পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 লখীমপুৰতে এই সোঁৱৰণ-লেখক হৈ-গুদু খেলৰ বিদ্যাত দীক্ষিত হৈ সেই খেলৰ কোনো এখন অস্থায়ী ‘ক্লাব’ খুদমান হাতৰ সভ্যৰূপে পৰিগণিত হৈছিল। অৱশ্যে সেই যুদ্ধ-ক্ষেত্ৰ, এই লেখকতকৈ অনেক গুণে ডাঙৰ আৰু বলী যুঁজাৰু ৰথী-মহাৰথীসকলৰ শৌৰ্য-বীৰ্যৰ আস্ফালনেৰেহে বিশেষকৈ পৰিকল্পিত হৈছিল; এই ভেকুৰিগুটীয়া আন দুই চাৰিটা ভেকুৰিগুটীয়াৰে সৈতে প্ৰতিদন্দী পক্ষৰ কোনো এক পক্ষৰ দ্বাৰাই ৰণুৱাৰ লেখ বঢ়াবলৈ ক্ষুদ্ৰ পদাতিকৰূপে মাথোন ব্যৱহৃত হৈছিল; আৰু ভেকুৰিগুটীয়া ৰণুৱাৰ ‘ডিউটি’ (duty) কাম হৈছিল— গুদু-গুদুকৈ দলৰপৰা বিশ্বাশৱদেলৰি ওলাই গৈ বিপক্ষ দলৰ কোনো এজনৰ হাতত বন্দী হৈ উশাহ এৰি হৈ-গুদুৱা প্ৰাণ পৰিত্যাগ কৰাটো মাথোন। উশাহ এৰি হৈ-গুদৱা মোৰ ককাইদেউ আৰু ভাগিনৰ বাহিৰে সেই ৰথী-মহাৰথীসকলৰ ভিতৰত দুজনৰ নাম মনত আছে। এজন শ্ৰীযুত হৰিবৰ দাস, আনজন শ্ৰীযুত গভীৰচন্দ্ৰ দাস।