॥ দ্বিতীয় আধ্যা॥
লখীমপুৰ। তেজপুৰৰপৰা পিতৃদেৱতা লখীমপুৰলৈ বদলি হ'ল; আৰু আমি ছাঁবোৰো লগে লগে লখীমপুৰ পালেহি। আহিয়েই আমি কাৰ ঘৰত উঠিছিলোঁ মনত নাই, কিন্তু দেউতাই দহ-বাৰ দিনৰ ভিতৰতে টোল, ঢাপ, টাটী, চকোৱাৰে সম্পূৰ্ণ কৰি সজোৱা আহল-বহল ন ঘৰলৈ যোৱাটো মনত আছে। আৰু মনত আছে—ন ঘৰৰ লোৱাৰ দিনা হোৱা নাম-প্ৰসঙ্গ, পূজা-সেৱাৰ উৎসৱৰ আহল-বহল উছাহটো।
আমাৰ ঘৰৰ ওচৰতে সিদ্ধেশ্বৰ নামৰ সোণাৰি এজনৰ ঘৰ আছিল। তেওঁ সোণ-ৰূপৰ অলঙ্কাৰ গঢ়া কাম কৰিছিল দেখি সকলোৱে তেওঁক সিধাই সোণাৰি বুলিছিল। যেতিয়াই সুবিধা পাইছিলোঁ, আমি সিধাই সোণাৰিৰ সোণাৰিশাললৈ শুভাগমন কৰি তাত বহি একান্তমনে, তেওঁ কেনেকৈ সোণ ৰূপ মহীত দি ছাগলী ছালৰ ভাতীৰে ফোচ্ ফাচকৈ বতাহ দি গলাই লৈ নমাই চেঁচা পানীৰ চৰুত জুবুৰিয়াই অলপ টান কৰি নিয়াৰিৰ ওপৰত থৈ হাতুৰিবে কোবাই কোনো এবিধ অলঙ্কাৰ বা আন বস্তু গঢ়িছিল, সেইবোৰ অতি মনোযোগেৰে সৈতে নিৰীক্ষণ কৰি কৌতুহল চৰিতাৰ্থ কৰিছিলোঁ। সিধায়ে কেৰু-মণি আৰ খাৰুত কেনেকৈ বাখৰ পতাইছিল, কেনেকৈ মিনা কৰিছিল, ৰঙা, নীলা আৰু কলপতীয়া কাচৰ মণি ভাঙি তাৰ একো টুকুৰা সঁচা বাখৰৰ শাৰীত ধৰিব নোৱাৰাকৈ কেনেকৈ বহুৱাইছিল, ইত্যাদি কাৰ্য আমি উৎসাহ আগ্ৰহেৰে লক্ষ্য কৰি আমোদ পাইছিলোঁ যে অনেক সময়ত উৎসাহৰ সোঁতত মগ্ন হৈ ভাতীত হাত লগাই সোণাৰিক সহায় কৰি নিজক কৃতাৰ্থ মানিছিলোঁ। একো একো দিন মই মাতৃদেৱীক কুটুৰি কুটুৰি খুজি একোটা ডবল পইচা লৈ গৈ তাৰে সোণাৰিৰ হতুৱাই একোটি সৰু, খুৰি-বাটি সজাই লৈছিলোঁ আৰু সেই খুৰিত মোৰ কোমল মনৰ মৰম এখুৰিকৈ ভৰাই আপুৰুগীয়াকৈ সাঁচি থৈছিলোঁ। মনত আছে, এই সোণাৰিৰ হতুৱায়ে দেউতাই আইলৈ ১,২০০ টকা বেচৰ এযোৰ সুন্দৰ বাখৰ পতোৱা খাৰু গঢ়াই লৈছিল। সোণাৰিশালত সেই খাৰু বোধনৰ দিনাৰেপৰা বিসৰ্জনৰ দিনালৈকে তাৰ সকলো অৱস্থা মোৰ সাগ্ৰহ আৰু সকৌতুক নিৰীক্ষণৰ বিষয় হৈছিল। সিধাই সোণাৰিৰ জয়া নামেৰে সোণাৰি-গঢ়ী দীপলিপ্ ছোৱালী এজনী আছিল। মোক কোনে কি দিছিল ক’ব নোৱাৰো, অনেক দিনলৈকে মোৰ মনৰ এচুকত এটা ধাৰণাই ঠাই পাইছিল যে ধুনীয়া ছোৱালীটী সিছায়ে নিজৰ সোণাৰি-শালত গঢ়ি উলিয়াইছিল। জয়া আমাৰ ওমলাৰ লগৰীয়া হৈছিল; কিন্তু সততে নহয়, চকাচমকাকৈহে।
দুৰ্গেশ্বৰ শৰ্মা নামেৰে আমোলা এজনো আমাৰ ওচৰ-চুবুৰীয়া আছিল। তেওঁৰ ঘৰতো আমাৰ সমাগমৰ ছুটী নঘটিছিল; ঘাইকৈ গোৰ্গোৎসৱৰ এমাহ মানৰ আগৰপৰা। দুৰ্গেশ্বৰে খনিকৰৰ বিদ্যা জানিছিল। নিজৰ ঘৰৰ পূজাৰ নিমিত্তে তেওঁ নিজ হাতে প্ৰতিমা সাজিছিল। প্ৰতিমা সাজিবলৈ আৰম্ভ কৰা দিনৰেপৰা তেওঁৰ কাষত আমাৰ সমাগম। কি উৎসাহেৰে মই প্ৰতিমাৰ নিমিত্তে বোকা খচা, জুমুথি বন্ধা আদি কাৰ্যত