থৈ গ'ল। এতিয়া মই কি কৰোঁ ...”।
লগে লগে প্ৰতিবাদমুখৰ হৈ উঠিব মহিলা সমাজ। উত্তেজিত হৈ উঠিব ৰাইজ। ব্ৰেকিং নিউজ পৰিৱেশন কৰিবলৈ আহিব নিউজ চ্যেনেলবোৰ। সমগ্ৰ দৃশ্য হ’ব কেমেৰাত বন্দী। আৰু প্ৰতাৰক (!) যুৱকজনক ধৰি আনি বিহিত ব্যৱস্থা ল’বলৈ আহিব আৰক্ষীৰ লোক। বঢ়িয়া ব্যৱস্থা!
এনেকৈয়ে চলি থাকিব সমাজ।
এনেকৈয়ে চলি থাকিব নিউজ চ্যেনেলবোৰ।
তাৰ মাজে মাজে চলি থাকিব প্ৰেম-পৰ্ববোৰ। বৈধ, অবৈধ ভাগে ভাগে। কাৰণ নাৰী যে ৰহস্যময়ী,নাৰী যে হাস্যময়ী, নাৰী যে লাস্যময়ী,নাৰী যে.....। নাৰীৰ প্ৰেমক প্ৰতিহত কৰাৰ শক্তি হেনো স্বয়ং ভগৱানৰো নাই। সৃষ্টি, ধ্বংস উভয়ৰ মূলতেই হ’ল নাৰী। নাৰী অ-প্ৰতিৰোধ্য!
তথাপিও, ব্ৰেকিং নিউজৰ আইটেম হয় নাৰী। লাঞ্চিতা,বঞ্চিতা, ধৰ্ষিতা, নিষ্পেষিতা হয় অনেক শ্ৰেণীৰ দুৰ্ভগীয়া নাৰী। তেতিয়া ক'ত হেৰায় তোমাৰ ষষ্ঠ ইন্দ্ৰীয়? ক'ত হেৰায় তোমাৰ মেচিওৰিটি?
কিন্তু কোনে সুধিব? কোনে জেৰা কৰিব?
বঞ্চিতা, লাঞ্চিতা, ধৰ্ষিতা, নিৰ্য্য়াতিতাই উচুপিব, কান্দিব, সৰসৰকৈ চকুলো বোৱাব। দহ ৰাইজে চিঞৰিব,“ছোৱালীজনীক প্ৰেছাৰ নিদিবা। তাইক মেণ্টেল টৰ্চাৰ নকৰিবা”।
কৰা এতিয়া কি কৰা!
পঢ়া টেবুলৰ পৰা উঠি অহা ছোৱালীজনীকে দম এটা দিলো, “উঠি আহিলি যে? কি হ’ল? যা পঢ়গৈ”।
তাই যেনিবা দৌৰ মাৰিলে। এতিয়া এওঁ গলেই ৰক্ষা। নাই, নগ’ল।
অগত্যা মই নিজেই উঠিলো।
পঢ়া কোঠা পালোগৈ। আধালিখা গল্পটোকে উলিয়াই ল’লো।
“তুমি সুখী হোৱা”।
বেকাৰ প্ৰেমিকে, ঘৰৰ পৰা বন্দৱস্ত কৰা দৰাৰ লগত বিবাহ-পাশত আবদ্ধ হ'বলৈ আগবঢ়া প্ৰেমিকাক শেষ বিদায়ৰ ক্ষণত কোৱা এটা অতি সাধাৰণ
ডায়েলগ। প্ৰেমিকাৰ চকুলো নিগৰে ধাৰাসাৰ। চকুপানীয়ে মে'কআপ নষ্ট কৰাৰ