পৃষ্ঠা:মুখামুখি.pdf/৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

মুখামুখি

 কলমটো বন্ধ কৰি টি-ভিটো অন কৰি দিলো।

 “এগৰাকী অসমীয়া লেখিকা হিচাপে আপুনি নিজক লৈ গৌৰৱ কৰেনে?”

 বিশিষ্ট লেখিকা গৰাকীৰ প্ৰতি বৰগোহাঞিদেৱৰ পোনপটিয়া প্ৰশ্ন।

 তেওঁৰ উত্তৰটো আৰম্ভ হওঁতেই স্ক্ৰীনত জিলিকি উঠিল বৰগোহাঞিদেৱ আৰু বিশিষ্ট লেখিকা গৰাকীৰ এক নাটকীয় পজৰ ক্ল’জআপ ফ’টো।

 “মুখামুখি”। চাওঁক সন্ধিয়া ৮-৩০ ত।

 পিছ মুহূৰ্ততে আৰম্ভ হ’ল বাণিজ্যিক বিৰতি। স্বল্প-বস্ত্ৰা যুৱতী কেই গৰাকীমানে সাগৰৰ বালিত হেণ্ডবল খেলিছে। কোনোবা সুগন্ধীৰ বিজ্ঞাপন! থিকেই, Passport.

 তাৰ পিছতেই আহিল গভীৰ আলিঙ্গনাবদ্ধ এহাল পুৰুষ-মহিলা। Musly Power Extra নামৰ পুৰুষত্ব বৰ্ধক ঔষধ এবিধৰ বিজ্ঞাপন।

 থিক লগেলগেই আহিল Prega News নামৰ গৰ্ভ-নিৰ্ধাৰক আহিলা এবিধৰ বিজ্ঞাপন। তাৰ পিছতেই আহিল দ্ৰয়িং ৰূম এটাত কেইগৰাকীমান মহিলাৰ ৰসাল বাৰ্তালাপ। সেইয়া আছিল আক’ গৰ্ভনিৰোধক আহিলা এবিধৰ বিজ্ঞাপন! তাৰ পিছত আহিল ৰাহুল গ্ৰুপ অৱ ইণ্ডাষ্ট্ৰীজ,ৰ’জ ভেলী ফাইনেন্স্‌।

 এক ব্ৰেকিং নিউজ !

 ম’বাইল প্ৰেমৰ পৰিণতি। বিবাহিত যুৱকৰ প্ৰতাৰণা। প্ৰতাৰণাৰ বলি এগৰাকী ষোড়শী গাভৰু। থানাত গোচৰ ৰুজু। সবিশেষ সন্ধিয়া ৭ ত।

 কি যে ব্ৰেকিং নিউজ !

 আজিকালিতো এইবোৰ অতি সাধাৰণ কথা। বহুতৰে জীৱনত ঘটে এইবোৰ ঘটনা। তাকে কোনোবাই কৈ দিয়ে আৰু কোনোবাই নকয়। ঢাকি ঢুকি থৈ দিয়ে। নিজৰ সন্মানটো বচায়। নিজৰ লেতেৰা কাপোৰনো কোনোবাই ৰাজহুৱাকৈ ধোৱেনে?

॥১॥