পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
চতুৰ্থ আধ্য়া

চাউল খোৱাটো নিশ্চয় আমাৰ অসভ্যতাৰ চিন। দ্বিতীয়টো;—আমাৰ শ্ৰেণীৰে দুষ্ট ল'ৰা এটাই এদিন মোৰ ক্ষেত্ৰত (জ্যামিতি) কিতাপটোৰ পাত এটা (যিটোত ৫ম প্ৰতিজ্ঞা আছিল) মোৰ অসাক্ষাতে বেজী এটাৰে ফুটাই ঠকা-সৰকা কৰি দিলে। সিযে কিয় তেনে কৰিলে, তাৰ মনৰ কি ভাৱ, মই বুজিব নোৱাৰিলো; অনুমান কৰোঁ সি সেই প্ৰতিজ্ঞাটো আয়ত্ত কৰিব নোৱাৰি সম্ভৱতঃ লম্বোদৰ পণ্ডিতৰ হাতত লাঞ্চিত হৈ, মোৰ কিতাপত থকা প্ৰতিজ্ঞাটোৰ ওপৰত সেইদৰে প্ৰতিশোধ ললে। যি হওক, শতছিদ্ৰযুক্ত পাঁতটিৰ লগে লগে মোৰ মনতো শোকৰ ছিদ্ৰ এশটা হ’ল আৰু শতধা বিভক্ত ছিদ্ৰবোৰৰপৰা ততালিকে সম্মিলিত দুধাৰ লো বৈ গ'ল। কিন্তু কাৰো দ্বাৰাই সেই প্ৰবাহিনীৰ গতি পৰিলক্ষিত হৈছিল যেন মোৰ মনে নধৰে; কাৰণ সান্ত্বনা বাক্যৰ শুকান কাপোৰৰ আচলৰূপী অগস্ত্যক আনি, কোনেও সেই প্ৰবাহিনীৰ প্ৰবল জল পান কৰি দিবৰ অৰ্থে মোৰ ওচৰত উপস্থিত কৰা নাছিল।

 ইয়াৰ এবছৰ পিছত মোক ইংৰাজী স্কুলৰ তলৰ শ্ৰেণী এটাত নাম লগাই দিয়া হ’ল। শ্ৰীযুত লোকনাথ শৰ্মা নামেৰে এজন মাষ্টৰৰ তলত পৰিলোঁ। তেওঁৰ মতা নাম টেপু আছিল। টেপু মাষ্টৰ ভয়ানক disciplinarian অৰ্থাৎ নিয়ম-প্ৰিয় শিক্ষক আছিল। ল’ৰাক পঢ়োৱাতকৈ discipline-অৰ ফালে তেওঁৰ প্ৰখৰ দৃষ্টি। স্কুলীয়া নিয়মেই হওক বা ঘৰুৱা নিয়মেই হওক, সেইবোৰ নিখুতভাৱে ল’ৰাৰ দ্বাৰাই যাতে পালিত হয়, তাৰ নিমিত্তে তেওঁ যত্নশীল আছিল, যদিও সেই নিয়মবোৰৰ অধিকখিনি প্ৰচলিত পুৰণিকলীয়া অনিয়মৰ নামান্তৰ মাথোন। কোনো ল’ৰাৰদ্বাৰাই ওপৰত কোৱা কোনো নিয়মৰ গাত আঁচোৰ এটা লাগিলেই তাৰ বেত্ৰাঘাত পৰিছিল। নিজৰ ঘৰতো কেতিয়াবা কোনো ছাতৰে যদি কোনো ঘৰুৱা নিয়মৰ ব্যতিক্ৰম কৰে-যেনে, ককায়েকৰ মুখে-মুখে উত্তৰা-উত্তৰি কৰা, দদায়েকে কিবা কৰিবলৈ পাচিলে না বা কৰিবলৈ গাফিলি কৰা, ইত্যাদি—আৰু সেই সংবাদ যদি কিবা স্বৰপে মাষ্টৰ শ্ৰীযুত লোকনাথ শৰ্মাৰ গোচৰীভুত হ’ল, তেন্তে তাৰ বাবে পিছদিনা স্কুলত সেই ছাত্ৰৰ পিঠিত বা হাতৰ তলুৱাত তেওঁৰ দ্বাৰাই স্বহস্তদত্ত বেত্ৰাঘাত, নাইবা বেণৰ ওপৰত হোৱা শাস্তি। এই লেখকৰ কপালতো যে তেনেকুৱা কাৰণৰ নিমিত্তে তেনে বিধৰ দণ্ড দুদিন-এদিন নঘটিছিল, এনে নহয়। টেপু মাষ্টৰক লৈ আমি বৰ আহুকালত পৰিছিলোঁহক। তেওঁ ক্লাছত বহি থাকোতে, কেতিয়াবা থাকি থাকি, আমাক মাৰিবৰ কাৰণ উলিয়াবলৈকে হবলা, মুখখন ওফোন্দাই, বা ওঁঠ দুটা বেকা কৰি অঙ্গিভঙ্গি কৰিছিল আৰু পাতল মনৰ আমি সেই অঙ্গিভঙ্গি দেখি হাঁহি সামৰিব নোৱাৰি হাঁহি দিছিলোঁ আৰু হাঁহিলেই লাগিছিল লেঠা; তাৰ ফল—হাতৰ তলুৱাত বা পষ্ঠদেশত এটি বেতৰ মজলীয়া বিধৰ কোব। কিন্তু মুঠতে শ্ৰীযুত লোকনাথ শৰ্মা মাষ্টৰ ৰঙিয়াল মানুহ আছিল; আৰু আমি তেওঁক যে বেয়া পাইছিলোহঁক এনে নহয়।

 শ্ৰীযুত ধৰ্মেশ্বৰ নামৰ আৰু এজন মাষ্টৰ আছিল। তেৱো কম “ডিছিপ্লিনেৰিয়ান” নাছিল; কিন্তু ওজনত তেওঁৰ পঢ়োৱাৰ জোখ বেছি আছিল দেখি “ডিছিপ্লিন”ৰ ভৰ