দুৱাৰ মুখত বাট চাই থকা পাপুক গাড়ীলৈ যাবলৈ ক’লে আৰু নিজেও খৰ খোজেৰে গৈ গাড়ীত উঠিল গৈ।
“বৰ্তা নাযায়নি?” -ৰাজেশৰ স্বাভাৱিক প্ৰশ্ন।
“পিতাশ্ৰীৰ হেনো গা-টো বৰ ভাল লগা নাই। আমিও সোনকালেই উভতি আহিম দিয়া।”
গাড়ী আগবাঢ়িল।
লক্ষ্যস্থান দেৱেন্দ্ৰ নগৰ। পাপুৰ শহুৰেকৰ ঘৰ।
উদ্দেশ্য, এটা জন্মদিনৰ উৎসৱত অংশ গ্ৰহণ।
সুন্দৰ মিহি ৰাস্তা, নতুন গাড়ী, মনত উদ্যম।
গাড়ী আগবাঢ়িছে কোঁ-কোঁৱাই।
ৰাজেশে চকু ৰাখি গৈছে সমুখলৈ। পৰিণীতা কিন্তু গুম হৈ বহি গৈছে। তাইৰ মনৰ মাজত লাহে লাহে সঞ্চাৰ হ’বলৈ ধৰিলে এক ভয়, এক সন্দেহ, এক উৎকণ্ঠা। কি হ'ব পাৰে বাৰু পিতাশ্ৰীৰ?
ইমান পৰিস্কাৰ, বগলী-পাখি যেন ঢক্ঢকীয়া কাপোৰখিনিতো তেও দেখিছে দাগ। দাগ! সেই চাফা কাপোৰখিনিও ধুবলৈ লৈ গৈছে। এতিয়া চাগে তেওঁ কাপোৰখিনি ঘঁহি ঘঁহি ধুই আছে। দাগবোৰ চাগে যোৱাৰ নাম নাই। আৰে, দাগ থাকিলেহে যাব। নাথাকিলে ক’ৰ পৰা যাব? কিন্তু তেওঁতো নুবুজে। তেওঁ চাগে ভয়াৰ্ত হৈছে। ভগৱানৰ নাম লৈছে। মা-দুৰ্গাৰ নাম লৈছে। হয়তো কাৰোবাক উদ্দেশ্যি গালিও পাৰিছে। হয়তো কান্দিছে। হয়তো......।
হঠাৎ তাইৰ মনলৈ আহিল লেডী মেকবেথে বাৰে বাৰে হাত ধুই থকা দৃশ্যটো। আৰবৰ সমগ্ৰ আঁতৰেও সুগন্ধী কৰিব নোৱাৰা সেই হাত দুখন!
পৰিণীতাৰ এনে লাগিল “পিতাশ্ৰী”য়েও বাৰু ভোৰভোৰাই আছে নেকি, “ভাৰতৰ সমস্ত চাৰ্ফ-চাবোনেও পৰিস্কাৰ কৰিব নোৱাৰা মোৰ এই কাপোৰবোৰ।”
কি হ'ব পাৰে বাৰু তেওঁৰ?
অতীতৰ কিবা?
নাই নাই, তেনেকুৱা নহয়। অন্যতো বাদেই, আঠুৱাৰ ভিতৰত সোমোৱা মহ এটাও নামাৰে তেওঁ। কাৰো অন্যায় নকৰে। ধৰ্ম-কৰ্মতে লাগি থাকে। মঠ-মন্দিৰৰতো কথাই নাই, সেন্দুৰ অকণ সানি থোৱা শিল এটা দেখিলেও তিনিবাৰ
॥ ১২১॥