পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/৩৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
চতুৰ্থ আধ্য়া

দুই পাৰে দুটা খুটা পুতি তাৰপৰা লোৰ তাঁৰ লগাই তাত পাৰ-নাও বান্ধি মানুহ, ঘোঁৰা, গাড়ী আদি পাৰ কৰা হয়। বাৰিষা আমি সেই পাৰ-নাৱত উঠি নৈৰ মাজ পাই তাত নাৱৰপৰা খৰ মাৰি দি পৰি সাঁতুৰি পাৰ হওঁ। এইটো উজু কাম যে নহয়ই বৰং risky বিপদজনকেই বুলিব লাগে; কিন্তু মোৰ মনত ভয়-সংশয় একো নুপজিছিল। এই কাৰ্য কিন্তু আমি পিতৃদেৱতাৰ অগোচৰতহে কৰিছিলোঁ, কেনেবাকৈ তেওঁৰ গোচৰলৈ আহিলে শাস্তি পাইছিলোঁ।

 বুদুৰাম মুক্তিয়াৰ নামৰ ভকত এজনক আমাৰ পুখুৰী পাৰতে ঘৰ দি দেউতাই ৰাখিছিল। তেওঁ কমলাবাৰী সত্ৰৰ ভকত আছিল। কমলাবাৰীৰ ভকতক সদায় পুৱা-গধুলি একো কঠা চাউল দি আমাৰ ঘৰত পোহা পিতৃদেৱতাৰ এটা অখণ্ড কাৰ্য আছিল। বুদুৰাম মুক্তিয়াৰক আমি সকলোৱে “বুদু আতৈ” বুলি মাতিছিলোঁ আৰু শ্ৰদ্ধা আৰু সম্মান কৰিছিলোহঁক। তেওঁ বাঢ়ৈৰ কাম ভালকৈ জানিছিল। তেওঁৰ দ্বাৰাই আমি পমা কাঠৰ সৰু নাও এখন কৰাই লৈ পুখুৰীত নাও বাই ফুৰি, মাজতে আপোন ইচ্ছাতে নাওখন বুৰাই, পানীতে আকৌ সিঁচি লৈ তাত উঠি অপাৰ আনন্দ ভোগ কৰিছিলোঁ। মোৰ এই নৌ-বিহাৰ ইমান বঢ়া-বঢ়িত পৰিছিলগৈ যে দেউতা শুলে জোনাক ৰাতি মনে মনে আহি নাও খেলাই ফুৰিছিলোঁ। “সৰ্ম্বমত্যন্ত গাৰ্হিতং” বুলি কোৱা কথাই ফলিল। এদিন ৰাতি সেই কাৰ্য কৰি থাকোতেই হাতে-কলমে ধৰা পৰিলোঁ; “ফলং প্ৰহাৰং” হ'ল আৰু পিছদিনা নাওখন forfeited অৰ্থাৎ “জপৎ” বা জৰিমনা হৈ কটা পৰিল আৰু দুই-চাৰি দিনতে সি বুদু আতৈৰ সহায়ত এখন তক্তাপোছ বা চাল্ পীৰাত পৰিণত হ'ল। ইন্দ্ৰৰ দোষত আশ্ৰম-বিহাৰী অহল্যা সুন্দৰী পাষাণী, হৈছিল, আৰু মোৰ দোষত আমাৰ জলবিহাৰী নাও-সুন্দৰী চালপীৰা হ'ল।

 লগুণ-দিয়নি। একেদিনাই মোৰ আৰু মোৰ ভতিজা এটাৰ লগুণ-দিয়নি হৈছিল। যদিও “প্ৰাইভেট” (private) অৰ্থাৎ অশাস্ত্ৰীয় ৰকমে মোৰ কৰ্ণবেধ অৰ্থাৎ কাণ-বিন্ধনি কেতিয়াবাই হৈ, কাণৰ ভোমোলা পিন্ধাত সীহৰ কৰিয়া, খৰিকা আৰু কুহিলাৰেপৰা আৰম্ভ কবি সোণৰ বাখৰ পতোৱা লংকেৰু পৰ্যন্ত সোমাই ওলমি টিঘিল্ ঘিলাইছিল, তথাপি “অফিচিয়েলি” (officially) অৰ্থাৎ শাস্ত্ৰীয় ৰকমে কৰ্ণবেধ আৰু চুড়াকৰণ আদি ব্ৰাহ্মণৰ দশসংস্কাৰৰ ভিতৰুৱা সংস্কাৰ সেইদিনা লগুণ-দিয়নিৰে সৈতেহে সমাপিত হৈছিল। এটা কথা এইখিনিতে কৈ থোৱা যাওক যে লগুণ-দিয়নিলৈ চাৰি-পাঁচ দিন থকাৰেপৰা দিনৌ আমাৰ টোলৰ ভিতৰত নিবাস কৰোঁতা অব্ৰাহ্মণসকলৰ বহাৰ পৰা অন্ন-ব্যঞ্জন ভোজনৰ অৰ্থে মোলৈ ভুৰি ভুৰি নিমন্ত্ৰণ আহিছিল; আৰু মই আনন্দ মনেৰে নিমন্ত্ৰণবোৰ ৰক্ষা কৰি আত্মতুষ্টি আৰু পৰতুষ্টি সম্পাদন কৰিছিলোঁ। এনে মুৰামুৰি সময়ত এনে নিমন্ত্ৰণৰ জাউৰি উঠাৰ অৱশ্যে মানে আছিল। —শাস্ত্ৰৰ বচন হৈছে, “জম্মনা জায়তে শূদ্ৰ”; অৰ্থাৎ উপজিবৰেপৰা যদিও মই বামুণৰ ল’ৰা, তথাপি শাস্ত্ৰমতে সংস্কাৰ নোহোৱালৈকে এজতুৱা শূদিৰ হৈয়ে আছিলোঁ :—যদিও এনেকুৱা শূদ্ৰত্ব অমুক শৰ্মা পণ্ডিত বিদ্যানৰ বাপুৰ ঘৰৰ পখিলী নামৰ মেকুৰীজনীৰ