ককাক দেউতাই নাম কাঢ়ি নামাতি মাজুদলৰ বৰুৱা বুলি মাতিছিল। তেওঁলোকৰ ঘৰে ৰজাঘৰৰ পৰা সেই বিষয় পাইছিল। দেউতাৰ গোসাঁই ঘৰৰ মূৰ্তি আৰু শালগ্ৰাম পূজা কৰাৰ বাব ককাৰ গাত আছিল,আৰু আমাৰ নাম-প্ৰসঙ্গৰ অন্তত দেউতাকে প্ৰমুখ্য কৰি আমাক সকলোকে দীঘলীয়া আশীৰ্বাদ কৰিবৰ বাবটোও তেওঁৰ গাত আছিল। ককাৰ আশীৰ্বাদৰ দীঘলীয়া গত আজিলৈকে মোৰ মনত আছে।
ককা পুৱাই সোনকালে শোৱাপাটীৰ পৰা উঠিব নোৱাৰিছিল; অথচ আমাৰ পিতৃদেৱতা early riser, ব্ৰহ্ম মুহুৰ্ততে দেউতাই শয্যা ত্যাগ কৰিছিল। ককাকো বেলিকৈ শুই থকা দেখিলে দেউতা বৰ অসন্তুষ্ট হৈছিল। বেলিকৈ শুই থকা ককাক সেই দেখি দেউতাই ডাবি হুকি দি শোৱাপাটীৰপৰা তোলাটো দেউতাৰ নিত্যকৰ্মৰ দৰে হৈ পৰিছিল। সেই সময়ত ককাৰ প্ৰতি দেউতাৰ সম্বোধনবোৰ আছিল, ‘টোপনি গধুৰ’ ! ‘গা গধুৰ’ ! ইত্যাদি। ককা কিন্তু নিদ্ৰাসুখত অটল স্বভাৱৰ আছিল। তেওঁ ডাবিও খাইছিল, মুখেৰে একাষাৰ কথাও নেমাতিছিল আৰু লগে লগে টোপনিৰ চিকুণ পুৱা এই বিচক্ষণ বচনৰ সাৰ্থকতা সম্পূৰ্ণৰূপে উপলব্ধি কৰি পুৱাৰ নিদ্ৰাসুখ ষোলঅনা উপভোগ কৰিবলৈকো নেৰিছিল। গতিকে দেউতা আৰু ককাৰ ভিতৰত এই প্ৰাত্যহিক প্ৰাতুযুদ্ধটো আমাৰ এটা উপভোগৰ বস্তু হৈ উঠিছিল।
আমি সকলোৱে দেউতাৰ সৈতে একে মজিয়াতে বহি ভাত খোৱা নিয়ম আছিল। আমাৰ ঘৰত ভাত খোৱা মজিয়াখনো সৰু-সুৰা নাছিল,তাত কুৰি পচিশজনে নিৰ্বিবাদে শাৰী পাতি চাৰিওফালে বহি ভাত খাব পাৰে;আৰু সেইদৰে নিতৌ খোৱাও হৈছিল। দেউতা পূবফালে,পশ্চিমমুৱাহৈ বহিছিল। আন খাৱৈয়াসকল উত্তৰে-দক্ষিণে-পশ্চিমে পৰস্পৰ মুখামুখি কৰি বহিছিল। বেৰাৰ ওপৰত থোৱা ডাঙৰ কাঁহীত দেউতাই ভাত খাইছিল আৰু সেই কাঁহীৰ চাৰিওকাষে তিনি চাৰিখন আঞ্জাৰ বাটি আৰু ওচৰতে গাখীৰৰ বান-বাটি সজাই দিয়া হৈছিল। বেৰা-কাঁহীত ভাত খাবলৈ বহিবলৈ খুৰা দিয়া বৰপীৰা,ওচৰত মুখ ধুবলৈ বৰ চৰিয়া আৰু খৰিকা ল’বলৈ খৰিকাদানিত একোছা ভালকৈ কটা খৰিকা থোৱা হৈছিল। বাকীসকলৰ কাহী-বাটি মজিয়াৰ মাটিৰ ওপৰত দিয়া হৈছিল। সভাত সভাপতিৰ যি কাম,মজিয়াৰ সভাত দেউতাৰো প্ৰায় তেনেকুৱাই কাম আছিল। মজিয়াত হোৱা গম্ভীৰ গঢ়ৰ কথা-বাৰ্তাত দেউতাৰ সমালোচনা আৰু শেষ সিদ্ধান্ত এদনীয়া। সেই মজিয়াৰ সভাত আমাৰ ককা ৰবিনাথ বৰুৱা এজন সৰ্ববাদী সন্মত সংবাদদাতা আৰু সুযোগ্য বক্তা। দেউতাৰ অনুপস্থিতিত ওৰে দিনটো ঘৰে-বাহিৰে সংঘটিত কাৰ্য-কলাপবোৰ সংক্ষিপ্ত বা বাহুল্য বিৱৰণ ককাৰ অভিৰুচিমতে ককাই সেই সভাত দেউতাৰ আগত পেচ কৰিছিল। আমিতো ল’ৰাৰ দলে ওৰে দিনটো চট্ফটাই লৰি ঢাপৰিহাঁহি-খিকিন্দালি মাৰি ফুৰোঁৱেই, আৰু দেউতা কাছাৰীলৈ যোৱা ডোখৰ কাল আমাৰ ৰাম-ৰাজ্য, তেতিয়া তাৰ মাত্ৰা স্বভাৱতে চৰেই। ককাই প্ৰায় আমাৰ বাল্য ক্ৰীড়াৰ ৰসভঙ্গ কৰি আমাক হুমিয়ায়, “ৰ,আজি ডাঙৰীয়া আহিলে কৈ দিম।” বালকসুলভ চপলতাৰ বশৱৰ্তী হৈ আমি অনেক সময়ত ককাৰ