পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/৫১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
পঞ্চম আধ্যা


নাজানিছিল বা অইন কিতাপো পঢ়িব নাজানিছিল। কোনো বিশেষ পৰ্ব বোলাৰ মানে আছে। তেওঁ আনৰ ওচৰত শুনিয়েই হওক বা শিকিয়েই হওক, সেই পৰ্বতো তেওঁৰ একৰকম মুখস্থ হৈ পৰিছিল; সেইদেখি তাৰ প্ৰত্যেক শাৰীৰ প্ৰথম শাৰীৰ প্ৰথম দুটা- এটা আখৰ দেখিলেই বাকীডোখৰ তেওঁ আখৰৰফালে ভালকৈ নোচোৱাকৈয়ে মাতিব পাৰিছিল; আৰু সেই পৰ্বৰ বাজ হৈ পৰিলেই তেওঁৰ বিদ্যাৰ ওৰ পৰিছিল। বৰবৌৱে চিঠি লিখিব পাৰিছিল। মোৰ মনত আছে-বৰ ককাইদেউ ডিবুৰু বা গুৱাহাটীৰ নিচিনা ঠাইলৈ গ'লে বৰবৌৱে অতি সংগোপনে তেওঁলৈ চিঠি লিখিছিল; কাৰণ তিৰোতাই আৰু ঘাইকৈ ঘৰৰ বোৱাৰী-জীয়ৰীয়ে চিঠি লেখাটো (নিজৰ স্বামী হলেও) সেই সময়ত অকৰণীয় অকাৰ্যৰ ভিতৰুৱা বুলি বিবেচিত হৈছিল। সেইদেখি বৰবৌৱে অতি সংগোপনে তেওঁৰ চিঠি লেখি তাক মোৰ হতুৱাই শুধৰাই চলিব পৰা কৰি, মোৰ হতুৱাযেই অতি গুপুতভাৱে ডাকত দিয়াইছিল। তেতিযা মোৰ বিদ্যাই বা কিমান, বুদ্ধিয়েই বা কিমান। তথাপি বৰবৌৱে মোক বৰটো পাতি বিদ্যাৱন্ত ভাবি নিজৰ চিঠি কটাই-কুটাই নিৰ্দোষ কৰি লোৱা বাবে মই নিজক গৌৰৱাম্বিত বিবেচনা কৰিছিলোঁ। কিন্তু প্ৰকৃততে মোক বিদ্যাৰ বৰপুখুৰী ভবাতকৈ আন এটা কাৰণতহে বৰবৌৱে তেনে কৰিছিল। মযেই ঘৰত সৰু ল’ৰা; মোৰ বাহিৰে মোতকৈ জনা শুনা ডাঙৰ এজনৰ হাতত তেওঁৰ সেই প্ৰেম-পত্ৰ সঁপি দিয়াটো তেওঁৰ পক্ষে অসম্ভৱ আছিল। বুদ্ধিৰ ঢেঁকী-ঠোৰা মই কিন্তু তেওঁৰ প্ৰথমখন চিঠি ডাকত দিওঁতেই লগালোঁ জেঙা। চিঠিখন চেলেঙৰ তলত ভৰাই লৈ মই ডাকঘৰ পালোঁগৈ; কিন্তু ক’ত চিঠিখন পেলাব লাগে নাজানি, ডাকঘৰৰ সন্মুখতে পৰি থকা ভগা পেৰা এটাৰ ভিতৰত দিলোঁ সুমাই। ওচৰতে এটা মানুহ আছিল, সি ক'লে, “সেইখন চিঠি ডাকত দিবলৈ আনি তাত সুমাই। দিলা কিয়? ডাকত এইপিনে ইয়াতহে দিব লাগে।” মোৰ ভুল বুজিব পাৰি মোৰ মুখ শুকাই গ'ল। সেই ভগা পেৰাটোৰ যি সুৰঙাইদি চিঠিখন সুমাই দিছিলোঁ সেই সুৰুঙাত হাত নোসোমায়। মই মোৰ বিপদৰ কথা “পোষ্ট-মাষ্টৰ” বাবুক ক’লত, তেওঁ মোৰ মুখৰফালে অলপমান চাই থাকি দয়াপৰবশ হৈ উঠি আহি বাকচটোৰ ভগাডোখৰ আৰু ভাঙি বহলাই লৈ চিঠিখন উলিয়াই আনি, মোৰ হাতত দি ক’ত দিব লাগে দেখুৱাই দিলত, মই তাতে দি নিশ্চিন্ত মনেৰে ঘৰলৈ উভতি আহিলোঁ। মই শিৱসাগৰত থাকোঁতেই এইজনা বৌৰ মৃত্যু হ’ল। তেওঁ এটি ল’ৰা থৈ গৈছিল, সিও এঘাৰ কি বাৰ বছৰ বয়সত ঢুকাল।

 সিংদুৱাৰ নামেৰে এখন নিষ্কৰ “গ্ৰাণ্ট” দেউতাই লৈছিল। অসম ৰজাৰ ৰাজধানীৰ গড়ৰ সেইখিনিতে সিংহদুৱাৰ আছিল দেখি তাক সিংদুৱাৰ বুলিছিল। তাত বাঁহ- কাঠ অপৰ্য্যাপ্ত;কিন্তু তাৰ মাটি চাহ-খেতিৰ নিমিত্তে উপযোগী নহয়। বৰ ককাইদেৱে তাতে চাহখেতি কৰি তাক চাহ-বাগিচাত পৰিণত কৰিবলৈ বিচাৰিছিল আৰু কৃতকাৰ্য্যও হৈছিল। তেওঁ প্ৰায় দিনৌ দুপৰীয়া ঘৰৰপৰা খোজকাঢ়ি বাগিচালৈ গৈছিল আৰু গধুলি সেইদৰে খোজকাঢ়ি আহিছিল। ঘৰৰপৰা বাগিচা প্ৰায় তিনি