পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/৫৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
মোৰ জীৱন-সোঁৱৰণ


আছিল। মনপুৰ নামেৰে আমাৰ এটা লগুৱা আছিল, তাৰো ঘৰ চাওখাততে। আমাৰ ঘৰত চাকৰি কৰোঁতে কৰোঁতে তাৰ বয়স ভাটী দিলে, তথাপি তাৰ বিয়া নহয়। বিয়া হয়নো কেনেকৈ? তাৰ বিযালৈ তিনি কুৰিমান ৰূপৰ দৰকাৰ। সি খাই বৈ পায় দৰমহা তিনি টকা। মাহে মাহে সি দৰমহা নলৈ, তাৰ বিয়ালৈ বুলি দৰমহাৰ ধনখিনি দেউতাৰ হাতত গোট খুৱাই থয। ছমাহমানৰ দৰমহা গোট খালেই, তাৰ ককায়েক ঘিণ আহি ঘপহ্‌ কৰে ওলাই, তাৰ ওপৰত চিলনী থাপ মাৰে। মাটিৰ চৰকাৰী খাজনা দিবলৈ বা আন কোনো জৰুৰী টকা আনে বুলি ঘিণে মনপুৰক বুজাই, তাৰ দৰমহাৰ ধনখিনি লৈ গুচি যায়; আৰু সিফালে মনপুৰলৈ ধৰি ঠিক কৰি থোৱা ছোৱালী টকাৰ অভাৱত হাতৰপৰা পিছলি পৰে। এইদৰে তালৈ ঠিক কৰা ছোৱালী যে কেইজনী পুলকি গ'ল তাৰ ঠিক নাই! অদৃষ্টৰ এনে পৰিহাস দেখি মনপুৰে শেষত আৰু বিযা নকৰাওঁ বুলি কবলৈ ধৰিলে। তাৰ বিয়াৰ কথা ওলালেই সি কয, “আমাক ছোৱালী নেলা।” “নেলাগে” শব্দটো তাৰ মুখৰপৰা খঁৰা হৈ “নেলা” হৈ ওলাইছিল। তাৰ “নেলা” শুনি হাঁহিবলৈকে আমি মাজে মাজে তাক তাৰ বিযাৰ কথা সুধিছিলো। কিন্তু বেচেৰাৰ নৈৰাশৰ গভীৰতাৰ অনুভৱ আমি কৰিব পাৰিছিলোঁনে? যি হওক, প্ৰজাপতি নিৰ্বন্ধ এবাৰ কিবা স্বৰূপে মনপুৰৰ বিযা সংঘটিত হ’ল; আৰু বিয়াৰ পিছত সি তাৰ ককায়েকক তাৰ কামত বদলি দি বিষয়-সুখ-সম্ভোগৰ নিমিত্তে, নিজৰ ঘৰলৈ গ'ল। কিন্তু বোলে “আইৰ ঘৰলৈ যাম দুইহাতে খাম”, বিধাতাৰ ইচ্ছাত তাৰ সেই সুখ-সম্ভোগ দীৰ্ঘকাল স্থাযী নহ’ল; বিয়াৰ এবছৰ কি দুবছৰৰ পিছতে মনপুৰৰ মৃত্যু হল।

 বৃটিছ গৱৰ্ণমেণ্টে অসমত ভদ্ৰলোকসকলৰ বন্দী-বেটীবোৰক মুক্তি দিয়াত পোন্ধৰ অনা বন্দী-বেটীয়ে সেই সুবিধা লৈ ওলাই স্বাধীনতাৱলম্বন কৰিলে; যি এক অনাই পুৰণি প্ৰভূৰ পুৰণি মায়া মমতাৰ ডোল কাটি নগ’ল বা যাব নোৱাৰিলে, সেই এক অনাৰ ভিতৰত আমাৰ ঘৰত এঘৰ আছিল-গিৰিয়েকৰ নাম মথন, ঘৈণীয়েকৰ নাম ঘিণলাগী। সিহঁত ছজনী জীযেকেৰে সৈতে এঘৰ ডাঙৰ গৃহস্থ। মথনক আমি ল’ৰা তৰপে মথন বলি নাম কাঢ়ি নামাতি “মথন ঘৰগিৰি” বুলিছিলোঁ আৰু ঘিণলাগীক “ঘিণলাগী বাই” বুলিছিলোঁ। সিহঁতৰ ডাঙৰজনী ছোৱালীৰ নাম আহিনী আছিল। এই আহিনীযেই মোৰ মাতৃদেৱীৰ লগত বিদেশত ফুৰি, মোক কোলাত লৈ আলপৈচান ধৰি ডাঙৰ-দীঘল কৰিছিল। আমি শিৱসাগৰলৈ উভতি অহাৰ কিছুদিনৰ পিছতে আহিনীক মাকে বিয়া দি উলিয়াই দিলে। তাইৰ ভনীয়েকবোৰকো এজনীৰ পিছত এজনীকৈ বিয়া দি উলিয়াই দিয়া হ'ল। মথনৰ মৃত্যু আমাৰ ঘৰতে হয় আৰু ঘিণলাগীয়েও আমাৰ ঘৰতে চিৰকাল থাকি জীৱন কটায়। শিৱসাগৰত “ঘিণলাগী বাই” প্ৰখ্যাত বেজিনী ( midwife) হৈ পৰিছিল। সেই কাৰ্যৰ নিমিত্তে সকলো ভদ্ৰলোকৰ ঘৰত ঘিণলাগী নহ'লে নচলিছিল। বাস্তৱিকতে সপৰিবাৰে ঘিণলাগী আমাৰ ঘৰৰ এক অচ্ছেদ্য অঙ্গবিশেষ হৈ পৰিছিল আৰু আমাৰ ভিতৰত বন্দী-বেটীৰ