১৮৯১ খ্ৰীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰীত সি প্ৰাণত্যাগ কৰে। পিতৃদেৱতাৰ মূৰত হঠাৎ আকাশী চৰগ ভাগি পৰিল। কিন্তু এনে বিপদতো তেওঁৰ প্ৰশান্ত মূৰ্ত্তি আৰু ধৈৰ্য দেখি সকলোৱে আচৰিত মানিছিল। তেওঁ মাথোন এষাৰ কথা কৈছিল—“ঈশ্বৰৰ ইচ্ছা নহয় যে আসামত আমাৰ ঘৰত বংশানুক্ৰমে চলি অহা বেজৰ বিদ্যা থাকে।” মোৰ মনত আছে শ্ৰীযুত গঙ্গাগোবিন্দ ফুকন ডাঙৰীয়া তেতিয়া কলিকতাতে আছিল। লক্ষ্মণৰ মৃত্যুৰ সময়ত তেৱোঁ কাষতে বহি আছিল। এই মৃত্যুত তেওঁ অন্তৰত ইমান আঘাত পাইছিল যে শোকৰ বেগ সামৰিব নোৱাৰি হুক্ হুক্ কৰে কান্দিবলৈ ধৰিলে। আমি চাৰিজনে লক্ষ্মণৰ মৃতদেহ কান্ধত লৈ গঙ্গাৰ ঘাট নিমতলাত পুৰিবলৈ লৈ গলোঁ। পিতৃদেৱতাই কীৰ্ত্তন-ঘোষাৰপৰা “জয হৰি জয় ৰাম” এই যাত্ৰা-ঘোষা ধৰি, “গোপৰূপে নন্দৰ তনয। শুভক্ষণে কৰিলা বিজয়” পদ দি লগে লগে গ'ল আমি ঘোষা গাই গাই শ্মশান পাই, যথাবিধি শৱৰ সৎকাৰ কৰিলোঁ।
পিতৃদেৱতাৰ এটা ঔষধালয আছিল। তাত তেওঁ আয়ুৰ্বেদোক্ত ঔষধ প্ৰস্তুত কৰিছিল। দৰবৰ উপাদানবোৰ খুন্দা, বটা, বৰি পকোৱা, জাৰোণ পোৰা, দৰবত ভাৱনা দিয়া ইত্যাদি কৰিবলৈ দৰ্মহা দি মানুহ ৰখা হৈছিল। সেই মানুহৰ ভিতৰত ৰাজকুমাৰ নামেৰে এটা বঙ্গালী মানুহ আছিল। সি প্ৰায় পাঁচ-ছবছৰ দেউতাৰ লগত থাকি সেই কাম কৰি, practical knowledge অৰ্থাৎ হাতে-কলমে হোৱা অভিজ্ঞতা লাভ, ডাক্তৰখানা বা আস্পাতালৰ কম্পাউণ্ডাৰ বা দেৰেচীযে চাকৰিৰ পৰা অৱসৰ লৈ, “গাযনৰ ঘৰৰ বোন্দাইও ৰাগ দিয়ে“ এই বাক্যৰ সাৰ্থকতা প্ৰমাণ কৰি, ডাক্তাৰী কৰা দি, তাৰ দেশলৈ উভতি গৈ “৺ৰাজকুমাৰ শীল কবিৰাজ” উপাধি লৈ কবিৰাজী কৰি সুখেৰে জীৱিকা নিৰ্বাহ কৰিছিল।
দেউতাই যদিও তেওঁৰ ঔষধালয ব্যৱসায় হিচাপত চলাবলৈ গৈছিল, তথাপি তেওঁৰ দৰব আৰু চিকিৎসাৰ চাৰি ভাগৰ তিনি ভাগ বন্ধু-বান্ধৱ, চিনাকি মানুহ আৰু খোজনিয়াৰ মগনিযাৰৰ ভিতৰত “বিনামূল্যে বিতৰিত” শ্ৰেণীভুক্ত হৈ তেওঁৰ ব্যৱসায়ক অনেক দূৰ অব্যৱসায় কৰি তুলিছিল। তথাপি মুঠতে, তেওঁৰ দৰবৰ ব্যৱসায়ৰপৰা আয় যে নহৈছিল, এনেও নহয়।
দেউতাই শিৱসাগৰলৈ আহিয়েই তেওঁৰ ঘৰৰ বাট-চ’ৰাৰ ওচৰতে এডোখৰ মাটিত এটা ডাঙৰ ৰাজহুৱা নামঘৰ সজাই তাত ৰাজহুৱা সবাহ, পূজা ইত্যাদি কৰাবৰ দিহা কৰিছিল; কি অদম্য উৎসাহেৰে দেউতাই সেই ৰাজহুৱা কাৰ্যবোৰত যোগ দি সেইবোৰ সুসম্পন্ন কৰাইছিল, দেখি আচৰিত মানিবলগীয়া। বৃদ্ধ তেওঁৰ উৎসাহ আৰু কাৰ্যকৰী শক্তিৰ “জোৰৰ আগত ৰাতিৰ পোহৰ”ৰ দৰে হৈ পৰিছিল।
দলাদলি নামৰ এটা ডাঙৰ দৈত্যই অতীজৰেপৰা ভাৰতবৰ্ষক ভৰিৰে দলি আহিব লাগিছে। তাৰ গছকত ভাৰতবাসীয়ে মিলি-জুলি শক্তিমন্ত হৈ কোনো ভাল কামকে কৰিব নোৱাৰে। সেইবাবেই ঘাইকৈ, ভাৰত আজি শ শ বছৰ ব্যাপি পৰৰ গোলাম। বুজন-নিৰ্গত ভাৰতবাসীৰ যে এই কথাৰ ভূ নাই এনে নহয়; কিন্তু ভাৰতে দৈত্যটোৰ