পৃষ্ঠা:মূলা-গাভৰু.pdf/৩৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ২৫ ] শিকি জ্ঞান লাভ কৰি মতা মাইকী একে লগহৈ কাম কৰিলে সমাজৰ উন্নতি যিমান সোনকালে হব মতাই অকলে সিমান কৰিব নোৱাৰে। জ। বাৰু সেইবোৰ পাচ কথা। বাজ ভগনৰ কথা এৰি আমি বাছলিয়ে কলথোৱাৰ কথ৷ পালোঁহি। তুমি প্ৰথমে প্ৰস্তাব কৰা কথাটোৰ দেখোন একো মীমাংসা নহল। মূ। মই প্ৰস্তাব কৰিয়ে থৈছোঁ। তই নাম এটা গাব লাগে। প। প্ৰস্তাবটে৷ মই সাদৰৰে ডাঙ্গি ধৰিছোঁ। জ। মই অতি আগ্ৰহৰে সমৰ্থন কৰিছোঁ। কিন্তু আচল প্ৰস্তাবটে৷ অলপ লৰ হব লাগিব। মই অকলৈ নেগাওঁ। তোমালোকেও লগত ধৰিব লাগিব। প৷ বাৰু ধৰিম। তুমি লগাই দিয়া। ( সকলোৱে গায়।) গীত। নেলাগে সখি নিপিন্ধো ফুল নেলাগে মোক ধুন। নৌপিয়া পলায়, উৰি উৰি মৌ খায়, ভোমোৰাই ভাগ নেপালে একন, নেলাগে সখি।