পঁয়ত্ৰিশ বছৰীয়া হৈ উপাৰ্জনক্ষম হ’লেহে তেওঁৰ বিয়াৰ চেষ্টা কৰা হৈছিল। কিন্তু কি দুখৰ বিষয় আজিকালি বঙ্গদেশৰ টৌৱে কোবোৱা বাবেই হওক বা অসমীয়া ভদ্ৰ সমাজৰ অৱস্থাৰ কোনো কাৰণত পৰিবৰ্তন ঘটাৰ বাবেই হওক, সেই পুৰণি healthy সুস্থ প্ৰথা কমি আহি তাৰ ঠাই বঙ্গদেশৰ নিচিনা,শহুৰ-শাহুৰ পৰা ধন লৈ কম বয়সত বিয়া কৰোৱা (early marriage) ঘৃণিত প্ৰথাই অধিকাৰ কৰি আহিছে। অসমীয়াৰ ঘৰত বঙালীৰ শাৰীৰ আক্ৰমণৰ উপদ্ৰৱৰ নিচিনা ইও এটা আদিভৌতিক উপদ্ৰৱ মাথোন। আই আসাম! তুমি এই উপদ্ৰৱৰ প্ৰতিৰোধ কৰিব নোৱাৰানে? নিশ্চয় পাৰিবা। এই উপদ্ৰৱ তোমাৰ ক্ষন্তেকীয়া আত্ম-বিস্মৃতিৰ ফল মাথোন।
তেজপুৰতে এঘৰ দুখীয়া ব্ৰাহ্মণৰ ছোৱালী এজনীৰে সৈতে দেউতাই ককাৰ বিয়া পাতে। বিয়াৰ দিনাৰে পৰা ককাৰ পত্নী আমাৰ ঘৰতে থাকি ডাঙৰ-দীঘল হয়। আমাৰ চুটি-মুটি বুঢ়ী আইক পাই আমাৰ মন আনন্দেৰে উপচি পৰিল। বুঢ়ী আয়ো সততে আমাৰ ধেমালিৰ লগীৰয়ানী হ’ল।
⸺