পৃষ্ঠা:মূৰলী.djvu/৬১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
--মুৰলী--
 

লই ফুৰিছিল বাট অবাটে ঘূৰাই,
কাক উকা জুয়ে আহি আগচি ধৰিলে,
কোন যখে মানুহৰ দৰে সাজি কাচি
কেনেকৈ ৰাতিটোত দহোটা মৰণা
মাৰি থৈ শুলে পৰি জুহাল কাষত,
তাৰ পাছে খাই বই দোক মোকালিতে
কুকুৰাৰ ডাক শুনি উঠি গুছি গল।

ভূত সাধু শেষ হল, বিছনাত গই
শোৱে সকলোৱে পৰি জুৰ বা লগাই।
হৰ্ম্ম্যাদি শোভিত লোকপূৰ্ণ নগৰীয়ে
আনন্দ অনেক দিয়ে নিশাৰ কালত—
কোনো ঠাইত সভা মেলা নানা উৎসৱ,
কৰবাত মালযুজ হয় নানামত,
উচ্চ ৰাজ-পদধাৰী ভদ্ৰমণ্ডলীয়ো
বিলাস সাজেৰে সাজি নানা পয়োভৰে
মানিনীৰ লগলাগি যোগদান দিয়ে।
তৰ্কত যুক্তিত কিম্বা বীৰত্ব কৰ্ম্মত
জয়লাভ কাৰো যদি হয় সমাজত