“আশী ৰূপীয়া?”
“জী হুজুৰ, আশী, আই-চি হ’তু পঞ্চাশ।”
“ক্যা আই-চি, এন-চি লগা ৰখে হ’?”
ছেত্ৰীয়ে ইঙ্গিত দিলে। কথা আগ নাবাঢ়িল। আই-চি পঞ্চাশ টকা দি লৰালৰিকৈ আতৰি আহিলো।
“বাটিকা হোটেল”ৰ দিশে আগবাঢ়িলো।
ডাবল বেডৰ ৰূম এটা ল'লো। এটাচ্চ্ টয়লেট।
“কিত্ না লাগেগা?”
আকৌ আই-চি, এন-চিৰ কাৰবাৰ। এন-চি আঠশ আশী, আই-চি পাঁচশ পঞ্চাশ।
খোৱা-বোৱা?
তাতে হ’ব।
ভেজ নে নন-ভেজ?
দুয়োটাই হ’ব। ছেত্ৰীয়ে মাংস নাখায়। গতিকে ভেজ। মই খাওঁ। গতিকে নন-ভেজ। মুৰ্গীৰ মাংস। তাত হেনো মাছ নাই। চাৰা নেপালতে হেনো মাছৰ কাৰবাৰ নাই। সঁচা? আচৰিত।
ৰূমত বেগ ৰাখি বাহিৰলৈ ওলাই আহিলো।
ৰাস্তাৰ মানুহবোৰ লক্ষ্য কৰিলো।
হিন্দী, নেপালী, বাঙালী আদি এশ-এটা ভাষাৰ মাত কথা উফৰি আহি কাণত পৰিলহি।
দোকান-পোহাৰবোৰলৈ চালো।
চাইন-বৰ্ডবোৰ নেপালীত লিখা।
আনকি গাড়ী-মটৰবোৰৰ নাম্বাৰ প্লেটসমূহো নেপালীত।
হাঃ কি কাৰবাৰ!
“নেপালখন বৃটিছৰ অধীনলৈ অহা নাছিল নহয়। গতিকে ইয়াত ইংৰাজী নাই। সৱ নেপালী।”
“কিন্তু টুৰিষ্টবোৰৰ কি হয়? আৰু ইহঁতৰ আন্তজাতিক সম্পৰ্ক?”
“নহয় নহয়, ইংৰাজী শিক্ষাৰ ব্যৱস্থা আছে। নেপালী মানুহৰ সমান ৱৰ্লড্ টুৰ কৰা মানুহ দুনিয়াত নাই। গতিকে অকল ইংৰাজীয়েই নহয়, বিশ্বৰ
॥৩৭॥