পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
মোৰ জীৱন-সোঁৱৰণ

এনে বিধৰ বৰপুখুৰীটোৱেও অচিৰতে মোৰ মন হবণ কাৰ্য সম্পাদন কৰিলে। ইয়াৰ উপৰিও কোবাল-সোঁতীয়া আৰু “মানহ-পৰি−মৰা” ওখ গৰাৰে দিখৌ নৈয়ে আৰু দিখৌৰ সিপাৰৰ ৰংঘৰ, কাৰেংঘৰ, তলাতলি ঘৰ, জয়সাগৰৰ দৌল আৰু প্ৰকাণ্ড পুখুৰী প্ৰভৃতিয়েও যে সোনকালে এই মোৰ মন-হৰণ ভাওনাত ডাঙৰ ডাঙৰ ভাৱৰীয়াৰ ভাও দি সহায় কৰি সেই ভাৱনা সুকলমে সমাপন কৰিলে এইটো কোৱা বাহুল্য মাথোন। মোৰ পক্ষে শিৱসাগৰ শীঘ্ৰে আনন্দ-সাগৰ হ’ল, ৰংপুৰ ৰঙৰ আলয় হ’ল।

 শিৱসাগৰৰ ঘৰত উমলিবলৈ মোৰ দুটা ভতিজাক লগৰীয়া স্বৰূপে পালো; এটি মোতকৈ ডেৰ বছৰৰ বৰ, আনটি মোতকৈ অলপ সৰু। প্ৰথম দিনতে মই আবিস্কাৰ কৰিলোঁ যে সিহঁত দুয়ো মোতকৈ বেছিকৈ পঢ়িছে; অৱশ্যে বঙ্গলা কিতাপ। সিহঁত দুয়ো সিহঁতৰ বঙ্গলা বিদ্যাৰ “তুবৰিবাজীৰে” খন্তেকতে মোক অবাক কৰি দিলে। বঙ্গলা পদ্য-পাঠৰ পদ্য মোৰ আগত সিহঁতে মাতি মোক এক প্ৰকাৰ পুতি পেলালে বুলিব লাগে। তাৰ এটা পদ্য মোৰ এতিযাও মনত আছে যথা-

পৰ্বতে ধূসল মেঘ হইল উদয।
ভয়ঙ্কৰ শব্দ কৰি বেগে বাযু বয॥
পাতা উড়ে ফল পড়ে ভাঙ্গিতেছে ডাল।
উড়িল বাতাসে সব কটীৰেৰ চাল॥
নদী জ্বলে উঠে ঢেউ পৰ্বত সমান।
উপায নাপায় মাঝি কৰে হায় হায॥

দুয়ো লগ লাগি “ভয়ঙ্কৰ শব্দ কৰি” এই প্ৰচণ্ড পদ্য মাতি মোৰ ওচৰত প্ৰথম দিনতে এনে “বেগে বায়ু” বোৱাবলৈ ধৰিলে যে মোৰ লখীমপুৰীযা আৰু গুৱাহটীযা বিদ্যাৰ গৰ্বেৰে ছোৱা মন-কুটীৰৰ চাল উৰি কৰবাত পৰিলগৈ; মোৰ শান্ত মনাহ নৈৰ জলত পৰ্বত সমান ঢৌ উঠিল, তুলনাত মোৰ বিদ্যাহীনতাৰে চৈ দিয়া টুলুঙা নাওখনি টুলুং ভুটুং কৰি বুৰোঁ বুৰোঁ হ’ল আৰু মই উপায় নাপায় অন্তৰত হায়! হায়! কৰিবলৈ ধৰিলোঁ। তেতিয়াই মই মনতে সঙ্কল্প কৰিলো যে সিহঁতে যিটো খাৰ ঘৰৰপৰা খাৰ বাৰুদ সংগ্ৰহ কৰি মোৰ ক্ষুদ্ৰ কিল্লাটো ফতে কৰিলে, সেই খাৰ ঘৰৰপৰাই অতি শীঘ্ৰে ময়ো খাৰ−বাৰুদ সংগ্ৰহ কৰি সিহঁৰে সৈতে সমানে ৰণ দিম। যেনে সঙ্কল্প তেনে কাৰ্য হ’ল; সিহঁতে পঢ়া বঙ্গলা পদ্যৰ কিতাপখন দুই-চাৰি দিনতে পঢ়ি আৰু সিহঁতে মুখস্থ কৰি থোৱা কবিতাকেইটা মুখস্থ কৰি পেলালো। তেতিয়া সিহঁতে পদ্য মাতিলে ময়ো যেতিয়া সিহঁতেৰে সৈতে সমানে সেই পদ্য মাতি বা সিহঁতে মাতোঁতে লৰি আগবাঢ়ি কাউণ্টাৰফায়াৰেৰে (counterfire-এৰে) অৰ্থাৎ প্ৰত্যাগ্নিৰে পদ্যাগ্নি নুমাবলৈ ধৰিলোঁ, আমাৰ ভিতৰত সংঘটিত পদ্য যুদ্ধখন স্থগিত হৈ শান্তি স্থাপিত হ’ল। কিন্তু কুইনিনে হেঁচা মাৰি ধৰি ৰখা মেলেৰীয়া জ্বৰৰ নিচিনাকৈ সোনকালে সি আন আকাৰেৰে দেখা দিবলৈ সৰহ দিন নালাগিল। ওপৰত কৈ অহা খণ্ডযুদ্ধত যদিও যোদ্ধা দুজন হাৰিছিল, সিহঁতে আকৌ শক্তি সংগ্ৰহ কৰি নোৰে