পৃষ্ঠা:মূলা-গাভৰু.pdf/৩২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ২১ ] মু। এবা! তোব ঠোৰ কথা শুনিবলৈ পাইছোঁ। জ। নহয় মাহীদেও! ললিতা সখীয়ে বঙ্গ,শঙ্কিত বহু চাবলৈ মাতি নিছিল! মু। কি কি বঙ্গ, দেখিলিনো। আমাকো শুনিবলৈ দেচো। জ। কৰবাত হেনৌ ৰণ লাগিব! তালৈকে আমাৰ ফৌজৰ মানুহ বিলাকক ৰণ বিদ্যা শিকাইছে। ন-কৈ অহা কনচেং কোঁৱৰেও তাতে ঢাল তৰোৱালৰ খেল শিকিছে। মূ। অ! ভালেহে! পাচে তৰোৱাল খেলত ভোলগৈ আমালৈ নেপাহবিবি আকৌ। জ। তোমাক নো কেতিয়া পাহৰিছো! নিজৰ আই বোপাইৰ অবিহনে তোমাকে আপোন ভাবি আছো দেখোন। মু। এৰা! আই বোপাইক পাহৰ৷ কালত ভৰি দিছহি গুণে হে কৈছোঁ। জ। কিবা তুমি লেটিয়াই লেটিয়াই কথাবোৰ ক’বলৈ ধৰিছা হে! মু। বাৰু সেইবোৰ কথা এৰিলোঁ। জন কেনেকুৱা, কঠোঁ। আমাৰ মানুহৰ নিচিনা। জ। কেলৈ হব নগাৰ নিচিনা। নকৈ অহা কোঁৱৰ নিচিলানে—নগাৰ তুমি ভাল কথা