পৃষ্ঠা:মূলা-গাভৰু.pdf/৫৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰথম অঙ্ক। যষ্ঠ পট। ( ৰজাৰ চৰাঘৰ, স্বৰ্গ ন.বাৰণ আসনত বহি আছে। দুৱৰী বৰুৱা, চাও বব গোহাইব প্ৰবেশ।) চা। স্বৰ্গ দেও! এইমাত্ৰ চোৰাংচোৱা আহি দিলেহি ৰণৰ মোক সঠিক বাতৰি। লাগে শোক কবলৈ! জিকিল যবন! শুনি বুকু বিদৰে! আহোমৰ পৰাজয়! ৰাতি দিন বহু দিন চলিছিল বণ। হানি হল বহু সেনা উভয় পক্ষৰ। বুঢ়া গোহাঁই খুনলুং হানি হল পাচে যুদ্ধ কৰি বহুক্ষণ যবন সহিত! ৰণৰ গৰাকী জন নেদেখি লগত ভাগিল মনৰ বেগ আহোম সেনাৰ। বিস্তৰ যবন সেনা এনে সুযোগত আক্ৰমণ কৰিলেহি তুৰ্ব্বকৰ সৈতে! বিবুদ্ধিত একো উপায় নেদেখি ভাগিল দিহাদিহি আহোমৰ সেন। স্বঃ। বিষম বাতৰি ইটো বজ্ৰাঘাত সম! ওচৰত কি ঘটিল পাঁচে তাৰ! কিশুনিলা কোৱ॥