পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/৫২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
মোৰ জীৱন-সোঁৱৰণ

মাইলমান দূৰত, তেওঁ উভতি আহোঁতে ডাঙৰীয়া শ্ৰীযুত গঙ্গাগোবিন্দ ফুকনৰ ঘৰত সোমাই মেল পাতি অহাটো তেওঁৰ নিত্যকৰ্মৰ নিচিনা হৈছিল। ফলত, সেইদেখি দিনৌ ঘৰ পাওঁতে ৰাতি দুপৰ হৈছিল। তেওঁ নহালৈকে তেওঁৰ ঘৈণীয়েক, বোৱাৰীয়েক আৰু আই দুজনে ভাত নাখাই তেওঁলৈ খাপ লৈ বহি থকা দৃশ্যটো অতি কষ্টকৰ হৈ পৰিছিল। দেউতাই আৰু আইসকলে তেওঁক কৈ কৈ নিজৰ কষ্ট জনাযো তেওঁৰ এই বেয়া অভ্যাসটো এৰুৱাব নোৱাৰিছিল।

 দেউতাই ঘোঁৰাত উঠিবলৈ বৰ ভাল পাইছিল। সদায় দেউতাৰ ঘোঁৰা শালত তুটীয়া ঘোঁৰা এটা বন্ধা থাকিছিল। বাস্তৱিকতে দেউতা এজন পকা ‘ঘোৰ-চোৱাৰ' আছিল। ঘোঁৰাত উঠি দেউতাইও দুদিন এদিনৰ অন্তৰত সিংদুৱাৰ বাগিচালৈ কাম চাবলৈ গৈছিল। এদিন তেওঁ বাটতে ঘোঁৰাৰপৰা পৰি তেওঁৰ ভৰি এটা ভগাৰ নিচিনা হ’ল। সেইদিনাৰপৰা সকলোৱে কৈ মেলি তেওঁক এই বুঢ়া বয়সত ঘোঁৰাত উঠা এৰুৱালে। দেউতাৰ পুৰণি ধৰণৰ ডাঙব বাগী এখনো আছিল , কিন্তু সি সদায় অব্যৱহাৰ্য্য অৱস্থাত পৰি আছিল। সেই বাগীৰ এটা ইতিহাস এইখিনিতে কওঁ। দেউতা তেজপুৰত মুঞ্চেফ হৈ থাকোঁতে এদিন ৺ৰামদয়াল নামেৰে এজন অসমীযা ডাক্তৰে দেউতাৰ ঘোঁৰা গাড়ী খুজি লৈ “হাৱা খাবলৈ" গৈ গাড়ী ঘোঁৰা একেবাৰেই ব্ৰহ্মপুত্ৰত পেলাই দিলে। ঘোঁৰাটো মৰিল, ডাক্তৰে পানীত পৰাৰ আগতে জাপ মাৰি ভৰিৰ এবকলা ছাল গাড়ীতে থৈ কোনোমতে ৰক্ষা পৰিল। গাড়ীখন খৰালি ব্ৰহ্মপুত্ৰৰ বালি খানিহে উলিয়াই অনা হৈছিল। তেতিয়াৰে পৰা সেই গাড়ীখন আৰু 'মেৰামত' হোৱা নাছিল।�

 পিতৃদেৱতাৰ চাৰিজনী জীযেক। সৰুজনী জীযেক স্বামীৰ ঘৰলৈ যোৱাৰ আগতে বিধৱা হৈ আমাৰ ঘৰতে আছিল। মাজুজনা এটি ল’ৰাৰ মাক হোৱাৰ পিছত বিধৱা হয়। জোঁৱাই বিষয়ত যে দেউতাৰ ভাগ্য ভাল আছিল, এনে মনে নধৰে। জীয়াই থকা দুজনৰপৰাও যে দেউতাই অনাবিল সুখ ভোগ কৰিছিল, এনে বুলিব নোৱাৰোঁ। জীয়ৰীক জোঁৱায়েকৰ ঘৰলৈ উলিয়াই দিবৰ দিনৰেপৰা জীয়ৰীয়ে বাপেকৰ ঘৰত ভাত বা সান্দহ-চিৰা-পিঠা খোৱা বন্ধ; কাৰণ জোঁৱায়েকহঁতৰ ভয়, পাছে তেওঁলোকে বিয়া কৰাই শুচি কৰি লোৱা নিজৰ সহধৰ্মিণীয়ে বাপেক-মাকৰ ঘৰত পকা জলপান বা ভাত ভোজন কৰি আকৌ স্বকীয দেহা অশুচি কৰি তেওঁলোককো টানি আনি পাতকৰ পাট- নাদত পেলাই দিয়ে। এনে দস্তুৰ অকল আমাৰ ঘৰতেহে আমাৰ ঘৰৰ জোঁৱাইসকলে চলাইছিল, এনে বুলি ভাবিলে ভুল কৰা হ’ব; অসমত ঘাইকৈ উজনি অসমত এনে কুলক্ষণীয়া প্ৰথা প্ৰায়বোৰ ভদ্ৰলোকৰ ঘৰত প্ৰচলিত আছিল। ক'ৰপৰা এনে বৰ্বৰতা অসমত সোমাইছিলহি কব নোৱাৰোঁ। আশাকৰোঁ আজিকালি শিক্ষিত অসমীয়াসকলে এই বৰ্বৰতাৰ খৰ্বতাৰ খৰ্বতা সাধন কৰি, তাক খেদি নি দেশৰপৰা উলিয়াই দি হাদিৰা-চকিত এৰে।

 মোৰ তৃতীয়জন ককাইদেও গোলাঘাটৰ গুড়যোগনীয়া মৌজাৰ মৌজাদাৰ আছিল।