পৃষ্ঠা:মুখামুখি.pdf/৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হেঃ.......”

 হ’ব পাৰে।

 হ’ব পাৰে নহয়, হ’য়েই যেনিবা। তথাপি ঘৰ–বাৰী নবনাবই নে মানুহে।

 নগৰে-চহৰে, গাৱেঁ-ভূঞে কিমান ঘৰ, কিমান বিল্ডিং! কোনোতো বহি থকা নাই। ধাম্‌ধুম ঘৰ বনোৱাত লাগিয়েই আছে। মহলৰ ওপৰত মহল উঠাইছে, দালানৰ পিছত দালান!

 “বনাব। কিয় নবনাব? কিন্তু মই কৈছো কি, কামটো সহজ নহয়। বহুত সমস্যা। মানে তোমাৰ কিছুমান মেটেৰিয়েলচ্‌কলৈ সমস্যা। মিস্ত্ৰীক লৈ সমস্যা। বতৰ-পানীৰ কথাও আছে। আৰু হাজাৰটা সমস্যা মোকাবিলা কৰাৰ পিছত দেখিবা কামটো তোমাৰ মনঃপুত হোৱা নাই। ক'ৰবাত চুক-কোণ নিমিলিব। ক’ৰবাত ওৱালখনতে ফাঁট এটা মেলিব। ক'ৰবাত দেখিবা খিৰিকি এখনৰ হুক এটা নাখায়, বন্ধ কৰিব নোৱাৰি। আৰু ক’ৰবাত দেখিবা....”

 “কেলেই বৰুৱাছাৰ, মোৰ কি হ’ল জানেনে নাই? টায়েলচ্‌বোৰ নোখোৱা হৈছিল নহয়। কিবা বোলে দুই-তিনি ইঞ্চিৰ গেপ ওলাল। ইফালে আগৰ মিস্ত্ৰীকতো কেতিয়াবাই বিদায় দিলো। ক’ত পাওঁ এতিয়া তাক! পিছে পোৱা হ'লে কথা বেয়া হ'লহেঁতেন। আপোনাক কি কৈছো, মোৰ মানে ইমানেই খং উঠিছিল......”

 গগৈছাৰৰ অংশ গ্ৰহণে আলোচনাটোক এটা নতুন মাত্ৰা প্ৰদান কৰিলে। ওঠৰশ স্কোয়াৰ ফুটৰ বিল্ডীং সজোৱা মানুহ তেওঁ। তেওঁৰ কথাৰ ওজন যথেষ্টই আছে।

 “মোৰ কি হ’ল শুনক......”
 এইবাৰ চকীখন ঘূৰাই লৈ মুখামুখি হৈ ল'লে শইকীয়া ছাৰে।

 “ভাৱিলো প্লাষ্টিক পেইন্ট মৰাওঁ। ক’ৰ পুটিন লাগে, ৰং লাগে, আনিও দিলো। চাবি যাতে কাম ভাল হয়। পুৰা ত্ৰিশ হাজাৰ টকাৰ ঠিকা। পিছে হ’ল কি আপোনাৰ, ওৱালৰ তলৰ ফালৰ পৰা ৰংবোৰ এৰাই গ'ল। ৰঙৰ মিস্ত্ৰীক ধৰিলো। সি কয় কি, বোলে বেৰৰ তলত টাই-বীম নথকা বাবে ওৱালে পানী টানিছে। সেই বাবেহে ৰং এৰাইছে। দেখিছেনে বাৰু? টাই-বীম নিদিয়াৰ বাবে যাওক এতিয়া আগৰ পকা মিস্ত্ৰীক বিচাৰি। এতিয়া কি কাম হ'ব আৰু? লোকচান বুইছে, সাংঘাতিক লোকচান.....”

॥ ২৬ ॥