পৃষ্ঠা:মূৰলী.djvu/১১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
--মুৰলী--
 

সংসাৰৰ জুয়ে পুৰি জুৰুলা জুপুৰা কৰি
 মাৰে দিনে দিনে হায় সংসাৰী জীৱক;
প্ৰতিপলে ভাৱ হয়  কিয় মোৰ জীৱৰয়
 দিনেৰাতি গালি পাৰে “অধৰ্ম্মী যমক”।

তেতিয়াও হৃদয়ত  আশাৰ বেণুটী বাজে
 যদি দেখে সংসাৰৰ সুখৰ চমক;
একোতে নেযায় এৰা আশাৰ মেঠনি মৰা
 সুখে দুখে সদা ভৰা এই সংসাৰক।

কি বুজিবা নৰ তুমি  আশাৰ ই লীলাভূমি
 আশাতেই বন্ধগই পৰিছা মোহত;
ক্ষণিক শান্তিৰ বাবে  আছা সদা নানাভাৱে
 নেজানা ভাহিছা কত সংসাৰ সোঁতত।

১০১