টাংগুটি, লুকাভাকু, পঁচি, কচুগটি, বাঘ-গৰু খেলা, গছত উঠা, বৰশী বাই মাছ ধৰা,ইত্যাদি, ইত্যাদি। সেইকালত ফুটবল, হকী আৰু টেনিছ খেলে আমাৰ দেশত ‘উকি মৰা’ নাছিল; অৱশ্যে ক্ৰিকেট খেলা দেখিছিলোঁ, আৰু অলপ ডাঙৰ হৈ দুই চাৰিদিন খেলিছিলোঁও। আমাৰ এটা পানীখোৱা পুখুৰী আছিল, আৰু সি আহল-বহলত পৰিমৰা বিধৰো নাছিল; অৰ্থাৎ সেইকালত তাক এটা বুজন বিধৰ পখুৰীকেই বুলিব লাগে। বাৰিষা তাত পানী উপচি থাকিছিল, আৰু খৰালি পানী শুকাই সি কেটেঙাও নহৈছিল। বাৰিষা পৰ্বতৰ টিঙত যেনেকৈ ম’ৰাৰ আনন্দৰ চালি, বাৰিষা আমাৰো সেই পুখুৰীৰ পাৰত হাঁহি ধেমালি আৰু খিকিন্দালি। দিন নাই, ৰাতি নাই, সময় নাই, অসময় নাই, কাৰণ-অকাৰণত সেই পুখুৰীত আমাৰ নাদোৰ-সাঁতোব জাঁপ আৰু খৰ। থিয়-সাঁতোৰে, চিলনী সাঁতোৰ আদি কত ৰকমৰ সাঁতোৰৰ আন্দোলনেৰে সেই পুখুৰীত হেন্দোলদোপ লগাইছিলোঁ, তাক আমি জানিছিলোঁ আৰু সেই পুখুৰীয়ে জানিছিল। বোধকৰো আমাৰ অতিৰিক্ত উৎপাতৰ প্ৰতিবাদ স্বৰপেই হ’বলা, এদিন আবেলি সকলোৱে দেখি আচৰিত মানিলে যে হঠাৎ সেই পুখুৰীটো খলকিবলৈ ধৰিলে। চাৰিওফালৰপৰা পানীবোৰ, কিহে কব নোৱাৰো, সামৰি নি পুখুৰীৰ মাজৰ নাদৰ ওচৰত গোটাই পৰ্বতৰ ওখ টিং যেন কৰিলে আৰু খন্তেকতে চাৰিওপাৰৰফালে মাৰি পঠিয়ালে; আকৌ সেইদৰে চপাই ওখ কৰিলে, আকৌ মেলি দি চাৰিওপাৰ ধৌৱাই পেলালে, ঠিক যেন পুখুৰীৰ সাগৰৰ পানীৰ ঢৌৰ উঠা-নমা আৰু আগবঢ়া পিছহোঁহকা। এনেকৈ দহ মিনিটমান আন্দোলিত হৈ পখৰীটোৱে আকৌ আগৰ সৌম্য শান্ত মুৰ্তি ধাৰণ কৰিলে। এইটো কিবা আধিদৈৱিক বা আধিভৌতিক উৎপাত বুলি ধৰি পিতৃদেৱতাই পণ্ডিত ব্ৰাহ্মণসকলৰ দ্বাৰাই ইয়াৰ পিছত স্বস্ত্যয়ন, শান্তিকৰম কৰোৱালে আৰু নামঘৰ বা গোসাঁই-ঘৰত পাল-নাম গোৱালে। এই ঘটনাৰপৰা কিছুদিনলৈকে আমি সেই পুখুৰীত আমাৰ উৎকট জল-ক্ৰীড়া স্থগিত কৰি ৰাখিছিলোঁ; কিন্তু তাৰ পিছত—“যথা পুৰ্বং তথা পৰং।” সকলোতকৈ সৰহ সময় মই পানীৰ তলত বুৰ মাৰি থাকিব পাৰিছিলোঁ আৰু একে বুৰতে চাৰিপৰীয়া পুখুৰীটোৰ এচুকৰপৰা diagonally আনটো চুকত ওলাইছিলোঁগৈ। পুখুৰীটোৰ এটা পাৰত একে ঠাইতে লগালগিকৈ এজোপা কঠাল, এজোপা তামোল আৰু এজোপা তেতেলি গছ আছিল। তেতিলি গছৰ ডালবোৰ পুখুৰীটোৰ পানীৰ ওপৰলৈকে মেল খাই গৈছিল। তেতেলিৰ ডালত উঠি তাৰপৰা জাপ মাৰি জপং কৰে পানীত পৰাটো মোৰ নিত্যকৰ্মৰ এটা কৰ্ম আছিল। পাৰৰপৰা ওলোটা খৰ মাৰি পুখুৰীত পৰাটোও মোৰ আন এটা বাহাদুৰীৰ কাম আছিল। মুঠতে ঘাটেদি বা সোঁবাটেদি পুখুৰীত নামি গা ধোৱা বা পুখুৰীৰ সৈতে “লেনদেন” কৰাটো মোৰ স্বভাৱবিৰুদ্ধ হৈ পৰিছিল।
মই সাঁতোৰা বিদ্যাত পৰিপক্ক হলোঁ যেতিয়া সঙ্গীসকলেৰে সৈতে যুক্তি কৰি একো একোদিন দিখৌত সেই কাৰ্য কৰিবলৈ ধৰিলোঁ। বাৰিষা দিখৌত সাপৰ-নেগুৰ-ছিগা সোঁত। একো একোদিন তেনে দিখৌত পৰি সাঁতুৰি ইপাৰ-সিপাৰ হৈছিলোঁ। দিখৌৰ