পৃষ্ঠা:মুখামুখি.pdf/৫৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

স্থাপন কৰিছিল এই নগৰীৰ মূল ভেটি। পিছত হেনো লিচ্চবী বংশৰ ৰজাসকলে এইনগৰীৰ শোভা বৰ্ধনৰ আঁচনি হাতত লয়। মধ্যযুগত মাল্লা ৰজাসকলৰ বিলাসী হাতৰ পৰশ পাই এই নগৰীয়ে পূৰ্ণ বিকশিত ৰূপ পায়। এই ৰূপ কি পৰ্য্যায় পাইছিলগৈ তাৰ স্পষ্ট চিত্ৰখন মোৰ চকুৰ আগত থিয় হৈ আছে আৰু মই হাঃ কৰি চাই আছো।

 বুৰঞ্জীয়ে আকৌ কয় বোলে সম্ৰাট অশোকে তেওঁৰ জীয়ৰী চাৰুমতী (পিছলৈ সংঘমিত্ৰা?)ক লগত লৈ এদিন উপস্থিত হৈছিলগৈ এই নগৰীত। তেওঁৱেই নিৰ্মাণ কৰাইছিল ইয়াৰ বৌদ্ধ-স্তুপ সমূহ। সৰ্বমুঠ পাঁচটা। চাৰিটা স্থাপন কৰিলে নগৰৰ সীমনাত, এটা কেন্দ্ৰ অঞ্চলত। বৌদ্ধ সকলৰ ধৰ্মচক্ৰৰ আৰ্হিত নিৰ্মাণ কৰা এই স্তুপসমূহ আজিও অশোকস্তুপ বুলিয়েই বিখ্যাত হৈ আছে।

 পাতন দৰবাৰেই হৈছে এইনগৰীৰ আকৰ্ষণৰ মুখ্য কেন্দ্ৰ। ১৯৭৯ চনতে এই নগৰীক ইউনেস্কই বিশ্ব ঐতিহ্যৰ স্বীকৃতি দি থৈছে। ১৯৫৬ চনতে প্ৰণয়ন কৰা “মনুমেন্ট প্ৰিজাৰভেশন এক্ট” অনুসৰি সংৰক্ষিত এলেকাৰ অন্তৰ্ভূক্ত হৈছে এই দৰবাৰ। এই দৰবাৰ হৈছে চাৰি মহলীয়া। শিল আৰু কাঠেৰে নিৰ্মিত ই এক সু-দৃশ্য ভৱন। ইয়াত আছে মুঠ তিনিখন ডাঙৰ ডাঙৰ চোতাল। এখন হৈছে মূল-চ’ক। আনখন হৈছে সুন্দৰী-চ’ক। আৰু আনখন হৈছে কেশৱ নাৰায়ণ চ’ক। কাষতে থকা কৃষ্ণ-মন্দিৰ, ভীমসেন-মন্দিৰ আৰু স্বৰ্ণমন্দিৰৰ কাৰুকাৰ্যই যিকোনো পৰিব্ৰাজকৰে দৃষ্টি কাঢ়ি নিয়ে।

 সোণালী দুৱাৰ আৰু খিৰিকিৰে সজ্জিত পাতন মিউজিয়ামত এবাৰ সোমালে ওলাই আহিবলৈ মন নাযায়। মিউজিয়ামৰ পিছফালে থকা বাগিচাখনে মন-প্ৰাণ হৰি নিয়ে। কি কি যে ফুল ! কি কি যে গছ !

 অসুবিধা সেই একেটাই। সময়ৰ নাটনি।

 “আহক আহক, হাঃ কৰি কি চাই আছে ?”

 এৰা। হাঃ কৰি কি চাই আছো বাৰু! বিশ্বনাথ মন্দিৰৰ কাৰুকাৰ্য্য? নে এটা প্ৰকাণ্ড শিলৰ খুটাৰ ওপৰত প্ৰতিষ্ঠা কৰা গড়ুৰৰ পিতলৰ মূৰ্ত্তিটো? ক’ব নোৱাৰো। অথচ চায়েই আছো, ইফালে-সিফালে। কি কাৰবাৰ !

 ডেৰ ঘণ্টামান নহ'লেই নেকি, আকৌ টেক্সীত উঠিলো।

 এইবাৰ চিধা ‘ভীমসেন-টাৱাৰ।’

॥ ৪৯ ॥