৰিলে। তেওঁৰ বক্তৃতাৰ চিয়ঁৰে শ্ৰোতাসকলৰ কাণ তাল মাৰিলে। পণ্ডিত বিদ্যাৰত্নই পণ্ডিত বৰুৱাৰ বক্তৃতাৰ যুক্তি-তৰ্ক কিমানদূৰ খণ্ডন কৰিছিল, ক’ব নোৱাৰোঁ, কাৰণ সেই ফালতকৈ তেওঁৰ চিয়ঁৰ-বাখৰ আৰু হাত-মূৰ জোকাৰৰ ফালেহে মোৰ ঘাইকৈ মন আছিল। কেনেকৈ চিয়ঁৰি-বাখৰি, হাত-মূৰ জোকাৰি,