পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
মোৰ জীৱন সোঁৱৰণ

“মেকুৰীত্ব”ৰ শাৰীৰহে। অৰ্থাৎ পণ্ডিত বাপুদেউৰ মেকুৰীজনী যদিও বামুণৰ ঘৰৰ মাৰ্জাৰী, তথাপি তাই থিতাতে ওচৰ-চুবুৰীয়া কৈৱৰ্তৰ ঘৰত সোমাই পোৰা মাছ পঁইতা ভাত খাই জিভাৰে কোৱাৰি চেলেকি আহি, পণ্ডিত বাপুৰ ভাতৰ পাতৰ পৰাও তপত তপত ভজা মাছ লৈ যদিও দ্ৰুত গতিৰে প্ৰস্থান কৰে, তথাপি বাপুৰ বঢ়া ভাতে অশুচি হব নোখোজে; কাৰণ বাপুৱে বিৰালীৰ ব্যৱহাৰ দেখি কিংকৰ্তব্যবিমূঢ় নহৈ “মাৰ্জাৰী গমনে শুদ্ধি” বুলি মন্ত্ৰ মাতি সেই অন্নকে শুদ্ধ কৰি লৈ, নাগ-কুৰ্মকে প্ৰমুখ্য কৰি পঞ্চ দেৱতাক অৰ্পণ কৰি পঞ্চগ্ৰাস কৰি ভোজন কৰাত ত্ৰুটি নাই। যি হওক, “সংস্কাৰাৎ দ্বিজ উচ্যতে” অৰ্থাৎ মোক লগুণ দিলেই মই দ্বিজ হম, আৰু দ্বিজ হলেই শূদিৰৰ ঘৰত ভাত খোৱাৰ স্বাধীনতা মোৰ নাইকিযা হব; মই বামুণৰ শাৰীলৈ উঠিম, আৰু উঠিলেই চিৰকাললৈকে মই শূদিৰ বন্ধুসকলৰপৰা বিহাৰত নহলে অন্ততঃ আহাৰত এৰা-এৰি হম; এই নিমিত্তে, অৰ্থাৎ মই বামুণ হোৱাৰ বিপদত বা সম্পদত পৰাৰ আগতে, মোক তেওঁলোকৰে এটা বুলি ইমানদিন ভাব কৰি আহোঁতা তেওঁলোকে ভালকৈ একো সাজ খুৱাই তৃপ্তিৰ ধাৰ শুজি লৈছিল।

 শিৱসাগৰত ত্ৰিলোচন শৰ্মা নাজিৰ বলি এজন ডাঙৰ পণ্ডিত ব্ৰাহ্মণ আছিল। তেওঁ সকলো বামুণীয় বিধি-বিধান দিযা কাৰ্যত, আৰু শান্তি-কৰম, গ্ৰহযজ্ঞ, তিলহোম, বটুক-পাঠ, বিয়া-শৰাধ আৰু লগুণ-দিয়নি আদি কাৰ্যত অতি পৰিপক্ক আছিল। সঁচাকৈয়ে ত্ৰিলোচন নাজিৰদেউ বৰ পণ্ডিত মানুহ আছিল। নাজিৰ আমাৰ ঘৰৰ পুৰোহিত আছিল। মোৰ লগুণ-দিয়নিত তেওঁৱেই প্ৰধান দ্ৰষ্টা আছিল। অপ্ৰধান কাৰ্যকাৰক আন আন অনেক পণ্ডিতেৰে সৈতে, লম্বোদৰ নামেৰে বৃদ্ধ পণ্ডিত এজনৰ কথাও মোৰ মনত আছে। হোমৰ অন্তত লম্বো বাপুৱে যেতিযা হাতত দুৰ্বা লৈ, শ্ৰুবৰ নালৰ তলিত হোমৰ ঘিউৰে সৈতে ভস্ম বা ছাই সানি সেই ভস্মৰ ফোট মন্ত্ৰ মাতি আমাৰ কপালত দিবলৈ উদ্যোগ কৰিছিল, সেই উদ্যোগ-পৰ্বৰ অভিনয় দেখি, হাঁহিযে মোৰ পেটত আঙোৰ-পাঙোৰ কৰি মুখৰপৰা খুক্‌খুকনি তুলি দিছিল। পিতৃদেৱতাৰ এটা ডাবিয়েহে সেই বিদ্ৰোহী হাঁহিক দুবাই তেতিয়া মোক প্ৰকৃতিস্থ কৰিব পাৰিছিল। হাঁহিৰ কাৰণটো অৱশ্যে মই কওঁ-লম্বো বাপু বঢ়া মানুহ। তেওঁৰ হাত বৰকৈ কঁপিছিল। ‘কাণ্ডাৎ কাণ্ডাৎ প্ৰৰোহস্তী পৰুষঃ পৰুষঃ পৰি এৱা নো দুৰ্বে প্ৰতনু সহস্ৰণে শতেন চ' (ইয়াৰ মানে—প্ৰত্যেক কাণ্ড বা গাঁঠিৰপৰা দুৰ্বাষ্কুৰ যেনেকৈ উদ্‌গত হয় আৰু পুৰুষ-পৰম্পৰাক্ৰমে বৰ্ধিত হয়, তুমি, হে দুৰ্বা! সেইদৰে বংশপৰম্পৰাক্ৰমে শত-সহস্ৰ বৰ্ধিত কৰাঁ)—বেদৰ এই শ্লোকটো মাতি লম্বো বাপুৱে যেতিয়া আমাৰ কপালত ভস্মৰ ফোট একোটা দিবলৈ গৈছিল, আমি পৱিত্ৰ ফোট লবলৈ তেতিয়া তেওঁৰ আগত আঠু কাঢ়ি আছিলোঁ। তেওঁ কঁপা হাতেৰে অতি কষ্টেৰে ফোট দিবলৈ গৈ, সেই ফোট ঠিক ঠাইত দিব নোৱাৰি, কাৰো চেলাউৰিত, কাৰো নাকত, কাৰো গালত, তেওঁৰ অতি অনিচ্ছাসত্বে দিছিল; দিছিল মানে, তেওঁ দিয়া ফোট আপোন মতলবেৰে য’তে ত’তে পৰিছিল। ফোটৰ এনে বিপৰীত বিন্যাস লক্ষ্য কৰি বেদমন্ত্ৰৰ