পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
দ্বিতীয় আধ্য়া

উজ্জ্বল আৰু মহিমাশ্বিত কৰিলেহেতেন। দেৱী সৰস্বতীৰ বছেৰেকীয়া পূজাৰ উৎসৱ ছাতৰসকলৰ পক্ষে কেনে আনন্দময় হয়—তেওঁৰ দৈনিক পূজাও যদি ছাতৰ-সকলৰ পক্ষে তেনে আনন্দময় হ'লহেঁতেন, তেন্তে তেওঁৰ অক্ষয় জ্ঞানভাণ্ডাৰৰপৰা জ্ঞান-ৰত্বৰ সম্ভাৰ হৰিষ 'মনেৰে সংগ্ৰহ কৰি কত লোক ধনী আৰু সুখী হ’ব পাৰিলেহেঁতেন।

 স্কুলত আমাক অঙ্ক শিকোৱা এজন মাষ্টৰ আছিল; তেওঁৰ নামটো (যদি মই পাহৰা নাই) চাখাৱত আলি। তেওঁক দেখিলেই মোৰ মূৰত থাকিব নোখোজা অঙ্কৰ আকৃতি কেইটা বিকৃতি হৈ, মাতৃস্তন্যৰে সৈতে মাতৃদত্ত মাতৃকেইটাক সিহঁত লগত লৈ মোক স্কুলৰ ক্লাছৰ কাঠৰ বেঞ্চৰ ওপৰতে নিৰুপাষ কৰি অকলশৰীয়াকৈ এৰি, তাহানি নিষ্ঠুৰ নলে দমযন্তীক হাবিৰ মাজত এৰি পলোৱাদি পলাইছিল। তাৰ পিছত কিন্তু মুন্সি চাহাবৰ ৰঙা চকু আৰু চোকা মুখৰ বাক্যবাণ এই মৃতকৰ ভেলটোৰ ওপৰত যিমান কোবেৰে পৰিছিল, উত্তৰৰ আশাত নিৰাশ হৈ সিমান কোবেৰেই সেইবোৰ তেওঁৰ টোণলৈ উভতি গৈছিল। মঠেতে এইফেৰা ক’লেই হ'ব যে গুৱাহাটীৰ স্কুল মোৰ পক্ষে আনন্দালয় নহৈ যমালয হৈ উঠিছিল।

 মনত আছে, স্কুলত মোৰ এনে বিদ্যাভ্যাসৰ সঙ্কটময় অৱস্থাতে এবাৰ কলিকতাৰপৰা তেওঁলোকৰ কলেজৰ বন্ধত ককাইদেওসকল গুৱাহাটীলৈ আহিছিল। মোৰ কলিকতীয়া ককাইদেওসকল আজি আহি পাবহি, এই উৎসাহৰ আনন্দাতিশয্যত মোৰ মাটিত ভৰি পৰা নাই। ককাইদেওসকল আহিল; গুৰুজনসকলক তেওঁলোকে সেৱা কৰি আদৰ অভ্যৰ্থনা লাভ কৰিলে , সৰুবোৰক দুই-চাৰি আষাৰ মিঠা কথাৰে আপ্যায়িত কৰি সেৱা নমস্কাৰ গ্ৰহণ কৰিলে। কিন্তু এই দূৰ্ভগীয়া দূৰদৃষ্টৰ কথা কি কম। মোক দেখিয়েই ককাইদেৱে মাত লগালে-“এইটো ইমান ডাঙৰ হ’লনে। হেৰ তই কি পঢ়িছ?” প্ৰশ্নটো শুনিষেই মোৰ মনৰ আনন্দৰ বাণ একে হেচোকতে হুহঁকি শুকাই গৈ তাৰ তলিৰ ওখোৰামোখোৰাবোৰ ওলাই পৰিল; মুখ শুকাই কৰাই খোলা যেন হল। ভাবিলো, হৰি হৰি! মোক স্কুলৰ বৰ বাঘে খেদি আহি দেখোন আজিৰ নিচিনা এনে আনন্দৰ দিনতো ঘৰ পালেহি।

 কিছুমান বেলিৰ পিছত ককাইদেৱে মোৰ পঢ়া কিতাপকেইটা মোৰ হতুৱাই অনাই, মোৰ পঢ়াৰ পৰীক্ষা কৰিবলৈ লাগি গ'ল; আৰু তেওঁৰ প্ৰশ্নৰ উত্তৰত মোৰপৰা তেওঁ একো একোটা ফোপোলা আলুগুটি পাবলৈ ধৰিলে। তেওঁৰ উঠিল খং। মোক ধৰি কিল-কীৰ্তন দিবলৈ উঠি দিলে খেদা। মই মাৰিলো লৰ। ক্ষন্তেকতে মই আমাৰ গোটেইখন বাৰীত, পছোৱা বতাহৰ আগ উৰাদি উৰি ফুৰিবলৈ ধৰিলো আৰু মোৰ পিছে পিছে তেওঁ লৰি ফুৰিবলৈ ধৰিলে। তেওঁ অসাৰ্থক খেদাত ক্লান্ত হৈ পৰিল, মোৰ বেগ কোবতকোব চলিল। সকলোৱে অবাক হৈ এই বিপৰীত দৃশ চাবলৈ ধৰিলে। অন্তত খেদা আৰু ল’ৰাৰ ধুম যেতিয়া তমোময় হৈ উঠি উঠিলগৈ, মাতৃদেবীয় বৰ পুতেকক এই wild goose chase অৰ্থাৎ পলৰীয়া হাঁহ ধৰিবলৈ খেদি ফুৰি হায়ৰাণ হোৱাৰপৰা