পৃষ্ঠা:মূৰলী.djvu/১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

—মূৰলী—

 কোন বিশ্বখনিকৰে,
 কিবা তুলি ধৰি কৰে,
আঁকিলে তোমাৰ ৰূপ মনমোহা কই;
 বোধ কৰোঁ নিজানত,
 বহি তেওঁ মনোমত,
সজাই পৰাই দিলে এনেকুৱা কই?

 শুনাহে বিহঙ্গবৰ,
 এনে সুমধুৰ স্বৰ,
কোন বিশ্বখনিকৰ দিলেহে তোমাক;
 পামনে পামনে দেখা,
 আছে নে কি ভাগ্যে লেখা,
দিবনে অমিয়া স্বৰ দিবনে আমাক?

 শুনা মৰমৰ পখি,
 ক’তনো এৰিলা সখি,
কাকনো বিচৰা তুমি ইনাই বিনাই,
 অনাই বনাই ফুৰা,
 গছ গছান্তৰে ঘূৰা,
ক’তেবা তোমাৰ সেই সখিয়াৰ ঠাই?