পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
মোৰ জীৱন সোঁৱৰণ

ৰহ ৰে ৰহ ৰহ
মাতৃবৈৰী হৰি
হাতে শূল ধৰি
পঠাইবো যম নগৰী।

 এই বচন মাতি হাতত লাখুটি এডাল লৈ নৰসিংহ হোৱা শ্ৰীনাথ ককাইদেওৰ ফালে চোচা লওঁতেই কলিৰ হিৰণ্যকশিপুতকৈও ডাঙৰ ককা শ্ৰীযুত ৰবিনাথ মাজুদলৰ বৰুৱা আহি ক'ৰবাৰ পৰা হিৰণ্যকশিপুৰ ওপৰত জপং কৈ পৰিল। নিমিষতে নৰসিংহ ফিৰিঙতি ভগাদি ভাগি অদৃশ্য হৈ সাৰিল, কিন্তু হিৰণ্যকশিপুৱে কাণ-মলা খালে।

 মনত আছে, এবাৰ ভাৱনাত এটা ভাও দিয়া হৈছিল, তাৰ নাম মঙ্গলা খৰিকটীয়াৰ ভাও। মঙ্গলাই খৰি কাটিবলৈ হাবিলৈ যাবলৈ ওলাইছে, কিন্তু সেইদিনা আছিল মঙ্গলবাৰ। ওচৰ চুবুৰিয়াই বাৰটো বেয়া দেখি মঙ্গলক খৰি কাটিবলৈ হাবিলৈ যাবলৈ হাক দিলে; কিন্তু মঙ্গলাই নশুনিলে, ফলত মঙ্গলাক বাঘে খালে। ভাৱনাৰ সভাঘৰত পিতৃদেৱতা, ৰবিনাথ ককা আৰু আন আন মানুহেৰে সৈতে আমি বহি ভাও চাই আছোহঁক। মঙ্গলাই খৰি পৰি থাকোতেই যেই তাক খাবলৈ পিছফালৰপৰা হাওঁ-হাওঁকৈ মুখা পিন্ধা বাঘ এটা ওলাল ওপৰত কৈ অহা ভীম-জৰাসন্ধৰ প্ৰধান নায়ক, জৰাসন্ধৰ সিদ্ধহস্ত, বীৰৰসাত্বক বাক্য-বচনত লব্ধপ্ৰতিষ্ঠ ককাইদেউ শ্ৰীনাথে ভয়ত চিয়ঁৰ মাৰি উঠি মাৰিলে লৰ। ভাৱনাৰ সভাঘৰত হাঁহিৰ ৰোল উঠিল। গতি বিষম দেখি উপস্থিত বুদ্ধিসম্পন্ন ককা ৰবিনাথে to save the situation, একেচাবেই উঠি গৈ ব্যাঘ্ৰ ভীতি-বিহ্বল শ্ৰীনাথ ককাইদেওক ধৰি আনি নিৰ্ভৰ দি নিজৰ কোলাত বহুৱাই বকুত সুমাই ল'লে; আৰু লোকৰ হাকবচন নুশুনি গৰুৱালি কবি বেষা বাৰ নমনা বপৰা মঙ্গলাক মুখা পিন্ধা ঢেকিয়াপতীয়া বৰ বাঘে নিৰ্বিবাদে খালে।

 অথচ সভাঘৰ ভৰি থকা বাবে কুৰি মানুহৰ ভিতৰত এটা-এড়োখৰেও এটি টু শব্দ নকৰিলে, একাষাৰ ইচ ইচ বা ৰাম বিষ্ণুকে নুবুলিলে, টোকোন লাখুটিৰ কথাকে নকওঁ, এডাল মেমেৰা খাগৰিকে নাইবা হালোৱা এচাৰিকে নোজোকাৰিলে নাইবা তৰ্জনী আঙ্গলি বা কেয়া আঙ্গলি এটাকে বাঘটোক নেদেখুৱালে!!!

 মনত আছে, আমি লখীমপুৰত থাকোঁতেই ককাইদেউ শ্ৰীযুত গোবিন্দ বেজবৰুৱা (G. Bezbaroa) আৰু শ্ৰীযুত গোলাপচন্দ্ৰ বেজবৰুৱা (Dr. G. C. Bezbaroa) কলিকতাত পঢ়িবলৈ গৈছিল। সেই কালত কলিকতাত পঢ়িবলৈ যোৱাটো অনেক বিষয়ত আজি-কালিৰ নিচিনা উজু ব্যাপাৰ নাছিল। ডাক−জাহাজ আৰু ৰেলৰ আবিৰ্ভাব তেতিয়াও আসামত হোৱা নাছিল; সদাগৰী জাহাজ চলাচল হৈছিল মাথোন, আৰু তাৰ সহায়েৰে ১৫/২০ দিনেহে গৈ কলিকতা যাত্ৰীয়ে কলিকতাত ওলাবগৈ পাৰিছিল। কলিকতাত পঢ়িবলৈ গৈ বঙালীৰ হাতে ভাত খালে সম্ভৱত আমাৰ ককাইদেওসকলৰ জাত যায়, এই ভয়ৰ আন্দোলন আমাৰ ঘৰত প্ৰবলভাৱে চলি বিষম সমস্যা উপস্থিত কৰিছিল। এই সমস্যাৰ সমাধান, শশধৰ নামৰ অসমীয়া বামুণ