পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
মোৰ জীৱন-সোঁৱৰণ

তোলপাৰ লগাই পেলাইছিল; আৰু সকলোৱে তাৰ নিচিনা ধাৰ্মিক আৰু পুণ্যাত্মা মানুহৰ দ্বাৰাই তেনে ঘৃণণীয় কাম কোনোমতেই হোৱাটো অসম্ভৱ বুলি বুজি, বেজাৰ আৰু শোকত মগন হৈছিল, আৰু যাতে পিতৃদেৱতা সেই অগ্নি-পৰীক্ষাৰপৰা নিষ্কলঙ্ক হৈ সম্মানেৰে সৈতে উদ্ধাৰ হৈ ওলাই তাৰ অৰ্থে ঈশ্বৰৰ ওচৰত কায়মনোবাক্যে প্ৰাৰ্থনা কৰিছিল। এই বিপদৰ গোটেইডোখৰ কালতে ডাঙৰীয়া দীননাথ বেজবৰুৱা স্থিৰ, ধীৰ অটল হৈ আছিল আৰু তেওঁৰ নিষ্পাপ নিৰ্মল অন্তঃকৰণত এক মুহূৰ্তৰ নিমিত্তে ভয়ৰ সঞ্চাৰ হোৱা নাছিল। তেওঁৰ নিৰ্ভৰ উত্তৰ, ঈশ্বৰ-বিশ্বাসেৰে বলী পৌৰুষপূূূৰ্ণ ব্যৱহাৰে কৰ্ণেল ক্লাৰ্ককে প্ৰমুখ কৰি তেওঁৰ শত্ৰুদলৰ প্ৰাণত আতঙ্ক আৰু ডিব্ৰুগড়ৰ প্ৰজাৰ মনত বিস্ময়-বিমিশ্ৰিত আনন্দ উৎপাদন কৰিছিল। বিচাৰৰ শেষত পিতৃদেৱতা মেঘমুুুক্ত শশধৰৰ দৰে নিজৰ পূূূৰ্ণ যশস্যাৰ জেউতিৰে আৰু উজ্বল হৈ ওলাল। গৱৰ্ণমেণ্টে তেওঁক আকৌ আগৰ কামত নিযুক্ত কৰি, কামৰপৰা স্থগিত (চ্ চপেণ্ড) হৈ থকা কেইমাহৰ পূৰা বেতন দিলে। ইযাৰ পিছত তেওঁৰ শত্ৰুদলৰ যিবোৰ নানা লটিঘটি-হৈছিল, সেইবোৰৰ বৰ্ণনা দি লেখনী কলুষিত কৰিব নোখোজোঁ। সেই মোকৰ্দমাত পিতৃদেৱতাৰ বিস্তৰ ধন ভগন হৈছিল। ব্ৰেন্সন নামে (পিছত ইলবট বিলৰ সময়ত ভাৰতীয় মানুহক ঘাইকৈ বঙালীক গালি পাৰি বিখ্যাত হোৱা) এজন ইংৰাজ ডাঙৰ বেৰিষ্টাৰক আৰু শৰৎচন্দ্ৰ বানুুুৰ্জী নামে এজন চাপৰ বঙালী উকীলক পিতৃদেৱতাৰ পক্ষ সমৰ্থন কৰিবৰ নিমিত্তে কলিকতাৰপৰা অনোৱা হৈছিল। ব্ৰেন্সন অহাৰ আগেয়েই উকীল শৰৎচন্দ্ৰ বানুুুৰ্জীয়ে ডিব্ৰুগড় পাই সেই মিছা মোকৰ্দমাৰ জাল খণ্ড বিখণ্ড কৰি উৰাই দিলে। ব্ৰেন্সন আহি গোৱালপাৰা পাওঁতেই তাৰেপৰা পিতৃদেৱতাৰ নাতিয়েক সুবিখ্যাত হাকিম পূূূৰ্ণানন্দ বৰুৱা ‘ছোটচাহাবে’ তেওঁক ওভোতাই পঠিয়ালে। সেই মোকৰ্দমাত অহা সুযোগ্য উকীল বাবু শৰৎচন্দ্ৰ বানুুুৰ্জীয়ে তাৰ পিছত আসাম গৱৰ্ণমেণ্টৰ চাকৰি লৈ ‘এক্‌ষ্ট্ৰা এছিষ্টেণ্ট’ হৈ আসামতে থাকিল।

 আমাৰ সুযোগ্য বন্ধু সদাগৰ শ্ৰীযুত ভোলানাথ বৰুৱা ডাঙৰীয়াই (B. Barooah) মোক এদিন কলিকতাত কৈছিল যে তেওঁ ঢাকাত থাকোতে ডিব্ৰুগড় কাছাৰী পোৰাৰ ৰহস্য হঠাৎ এদিন তেওঁৰ আগত এটা ঘটনা সূত্ৰত উদ্ঘাটিত হৈ পৰিছিল। হেনো ৰগকা কোনো এটা মুছলমান বেপাৰীৰ মোকদৰ্মাৰ নথি এটা পূৰি নষ্ট কৰিবৰ নিমিত্তে সেই বেপাৰীৰে এটা মুছলমান কৰ্মচাৰীৰ দ্বাৰাই সেই কাৰ্যটো সঙ্ঘটিত হৈছিল। অনেক বছৰৰ পিছত, সেই ৰহস্য প্ৰকাশৰ বিপদ সম্পূৰ্ণৰূপে বিদূৰিত হোৱা জানি, সেই মানুহে বৰুৱা ডাঙৰীয়াৰ আগত কোনো সূত্ৰত সেই কথা স্বতঃপ্ৰকাশ কৰি নিজৰ বাহাদুৰীৰ আনন্দ উপভোগ কৰিছিল।

 লখীমপুৰীয়া স্মৃতিৰ ওচৰত বিদায় লবৰ আগতে লখীমপুৰৰ চেনিমাছ আৰু পাভমাছৰ কথা মনত পৰিল। এনে ডাঙৰ আৰু তেলাল চেনি আৰু পাভমাছ লখীমপুৰ এৰিবৰপৰা আজিলৈকে আৰু মই ক'তো দেখা নাই। সেই দুবিধ লখীমপুৰীয়া মাছ সোশৰীৰে মোৰ আগৰপৰা অন্তৰ্ধান হ'ল যদিও তাৰ সোঁৱৰণ অন্তৰ্ধান নহ'ল।