এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
—মূৰলী—
পথাৰে সমাৰে গই কত ফুৰিছিল,
মকুৱা সেলেকু আদি কত তুলিছিল,
পদুম মোলান সানি কত উলাহত,
কোনেবা দিছিল তুমি আমাৰ হাতত।
আছেনে মনত?
ৰঙা ৰ’দ গাত লই কোনে ফুৰিছিল,
পখিলাৰ পাচে পাচে কোনে খেদিছিল,
চৰাই পোৱালী পালে টোপ যাচিছিল,
যতনে সজাত ভৰি কোনে ৰাখিছিল।
আছে নে মনত?
দুপৰীয়া হলে আহি ঘৰলৈ ঘূৰি,
গা-মূৰ ধুইছিল নাদুৰি সাঁতুৰি,
একে পাতে একে লগে ৰঙ্গে খাইছিল,
এফেৰিও দুখ যেন মনত নাছিল।
আছে নে মনত?