প্ৰচণ্ড মূৰ্ত্তি দেখিয়েই, আপোনাৰ সম্মিলিত শক্তিৰ মহিমা পাহৰি ভয়ত জড়ভৰত হৈ পৰে। বাস্তৱিকতে এই দৈত্য দিতিৰ পুত্ৰ নহয়, ভাৰতবাসীৰ মানস-পুত্ৰহে। ভাৰত-বাসীক ‘বনৰ বাঘে খোৱা নাই, মনৰ বাঘেহে খাই মাৰিছে।” যিদিনাই ভাৰতবাসীয়ে এই মায়াপী মনৰ বাঘটো বধিব পাৰিব সেই দিনাৰপৰাই ভাৰতবাসীৰ সুদিন উভতি আহিব। যি হওক, শিৱসাগৰৰ সেই ৰাজহুৱা নামঘৰলৈও কিছুদিনৰ পিছত দলাদলিৰ সূত্ৰপাত হ’ল। তথাপি দেউতা যিমান দিন জীযাই আছিল, তেওঁ অকলে এশ হৈ সেই নামঘৰ ৰক্ষা কৰি তাৰ কাৰ্য সুচাৰুৰূপে চলাই আছিল।
সম্ভৱতঃ বৰপেটাৰ তিথিৰাম বায়নৰ বঙ্গলা যাত্ৰাগানৰ “পালা” দেখি, শিৱসাগৰৰ অসমীয়া ভদ্ৰলোকসকলৰ ভিতৰত বঙ্গলা যাত্ৰাগান কৰিবৰ ধুম উঠিল। ফুকন মুক্তানাথ খাজাঞ্চী ভিনীহিদেওৰ নেতৃত্বত আৰু দুই-চাৰিজন বঙ্গালীৰ সাহায্যত ৰাধাৰ মানভঞ্জনৰ “পালাৰ“ আখৰা চলিবলৈ ধৰিলে। গানৰ উছাহৰ ঢৌৱে শিৱসাগৰত দল্ দোপ্হে ন্দোল্ দোপ্ লগাই দিলে। কিছুমান অসমীয়া ল’ৰাক “গানৰ ছোকোৰা” কৰা হ’ল আৰু দুই-চাৰিজন অসমীযা আদহীয়া ভদ্ৰলোকে দুই-এজন বঙ্গালী ভদ্ৰলোকেৰে সৈতে হাতত বেহেলা লৈ “ওস্তাদ” হৈ উঠিল। অসমীয়া ল’ৰাই—“দেখে যা গো চন্দ্ৰাৱলী, কোঞ্জ (কুঞ্জে) দুৱাৰে (দ্বাৰে) বনমাল”—বুলি কঁকাল ঘূৰাই যেতিয়া গানৰ সভাত নাচিবলৈ ধৰিলে, অসমীয়া দৰ্শকৰ আনন্দৰ পাৰ নোহোৱা হ’ল। বছৰচেৰেক এই গানৰ ঢৌৱে শিৱসাগৰ, যোৰহাট আৰু গোলাঘাটক কোবাই, তাৰ সৰু হেন্দোলনিবোৰ দূৰৰ চাহ-বাগিচাবোৰৰ বৰমহৰী, সৰুমহৰী, হাজিৰা মহৰী, পাত-মহৰীৰ মাজলৈ সুমাই দি আৰু ওচৰৰ নদীযাল, বৃত্তিয়ালৰ ভিতৰৰ ডেকা ল’ৰাবোৰৰ গাত খলক লগাই, সেইবোৰৰ ভিতৰত ক্ষুদ্ৰ ক্ষুদ্ৰ গানৰ পালা একোটা সৃষ্টি কৰি দি বঙ্গলা গানৰ অসমীয়া শৰাধ কৰাই আপোনা-আপুনি মাৰ গ’ল৷ ওপৰত কোৱা হেন্দোলনিৰ ফলত বঙ্গলা যাত্ৰাগনৰ অনুৰাগী হোৱাসকলৰ গানৰ এফাকি-দুফাকি এতিযাও মোৰ মনত আছে; যেনে—
(১) ওৰে গা—ভীসৰ!
কবে হাম্বা-আ-ৰব,
দেখ গা—ভী-ই স—অ--ব।
(২)ঐ দেখ বকোলেৰ (বকুলেৰ) মূলে।
সন্দ্ৰোদয় (চন্দ্ৰোদয়) কি ভো—ও—তলে (ভূতলে)।
(৩) ৰাধাৰোমণ ( ৰাধাৰমণ) হে বোল বোল (বল বল) বিৱৰণ।
কাৰ কোঞ্জে (কুঞ্জে) চুখ ( সুখ) ভোজে (ভুঞ্জে)
নিচি ( নিশি) কৈলে জাগৰণ॥
ভাদ মাহত শ্ৰীশঙ্কৰদেৱৰ আৰু বদুলা আতাৰ তিথি হয়। এই তিনি তিথিক
“ভাদৰ তিনি কীৰ্ত্তনো’’ বোলে। আমাৰ ঘৰত এই তিনি কীৰ্ত্তন দিনে-ৰাতিয়ে তিনি
দিন ব্যাপি মহাসমাৰোহেৰে কৰা হৈছিল। তিথিৰ দহ-বাৰ দিনৰ আগৰেপৰা উছাহত