পৃষ্ঠা:মূলা-গাভৰু.pdf/৫৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[89] চু। ( ( আতৰি গৈ) ময়ো কৈছোঁ—কিন্তু!—দেখিবা! তুমি মোক যেনে লাজ দিছাঁ— যেনে মনত কষ্ট দিছাঁ! তুমিও তেনে লাজ আৰু কষ্ট পাবা! বুজিছোঁ মই! কাক বিয়া কৰিবলৈ মন কৰিছাঁ। বাৰু যোৱঁ।! দেখা যাব, কৰ পানী কলৈ যায়। ( জয়ন্তী কান্দি কান্দি ওলাই যায় ) ( লিগিৰ| প্ৰবেশ। ) এইখন লি। গোহাঁই দেও! মোৰ কথা শুনক। বেহ৷ এৰি পেলক! কিনো আমাৰ ছোৱালীৰ মেকালে খাইছে। হুকুম দিয়ক। এতিয়াই অমুকাই কেইজনী লাগে একেবাৰে জোৰণ পিন্ধাই থৈ আহে৷ গৈ। এই জন। ডিমাপুৰীয়া ৰজাৰ জীয়াৰী আপোনাত কৈ একাঠি চৰা! আপুনি তেওঁৰ জোৰ নহয়। চু। মনে মনে থাক! হেৰ! হাৰামৰ নেগুৰ। তই দেখোন লুকাই থাকি কথা এটাই বোৰ শুনিলি হবলা! তোৰ পিঠিত চমটা লগাই এতিয়াই ঘৰৰ পৰা বাজ কৰি দিম, নেজাননে! তোৰ কামত মন নাই। বন কৰিবলৈ ক'লে নানা ভাঙতি জোৰ। চুৰুৰ্নী কুকুৰৰ দৰে কথা শুঙ্গি হলে ফুৰিব পৰ। মৰিয়াই হাৰ ভাঙ্গিম। নেজাননে! (চুক্লেং ওলাই যায় )