পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/৫৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
মোৰ জীৱন-সোঁৱৰণ

ঘৰলৈ ছোৱালী দিবলৈ ওলায়, অথচ বিয়াৰ সময়ত আঁকোৱালে নোপোৱা ভেমৰ খুটাত আউজি থাকি কি যে কৰে তাক কি কবা। এবাৰ মনত আছে—এজন শিৱসাগৰৰ ভদ্ৰলোকৰ বিয়াত নিমন্ত্ৰিত হৈ মই দৰাঘৰীয়াৰে সৈতে বিয়ালৈ গৈছিলো। আমি কন্যাঘৰীয়া গোসাঁইৰ পদূলিমূৰ পাওঁতেই গোসাঁইৰ ঘৰৰপৰা আদেশ আহিল যে আমি আমাৰ ভৰিৰ জোতা-মোজা সোলোকাই পদব্ৰজে গৈহে তেওঁৰ চাৰি ঢাপৰ ভিতৰ সোমাব পাৰিম। আমিও জোতা-মোজা নেসোলোকাওঁ তেওঁলোকেও নেৰে। শেষত দৰাঘৰীয়া আৰু কন্যা ঘৰীয়াৰ ভিতৰত হতাহতি হোৱাৰ উপক্ৰম। অনেক কষ্টৰ আৰু অনেক কথাৰ আজোৰ-পিজোৰৰ পিছতহে এটা হেস্ত নেস্ত হৈ এই গজ-কচ্ছপীয়া যুদ্ধৰ ওৰ পৰে। ভেমেই অসমীয়াখনক থালে। অৱস্থা বুজি ব্যৱস্থা নকৰা আৰু সময়ৰ সোঁতৰ বিপৰীতে যাবৰ প্ৰয়াসেই আমাৰ গোসাঁইসকল আউজি থকা বৰখুটাবোৰ হেলেক্‌লেক্‌ কৰি পেলাইছে।

 স্বামীৰ মুখ নেদেখাকৈয়ে আমাৰ যিজনা বাইদেও বাঁৰী হৈছিল, তেওঁৰ নাম পিয়ালী। মই শিৱসাগৰলৈ অহাৰ দই-তিনি বছৰৰ পিছতে মত্যু হ’ল। তেওঁ মোৰ চকুত এটি বিষাদৰ প্ৰতিমূৰ্তি আছিল। চুকত এলাগতীয়াভাবে পৰি থকা নিৰ্জ্জু, আৰ, সুমধুৰভাষী এই প্ৰাণীটিৰ হৃদয়ত শোক আৰু নিষ্ফলতাৰ কি তুঁহ জুয়ে তেওঁক একেবাৰে পৰি ছাই কৰিছিল, তাক অন্তৰ্যামী ঈশ্বৰেহে জানিছিল। কঠোৰ নিৰ্ম্মম শাসনেৰে শাসিত হিন্দু সমাজৰ কেইজনে এই কথা দকৈ ভাবি তাৰ প্ৰতিকাৰ কৰিবলৈ অগ্ৰসৰ হয়? বঙ্গদেশৰ দয়াৰ সাগৰ বিদ্যাসাগৰৰ বাহিৰে আৰু কেইজন? পিয়ালী বাইদেউৰ মত্যুৰ চিত্ৰটো এতিয়াও মোৰ মনত আছে। যিদিনা তেওঁৰ মত্যু হব, সেইদিনা ৰাতি তিনিমান বজাত, তেওঁ গাইপতি সকলোকে নাম আৰু সম্বন্ধ ধৰি মাতি বন্দী-বেটী, লগুৱা-লিগিৰীবোৰলৈকে সকলোকে স্বকৃত দায়-দোষ এটিৰ বাবে ক্ষমা- প্ৰাৰ্থনা কৰিছিল। মই সৰু ল’ৰা, শুই আছিলোঁ। মোকো টোপনিৰপৰা জগাই তোলাই মতাই অনাই মোৰ ওচৰতো তেওঁ ক্ষমা মাগিবলৈ নেপাহৰিছিল। মই নিৰ্ব্বাক- নিষ্পন্দভাৱে তেওঁৰ কথা শুনি উচুপি উচুপি কান্দিবলৈ ধৰিলোঁ। মোৰ ভাই এটা তেতিয়া কেঁচুৱা। তাৰ নাম কাঢ়ি তেওঁ কলে-“মই তোৰে সৈতে ধেমালি কৰিবলৈ নাপালোঁ।” এই কথাৰ দহ মিনিটমানৰ পিছতে, তেওঁ ঈশ্বৰৰ নাম লৈ, মাকৰ কোলাত মুৰটি থৈ, ইহসংসাৰ পৰিত্যাগ কৰিলে। কান্দোনৰ কোঢ়ালেৰে ঘৰ ভৰি পৰিল।

 আগেয়ে কৈছো, আকৌ কওঁ যে, পিতৃদেৱতাৰ হৃদয় কুসুম-কোমল আৰু আত্মীয়- সকলৰ প্ৰতি স্নেহ-মমতাৰে ভৰা আছিল। তেওঁৰ পৰিবাৰৰ কোনো এজনে যদি কোনো কাৰণত—ৰোহ পাতিয়েই হওক বা এলাই কষিয়েই হওক, ৰাতি ভাত নোখাৱাকৈ থাকে তেন্তে তেওঁ নিজে গৈ মাতি মাতি সেইজনক ভাত খুৱাইহে এৰিছিল, নতুবা তেওঁ তেওঁৰ মনত শান্তি নাপাইলি। নিজৰ নিজৰ বংশৰ দুখীয়াই হওক বা চহকীয়েই হওক কাকো তেওঁ পালে মমতাৰ ডোলেৰে নাবান্ধি নেৰিছিল। কিন্তু