পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
চতুৰ্থ আধ্যা


পৰিল হেডমাষ্টৰৰ চকুত আৰু যাওঁ কলৈ? প্ৰচণ্ড "You! You!” নিনাদে স্কুলঘৰ কঁ‌পাই দি ততালিকে যুদ্ধ স্থগিত কৰি পেলালে। উভতি চাওঁ যে হেডমাষ্টৰ বাবুৱে অকল মোৰ ফাললৈহে সেই “ইউ" বজ্ৰ মাৰি পঠিয়াইছে। হৰি হৰি!ঘাই দোষী মহীকান্তৰ ফালে নহয়; সি সাৰিল। মই মতলীয়া মানুহৰ দৰে থৰক্-বৰক্ কৰে উঠি গৈ, ততালিকে হাতৰ তলুৱা পাতি দিলোঁ; আৰু তেখেতে তাত বেতৰ দুটি কোব বহুৱাই দি মোক আপ্যায়িত কৰি বিদায় দিলে। এনে অযথা বিচাৰ বা অবিচাৰ দেখি মনত ধিক্কাৰ লাগি, ক্লাছলৈ আহি, হিতোপদেশৰ এই শ্লোকটো মোৰ ছিলেট্খনত লেখিলো— "ন স্থাতব্যং ন গন্তব্যং দুৰ্জনেন সমং ক্কচিৎ।” দুৰ্জনৰ লগত থাকিলে বা গ'লে, গছৰ ডালত কাউৰীৰ লগত বহা হাঁ‌হটোৰ দশা ঘটে।

 শ্ৰীনাথ বাবুৰ এটা পুতেক আছিল, তাৰ নাম অতুল। সি হেডমাষ্টৰৰ পুতেক, এই বাবেই observed of all observes অৰ্থাৎ গোটেই স্কুলৰ সসভ্ৰম আৰু কুতুহলী চকুৰ বিষয় হৈছিল। অতুলেৰে সৈতে যি ছাতৰ বন্ধুতাৰ ডোলেৰে বান্ধ খাব পাৰিছিল। বা অতুলে যাৰে সৈতে হাঁহি মাতি কথা কৈছিল, সেই ছাতৰৰ ভাগ্যক আনবোৰ হাতৰে ঈৰ্ষাৰ লোলুপ দৃষ্টিৰে চাইছিল।

 দুইমান বজাত হেডমাষ্টৰৰ ঘৰৰপৰা হেডমাষ্টৰ আৰু পুতেক অতুললৈ জলপান আহিছিল। হেডমাষ্টৰে পুতেকেৰে সৈতে স্কুলঘৰৰপৰা ওলাই গৈ বাহিৰৰ পিৰালিত থিয় দি সেই জলযোগ সমাপন কৰিছিল। সেই বয়সতে মই ভাবি নাপাইছিলো, কিয় হেডমাষ্টৰ বাবুৱে স্কুলঘৰৰ ভিতৰতে, তেওঁৰ অফিচৰ এচুকত এখন আঁ‌ৰ-কাপোৰ বা আন ৰকমৰ আঁ‌ৰ দি লৈ সেই ভোজৰ ব্যৱহাৰৰ ব্যৱস্থা কৰি নলৈছিল? এই প্ৰশ্ন মোৰ মনতে উঠি অনেক দিনলৈকে থাকি, “উত্থায় হৃদি লীয়ন্তে” হৈছিল।"

 শ্ৰীনাথ বাবুৰ তলত মোৰ পঢ়া নঘটিল। কাৰণ মই প্ৰথম শ্ৰেণী পোৱাৰ আগতে শিৱসাগৰতে তেওঁ তেওঁৰ বিপুল বপুটি পেলাই থৈ পলাল। মই পঢ়িবলৈ পাইছিলোঁ অসমৰ সুপ্ৰসিদ্ধ চন্দ্ৰমোহন গোস্বামী হেডমাষ্টৰৰ তলত। সকলো বিষয়তে এনে প্ৰগাঢ় পণ্ডিত চন্দ্ৰমোহন গোস্বামীৰ নিচিনা কোনো লোকে অসমত হেডমাষ্টৰী কৰা নাছিল। চন্দ্ৰত কলঙ্কৰ দৰে চন্দ্ৰমোহনৰ এটি কলঙ্ক আছিল, যে অতিৰিক্ত মদ্য পান। আচল চন্দ্ৰৰ দৰে চন্দ্ৰমোহনো মাহেকত দুই পক্ষ আছিল। তেওঁ মদ খাবলৈ আৰম্ভ কৰিলে ১৫ দিনমান একেৰাহে চলিছিল আৰু, তাৰ পিছত ১৫ দিনমান একেবাৰেই শুকান বাৰে খৰ। তেওঁৰ নিৰামহীয়া কালডোখৰক মই শুক্লপক্ষ বুলিছিলোঁ আৰু, সিডোখৰক কৃষ্ণপক্ষ বুলিছিলোঁ। বেজাৰৰ কথা এইটোহে যে, এই কৃষ্ণপক্ষতো তেওঁ একো একোদিন স্কুলত ভটং কৰে উদয় হৈছিলহি আৰু ছাতৰবোৰে তেওঁৰ স্ফূৰ্তিৰ গঢ়-গতি দেখি আমোদ উপভোগ কৰিছিল। এদিন মনত আছে তেওঁ তেওঁৰ কৃষ্ণপক্ষৰ ভিতৰতে ঘপহ্ কৰে স্কুলত ওলালহি; লগতে বঙ্গলা স্কুলৰ হেডপণ্ডিত বাবু প্ৰাণকৃষ্ণ কৰ। প্ৰাণকৃষ্ণ বাবু, নিশ্চয় চন্দ্ৰমোহন বাবুৰ তদাৰক আৰু চম্ভালক হৈ আহিছিল। কিন্তু আচৰিত কথা যে গোস্বামী ভাঙৰীয়াৰ পট্লুঙৰ ভিতৰত থকা চুৰিয়াৰ পোন্ধটো যে পট্লুঙৰ