শৰ্মাৰ সহায়ক হৈছিলোঁ আৰু লগে লগে নিজৰ কল্পনাৰ সহায়েৰে মোৰ মনোবৃত্তিকো খচি-বান্ধি মনতে কি অপৰূপ মাযাপুৰী সাজিছিলোঁ, ভাবিলে শৰীৰত ৰোমাঞ্চ হয়। মই ভাবিছিলোঁ, দুৰ্গেশ্বৰ খনিকৰে যেনেকৈ এই প্ৰতিমাৰ প্ৰত্যেক অংশ নিজৰ সুনিপুণ হাতেৰে গঢ়ি তুলিব লাগিছে, আমাকো আমাৰ বৰ খনিকৰ ঈশ্বৰে সেইদৰে পৰিশ্ৰম কৰি গঢ়ি এই পৃথিৱীত উমলিবলৈ পঠিয়াই দিছে। সৃষ্টিৰ এনে সহজ ব্যাখ্যা সহজভাৱে তেতিয়াই মোৰ মনত উদয় হৈছিল। শৰ্মাদেৱে প্ৰতিমা গঢ়ি তোলাৰ প্ৰত্যেক কাৰ্যৰ অংশতে মোৰ কৌতুহলৰ চকু পৰিছিল। ধল, হেঙুল, হাইতালৰ বৰণ পিহা-সনা কাৰ্যই প্ৰতিমাৰ গা, হাত, ভৰি, মুখ উজ্জ্বল কৰাৰ লগে লগে মোৰ মন উজ্জল কৰি তুলিছিল। মনত আছে, এদিন দুৰ্গেশ্বৰ শৰ্মাদেৱক সুধিছিলোঁ-“দুৰ্গেশ্বৰ ককাইদেউ, এই হেঙুল, হাইতালবোৰ ক’ত পোৱা যায়?” তেতিয়া বেলি পৰিছে; পশ্চিম আকাশ বিচিত্ৰ বৰণেৰে চিত্ৰিত হৈ উঠিছে। তেওঁ ততালিকে সেইফালে আঙুলিযাই দেখুবাই ক'লে, “এইবোৰ মই সৌ তাৰপৰা আনিছোঁ।” মই সুধিলোঁ, “আমিও আনিব নোৱাৰোঁনে?” তেওঁ উত্তৰ দিলে, “তহঁতে নোৱাৰ। গোসাঁনী-পূজাৰ সময়ত মই আকাশী দেৱতাক খুজি আনো। -মোক হে দিয়ে।” মই মিনতিকৈ ক'লোঁ, “ককাইদেও, মোকো চপৰাচেৰেক আনি দিয়ক।” তেওঁ ক'লে, “বাৰু দিম।” ইয়াৰ পিছতো মই তেওঁৰ সেই প্ৰতিশ্ৰুতি তেওঁক সোঁৱৰাই দিবলৈ অনেক দিনলৈকে নাপাহৰিছিলোঁ। কিন্তু তেওঁ “দিম দিম” কৰি লাহে লাহে গা এৰা দিলে দেখি মই হতাশ হৈ আৰু খুজিবলৈ এৰি দিলোঁ।
শৰ্মাদেৱৰ প্ৰতিমা সজাত লাচনি-পাঁচনি কাৰ্যেৰে “মদৎ” দিয়াৰ বেচ-স্বৰূপে এদিন তেওঁ সেই খচা কুমাৰ-মাটিৰে এটা সুতুলি সাজি মোক দিলে; আৰু কেনেকৈ ফুটাত মুখ দি ফুৱাই বজাব লাগে সেই কৌশলটোও শিকাই দিলে। মই কৃতজ্ঞ মনেৰে সুতুলিটো হাতত লৈ, দুবাৰ-চাৰিবাৰৰ ব্যৰ্থ চেষ্টাৰ পিছত, মোৰ মুখৰ ফুৰে আৰু আঙুলিৰ বুলনিৰে যেতিয়া সুতুলিৰ সুৰ তুলিলোঁ আৰু ক্ষন্তেকতে তাৰ মিহি কম্পন-ধ্বনিৰে দশোদিশ কঁপাবলৈ ধৰিলোঁ, মোৰ হৃদয়-তন্ত্ৰীৰ আনন্দ-কম্পনো ততোধিক হৈ উঠিল। ক’ৰবাত এডোখৰ আহাৰৰ সম্ভেদ পাই ব্যস্ত-সমস্তভাৱে এটাৰ পিছত এটা, তাৰ পিছত এটা,— তাৰ পিছত আকৌ এটাকৈ, লানি নিছিগাকৈ লৰা গুৰিপৰুৱাৰ দৰে মোৰ সুতুলিৰ সুৰবোৰো লৰিবলৈ ধৰিলে। কেঁচা কুমাৰ-মাটিৰ দাগ লাগি মোৰ ওঁঠ বগা হ’ল, ফুৱাই ফুৱাই মুখত বিষে ধৰিবলগীয়া হ’ল, সেই উপসৰ্গবোৰলৈ মোৰ ভূক্ষেপ নাই; মোৰ সুতুলিৰ সুৰ অবিৰামভাৱে চলিবলৈ ধৰিলে; চেনেহৰ চুমাৰ এঠাৰে এঠা খাই সুতুলি মোৰ মুখত লাগি গ'ল। সুতুলিৰ দৌৰাত্ম বাঢ়িলত আমাৰ গতিবিধিৰ পৰিদৰ্শক ৰবিনাথ ককাই মোৰ কাকুতি-মিনতিলৈ আওকাণ কৰি সুতুলিটো মোৰ হাতৰ পৰা কাঢ়ি নি নিষ্ঠুৰভাৱে শিল এছটাত এছাৰ মাৰি ডাঙি পেলালে। ককাৰ এনে নিদাৰুণ আচৰণত মোৰ দুচকুৰপৰা দুধাৰ লো বৈ গল; মই দুখ-শোকত ম্ৰিয়মান হলোঁ। আমন-জিমনকৈ দুৰ্গেশ্বৰ শৰ্মাৰ ওচৰ পালোঁগৈ। মুখৰ গঢ় দেখি, মোৰ কি