॥তৃতীয় আধ্যা॥
পিতৃদেৱতা লখীমপুৰৰপৰা গুৱাহাটীলৈ বদলি হয়। অসম-বুৰঞ্জী লেখক কাশীনাথ তামুলী ফুকনৰ জ্যেষ্ঠ পুত্ৰ, গুৱাহাটী-নিবাসী শ্ৰীযুত কমলানাথ ফুকনৰ ঘৰত আমি উঠিলোঁহি। ফুকনৰ ঘৰৰে সৈতে বেজবৰুৱাৰ ঘৰৰ ঘনিষ্ঠ সম্বন্ধ পুৰণিকালৰে পৰা চলি আহিছে। তাৰউপৰি কমলানাথ ফুকনৰ ভাযেক, শিৱসাগৰ নিবাসী শ্ৰীযুত মুক্তানাথ ফুকন খাজাঞ্চী পিতৃদেৱতাৰ জোৱায়েক। আমি অলপ দিন মাথোন ফুকনৰ ঘৰত আছিলোঁ। আমাৰ বংশৰ সুবিখ্যাত ৺লক্ষীনাথ গজপুৰীয়া বৰুৱা ডাঙৰীয়াৰ খালী হৈ থকা ঘৰ-বাৰীলৈ সোনকালে উঠি গলোহঁক।
| গুৱাহাটীৰ বিশাল ব্ৰহ্মপুত্ৰ আৰু চাৰিওফালৰ পৰ্বতমালাৰে বিভুষিত মনোৰম দৃশ্যই মোৰ মন অনিৰ্বচনীয় আনন্দেৰে পূৰাই পেলালে। সেই দৃশ্যৰ চিত্ৰপট মোৰ হৃদয়-চিত্ৰশালত যাবজ্জীৱন থাকিব। অশ্বক্লান্ত, উমানন্দ, উৰ্বশী, নৱগ্ৰহ, শুক্ৰেশ্বব, বশিষ্ঠাশ্ৰম আদি তীৰ্থস্থানলৈ পিতৃদেৱতাৰে সৈতে গৈ মই যে কি অপাৰ আনন্দ উপভোগ কৰিছিলোঁ, কৈ অঁতাব নোৱাৰোঁ। মাথোন কামাখ্যা আৰু হাজোলৈ মোক সৰু বুলি পিতৃদেৱতাই লগত নিয়া নাছিল।
গুৱাহাটীতে প্ৰথমতে মোৰ স্কুলত প্ৰবেশ ঘটে। সঁচাকৈ ক'বলৈ গ'লে, স্কুললৈ যোৱাটো মোৰ মনত বব-ফাটেকলৈ যোৱা যেন লাগিছিল। মোৰ পক্ষে স্কুলত প্ৰবেশ মানে বনবিহঙ্গৰ সজাত প্ৰবেশ; যদিও তাৰ অৱস্থিতি চাৰি-পাঁচ ঘণ্টাৰ নিমিত্তেহে। কিন্তু হলে কি হব, সেই চাৰি-পাঁচ ঘণ্টাৰ পিছত মুকলি হৈ গৈ আকৌ যে কাইলৈ তাত পুনৰাবদ্ধ হোৱা অনিবাৰ্য, সেই চিন্তাৰ ভয়ে মোক খুলি খুলি খাইছিল। পিতৃ দেৱতাৰ হুকুম, মই স্কুললৈ যাবই লাগিব-তেনেহলে মোৰ মনোৰাজ্যত “বামুণেই মৰক বা লগুণেই ছিগক।”
স্কুলত সোমায়েই যেই দেখোঁ, কৰধৃত-ঘূৰ্ণিত-শোভিত-বেত্ৰং মাষ্টৰ মহাপ্ৰভুসকলৰ বজ্ৰ-বজ্ৰ-গভীৰ নিনাদ ছাত্ৰসকলৰ সম্মিলিত সংযত কণ্ঠ-নিসৃত মদু-মণ্ড গুৰু গুৰু ধ্বনিৰ কটাহ ভেদ কৰি স্কুল ঘৰৰ মুধচ পাইছেগৈ, মোৰ ধাতুটিও মূৰৰ মুধচত উঠিবলৈ লৰ ধৰে। মোৰ মুৰৰ ব্ৰহ্ম-ৰন্ধ্ৰৰ কাষতে ধাতুটিক এৰি থৈ মই বহি স্কুলত কিবা শিকা-বুজাৰতো কথাই নাই, ঘৰত অলপ অচৰপ যি পঢ়ি-শুনি শিকি বুজি আহোঁ, সিয়ো পাহৰণিৰ পঞ্চবটীত সোমাই মায়া-মৃগ হৈ কৰবালৈ লৰি পলাই গুচি যায়। হায়! স্কুল মোৰ মনত ভয়ৰ ভৱন নহৈ যদি আনন্দভৱন হ'লহেঁতেন আৰু মোৰে নিচিনা দূৰ্ভগীয়া “স্কুলাতঙ্কৰোগহগ্ৰস্ত” এশ-এটা ল’ৰাৰ পক্ষেও যদি তেনেকুৱাই হ'লহেতেন, তেন্তে আমাৰ দেশত কি সুস্থ সবল দেহৰ আৰু মনৰ এচাম প্ৰজাৰ (generation) সৃষ্টি হ'লহেতেন। স্কুলত শিক্ষা দিবৰ কঠোৰ নিৰ্মম নিৰস এটা মাথোন ব্যৱস্থাৰ সলনি যদি তাৰ ওলোটা অৱস্থাৰ প্ৰচলিত হ’লহেতেন, তেন্তে কেনে হাঁহিমুখীয়া কাৰ্যক্ষম আৰু নিজৰ সাধ্য সীমাত প্ৰফুল্লিত প্ৰজা চামে চামে বাঢ়ি আমাৰ জন্মভুমিক