পৃষ্ঠা:মূলা-গাভৰু.pdf/৫৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ৪৬ ] চ। ৰনৰ সঁজুলি বহু অস্ত্ৰ শস্ত্ৰ সহ, অলেখ যবন সেনা নাওয়ে বামে আহিছে উজাই। কৰি নানা অত্যাচাৰ। পাবহি কলিয়াবৰ অলপতে আহি। স্বঃ। বিপদৰ পাচে দেখোঁ আহিছে বিপদ। প্ৰলয়ৰ ঢৌ যেন উঠে বনে ঘনে। আইটনীয়', ছুটীয়া, দফলা, কচাৰি, কাষৰ আববি জাতি কৰিলে বিদ্ৰোহ! উজু হল প্ৰতিকাৰ কৰিবলৈ তাৰ কমগুনে তাঁহাতৰ ৰণ বিদ্যা বুদ্ধি। কিন্তু শুনি পাওঁ পৰাক্ৰমি বুলি অতি মছলমান জাতি ৰণত পৰিগত। যাৰ বীৰ তেজৰ আগত ভাৰতৰ বহু বীৰ জাতি নোৱাৰি তিস্থিব কোনো ৰূপে দিলে এৰি ৰাজ্য যবনক। উপাত্ত নেগাওঁ চিন্তি একো কিৰূপে দমাওঁ শত্ৰু দিগ্বিজয়ী। ৰাখে। নিৰাপদে মোৰ আদৰৰ দেশ। চা। নাই ভয় স্বৰ্গদেও! নেলাগে ভাবিব।